Sarbananda Sonuwal

দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Mising Autonomous Council
Mising Autonomous Council

Ankit Motors Gogamukh

 

১/ বিগত বৰ্ষত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ‘প্রধানমন্ত্রী বিশ্বকর্মা’ আঁচনিৰ শুভাৰম্ভ কৰে।
এই আঁচনিয়ে হাত আৰু সঁজুলিৰে কাম কৰা ১৮টা ব্যৱসায়ৰ থলুৱা শিল্পী তথা ব্যক্তিসকলক সহায় আগবঢায়।
এই আঁচনিৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে আজি প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰত এক অনুষ্ঠানত অংশ লয় আৰু হিতাধিকাৰীসকলৰ বাবে প্ৰমাণ পত্ৰ আৰু ঋণ মুকলি কৰি দিয়ে।
এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি নগাঁও পলিটেকনিকত আয়োজিত এক অনুষ্ঠানত
উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী, আৰু বহু গণ্য মান্য ব্যক্তি।

২/ ধেমাজিত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷
চিচিবৰগাঁৱৰ টকৌবাৰীত বিজেপিৰ সদস্যভৰ্তি অভিযান৷
ৰাইজৰ সৈতে মত বিনিময় কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।

আনহাতে, লখিমপুৰত
কেইবাটাও কাৰ্যসূচীৰে উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী৷
থেকেৰাগুৰিৰ চাউলধোৱাত কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।

৩/ BTRত আৰু নতুনকৈ ১৫০০ শিক্ষকক দিয়া হ’ব নিযুক্তি।
চিৰাঙত এই ঘোষণা কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

৪/ অহা ৩-৪ দিনত ৰাজ্যত অধিক বৃদ্ধি পাব গ্ৰীষ্মপ্ৰৱাহ৷
আগন্তুক ২-৩ দিনলৈ ৰাজ্যত নাই বৰষুণৰ সম্ভাৱনা৷
বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰিছে এই তথ্য৷

৫/ ২২ ছেপ্টেম্বৰত ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব অসম অলিম্পিক সন্থাৰ বহু চৰ্চিত নিৰ্বাচন।
নিৰ্বাচন সন্দৰ্ভত দিছপুৰ প্ৰেছ ক্লাবত ক্ৰীড়া সাংবাদিক কল্যাণ সংস্থাৰ সংবাদমেল আয়োজন কৰে।

৬/ অসম ৰাজ্যিক অনুসূচিত জাতি উন্নয়ন নিগমৰ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ।
হাতে হাতে প্লেকাৰ্ড, বিভাগে বিতৰণ কৰা সামগ্ৰী লৈ প্ৰতিবাদ “অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ”ৰ।
টিভি আৰু পাকঘৰৰ সামগ্ৰীৰ বিতৰণৰ নামত অনিয়মৰ অভিযোগ সংগঠনটোৰ।

৭/ কামৰূপ মেট্ৰ’ৰ শিক্ষা প্ৰতিষ্ঠান, ডিব্ৰুগড়ৰ শিক্ষা প্ৰতিষ্ঠানলৈ বিশেষ নিৰ্দেশনা শিক্ষা বিভাগৰ।
গ্ৰীষ্মপ্ৰবাহৰ বাবে ২১ ছেপ্টেম্বৰৰ পৰা পুৱা ৭.৩০ বজাৰ পৰা পাঠদানৰ আৰম্ভ কৰাৰ নিৰ্দেশ।
সকলো চৰকাৰী, ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানলৈ এই নিৰ্দেশনা।
শিক্ষানুষ্ঠানৰ প্ৰাতঃসভা শ্ৰেণীকোঠাত সম্পন্ন কৰাৰ নিৰ্দেশ।
শিক্ষাৰ্থীসকলে ৱেষ্টকোট বা টাই পৰিধানত নিষেধাজ্ঞা।
শিক্ষাৰ্থীসকলে সুবিধা হিচাপে জোতাৰ পৰিৱৰ্তে পিন্ধিব পাৰিব ছেণ্ডেল।
শ্ৰেণীকোঠাত থাকিব লাগিব ফেনৰ লগতে অন্যান্য সুবিধা।
লোডশ্বেডিং হ’লে থাকিব লাগিব পাৱাৰ বেকআপৰ সুবিধা।

আনহাতে, বজালী জিলাতো বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি।
গ্ৰীষ্ম প্ৰবাহৰ বাবে প্ৰাথমিক বিদ্যালয়ত ৭ বজাৰ পৰা ১১ বজালৈ, মধ্য প্ৰাথমিক বিদ্যালয়ত ৭ বজাৰ পৰা ১১:৩০ বজালৈ, উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যলয়ত ৭ বজাৰ পৰা ১২ বজালৈ পাঠদানৰ নিৰ্দেশ শিক্ষা বিভাগৰ।
সকলো চৰকাৰী, ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানলৈ এই নিৰ্দেশনা।

৮/ সোণাপুৰৰ কচুতলীৰ উচ্ছেদ সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।
ম্যাদী পট্টাৰ ভূমিত চৰকাৰে বন্ধ ৰাখিব লাগিব উচ্ছেদ।
জিলা আয়ুক্তক ম্যাদী পট্টাৰ নথি পৰীক্ষাৰ নিৰ্দেশ আদালতৰ।
ট্ৰাইবেল ব্লেল্ট গঠন নোহোৱাৰ আগতে থকা লোকক কৰিব নোৱাৰিব উচ্ছেদ।

৯/ সোণাৰিত বিজেপি নেতাৰ চৰম পন্থা৷
ৰজাপুখুৰী পঞ্চায়তৰ সভাপতি দেৱজিৎ হাজৰিকাৰ চৰম সিদ্ধান্ত৷
পঞ্চায়তৰ কামত দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই এই সিদ্ধান্ত৷

১০/ ধেমাজিত ৰাইজৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী৷
মিচিং স্বায়ত্ত পৰিষদত অনা-মিচিং গাঁও অন্তৰ্ভুক্তিৰ বিৰোধিতা৷
সদ্য প্ৰকাশিত খচৰাত বহুকেইখন অনা-মিচিং গাঁও অন্তৰ্ভুক্তি৷
অনা-মিচিং সুৰক্ষা সমিতি, আটাছুৰ উদ্যোগত গণ সত্যাগ্ৰহ৷

১১/ চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰি গ্ৰেপ্তাৰ প্ৰৱঞ্চক৷
ডিব্ৰুগড় আৰক্ষীৰ জালত প্ৰৱঞ্চক লোহিত দাস নামৰ এজন৷
চৰকাৰী চাকৰি দিয়াৰ নামত সংগ্ৰহ কৰিছিল ৭ কোটি টকা৷
জিলা আয়ুক্তৰ চহী জালিয়াতিও কৰিছিল লোহিত দাসে৷

১২/ চন্দ্ৰপুৰৰ পশ্চিম মায়ঙত বিশাল প্ৰতিবাদ৷
পশ্চিম মায়ঙৰ ১২খন গাঁও কৰ্তনৰ সিদ্ধান্তৰ বিৰোধিতাৰে প্ৰতিবাদ৷
সমষ্টি পুনৰ্নিৰ্ধাৰণত গাঁওকেইখন কামৰূপ(মঃ)ৰ পৰিৱৰ্তে অন্তৰ্ভুক্ত হ’ব মৰিগাঁও জিলাত৷
গাঁওকেইখন পূৰ্বে অন্তৰ্ভুক্ত হৈ আছিল চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ অধীনত৷
কোনো আলোচনা নকৰাকৈ হঠাৎ এই সিদ্ধান্ত লোৱাৰ বিৰোধিতা ৰাইজৰ৷

১৩/ মৰিগাঁও জিলা পৰিষদৰ তদানীন্তন গাণনিক বিষয়াক নৱকৃষ্ণ মহন্তক নিলম্বন৷
বৰ্তমানৰ যোৰহাট জিলা পৰিষদৰ গাণনিক বিষয়া মহন্ত৷
নৱকৃষ্ণ মহন্তৰ বিৰুদ্ধে ৩৬ লাখ টকাৰ বিত্তীয় কেলেংকাৰিৰ অভিযোগ৷
পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত সচিব জয় শিৱানীৰ নিৰ্দেশত নিলম্বন৷

১৪/ ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত বিশাল ফুকনক পুনৰ ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়।

১৫/ ৰাজ্যত দ্ৰুত গতিৰে চলিছে বিজেপিত সদস্য ভৰ্তি অভিযান।
মহানগৰীৰ বৰাগাঁৱত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত শতাধিক লোকে যোগদান কৰে বিজেপিত।

আনহাতে, ফাঁচী বজাৰত বিজেপিৰ শুক্ৰেশ্বৰ মণ্ডলৰ সদস্যতা ভৰ্তি অভিযান।
পল্লৱলোচন দাসৰ নেতৃত্বত অনুষ্ঠিত হয় এই অভিযান ।

১৬/ গোৱালপাৰাৰ লক্ষীপুৰ বন বিভাগৰ বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত অহা ২৪ আৰু ২৫ ছেপ্টেম্বৰত উচ্ছেদ চলিব।

১৭/ জিংকি মিলি উপস্থিত ডিব্রুগড় সদৰ থানাত।
প্রবঞ্চক চুমি বৰাৰ বৌৱেক জিংকি মিলি।
কিছুদিন পূৰ্বে জিংকি মিলিয়ে লাভ কৰিছিল অন্তৰ্ৱৰ্তীকালীন জামিন।
জিংকি মিলিৰ জামিন লাভক লৈ সৃষ্টি হৈছিল বিতৰ্কৰ।

১৮/ বজাৰত মুকলি হ’ল APPLE iPHONE 16 PRO ৷
আজিৰে পৰা ভাৰতত আৰম্ভ হৈছে iPHONE 16ৰ বিক্ৰী৷
মুকলিৰ পাছতে পছন্দৰ মোবাইলটো ল’বলৈ হেতা-ওপৰা গ্ৰাহকৰ৷

১৯/ কামৰূপৰ আমিনগাঁৱত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ৷
মিজোৰামৰ পৰা সৰবৰাহ কৰা ৪ কোটি টকাৰ ড্ৰাগছ জব্দ কৰে STF এ৷
কেম্পাইৰ পৰা বৰপেটালৈ সৰবৰাহ কৰিছিল ড্ৰাগছ৷
এখন ট্ৰাকত কৌশলেৰে লুকুৱাই আনিছিল ড্ৰাগছখিনি৷
কামৰূপৰ ASP কল্যাণ পাঠকৰ নেতৃত্বত চলিছিল অভিযান৷
মফিজ উদ্দিন, লালচান বাদছা নামৰ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

২০/ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল অসমৰ বিজ্ঞানী ফৈজুদ্দিন আহমেদ।
বিশ্ব শীৰ্ষ বিজ্ঞানীৰ তালিকাত স্থান পালে ধুবুৰীৰৰ ফৈজুদ্দিনে।
ষ্টেনফোৰ্ড বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা ২০২৪ৰ বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত স্থান লাভ কৰে।

Ankit Motors Gogamukh

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *