দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।
১/ কাইলৈৰ পৰা ২৭ ছেপ্টেম্বৰলৈ গুৱাহাটী মহানগৰীৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা।
কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ অনুমোদন ভিত্তিত এই নিৰ্দেশনা স্কুল শিক্ষা বিভাগৰ।
প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহৰ বাবে এই নিৰ্দেশনা।
ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব এই নিৰ্দেশনা।
২/ দিল্লীৰ নতুন মুখ্যমন্ত্ৰীৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে আতিশী মাৰ্লেনাই।
কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ আহি আৱেগিক হৈ পৰে আতিশী মাৰ্লেনা।
কাৰ্যভাৰ গ্ৰহণ কৰি এক বিৰল দৃষ্টান্ত দাঙি ধৰিলে মাৰ্লেনাই।
পূৰ্বৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ চকীত নবহিলে আতিশী মাৰ্লেনাই।
কেজৰিৱালৰ চকীখনৰ কাষতে আন এখন চকীত বহে মাৰ্লেনাই।
৩/ বৰ্তমানৰ পৰা শিশু পৰ্ণগ্ৰাফী চোৱা আৰু ডাউনলোড কৰাটো গণ্য কৰা হ’ব অপৰাধৰূপে।
তেনে ব্যক্তিৰ বিৰুদ্ধে POCSO আইনৰ অধীনত ৰুজু হ’ব গোচৰ।
উচ্চতম ন্যায়ালয়ে সদৰী কৰে এই ঐতিহাসিক ৰায়।
৪/ নিউয়ৰ্কত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
প্ৰবাসী ভাৰতীয়ক সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে।
৫/ অস্কাৰ-২০২৫ৰ বাবে বাছনি কিৰণ ৰাওৰ ‘লাপাটা লেডিজ’।
ভাৰতীয় চলচ্চিত্ৰ ফেডাৰেচনৰ দ্বাৰা শ্ৰেষ্ঠ বিদেশী চলচ্চিত্ৰ শ্ৰেণীৰ বাবে বাছনি ছবিখন।
৬/ নতুন দিল্লীৰ যন্তৰ মন্তৰত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী।
জনজাতিকৰণৰ দাবীত ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই সাব্যস্ত কৰে প্ৰতিবাদ।
দিল্লীৰ পৰাই কেন্দ্ৰ-ৰাজ্য চৰকাৰক হুংকাৰ ঐক্য মঞ্চৰ।
৭/ দেৰগাঁও আৰক্ষীৰ জালত পৰে প্ৰৱঞ্চক ভাস্কৰ বৰুৱা।
কলকাতাৰ পৰা গ্ৰেপ্তাৰ কৰে ট্ৰেডিং প্ৰৱঞ্চকটোক।
কলকাতা আৰক্ষীৰ সহযোগত প্ৰৱঞ্চকটোক গ্ৰেপ্তাৰ কৰে দেৰগাঁও আৰক্ষীয়ে।
৮/ গোৱালপাৰা জিলাত বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি।
গ্ৰীষ্ম প্ৰবাহৰ বাবে প্ৰাথমিক বিদ্যালয়ত ৭.৩০ বজাৰ পৰা ১২ বজালৈ, মধ্য প্ৰাথমিক বিদ্যালয়ত ৭.৩০ বজাৰ পৰা ১২:৩০ বজালৈ, উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যলয়ত ৭.৩০ বজাৰ পৰা ১ বজালৈ পাঠদানৰ নিৰ্দেশ শিক্ষা বিভাগৰ।
৯/ বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ বাসগৃহত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা৷
শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী যোগেন মহনে৷
শীঘ্ৰেই পলাতক দুই অভিযুক্তক গ্ৰেপ্তাৰৰ আশ্বাস প্ৰদান কৰে৷
বৰ্তমান পলাতক সাংবাদিক ৰফিক আহমেদ, RTI কৰ্মী দুলাল বৰা৷
১০/ গুৱাহাটীত ডেংগুৰ প্ৰাদুৰ্ভাৱ।
GMCয়ে চিহ্নিত কৰে মহানগৰখনৰ ৪ টা অঞ্চল।
ভাস্কৰ নগৰ, দ্বাৰকা নগৰ, শ্ৰীমন্তপুৰ, ৰূপনগৰ বিশেষভাৱে প্ৰভাৱিত।
তৎকালীনভাৱে ডেংগুক প্ৰতিহত কৰিবৰ বাবে গুৱাহাটীৰ কেইবাটাও অঞ্চলত GMC য়ে কৰে ফগিংৰ ব্যৱস্থা।
৮ টা টিম, ৮ খন ফগিং গাড়ী, পৰ্টেবল মেচিন লৈ কৰিব ফগিং।
এই কথা সদৰি কৰে GMC জ্যেষ্ঠ চিকিৎসক প্ৰীতম দাসে।
১১/ ডুমডুমাৰ বাঘজান গাঁও পঞ্চায়ত বাহাল ৰখাৰ দাবীত প্ৰতিবাদ।
তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ।
বাঘজান পঞ্চায়ত নিঃশেষ কার্যৰ বিৰুদ্ধে সৰৱ দল-সংগঠন, স্থানীয় ৰাইজ।
একেটা কোড নম্বৰত অন্য এখন পঞ্চায়ত কৰিব বিচৰাত ক্ষোভ প্ৰকাশ প্ৰতিবাদকাৰীৰ।
১২/ মাটিয়া উন্নয়ন খণ্ড বাহাল ৰখাৰ দাবীৰে স্থানীয় ৰাইজৰ প্ৰতিবাদী সমদল।
ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে স্মাৰক-পত্ৰ প্ৰেৰণ কৰে মুখ্যমন্ত্ৰীলৈ।
সমষ্টি পুনৰ্নিৰ্ধাৰণত উন্নয়ন খণ্ডটোৰ বিলোপ কৰাত প্ৰতিবাদ।
নতুনকৈ উন্নয়ন খণ্ডটোৰ নাম শ্ৰীসূৰ্যগিৰি কৰাত অসন্তুষ্ট ৰাইজ।
১৩/ দৰঙৰ পদুম পুখুৰী হাইস্কুলত ভয়ংকৰ ঘটনা।
পাঠদান চলি থাকোঁতেই মৃত্যু হয় নৱম শ্ৰেণীৰ ছাত্ৰৰ।
মৃত ছাত্ৰ জনৰ নাম ভৱেশ ডেকা।
১৪/ ভাৰতীয় চলচ্চিত্ৰ জগতত সৰ্বাধিক প্ৰভাৱশালী তাৰকা হিচাপে অভিলেখ চিৰঞ্জীৱীৰ।
গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ নাম অন্তৰ্ভুক্ত দক্ষিণৰ ছুপাৰষ্টাৰগৰাকীৰ।
৫৩৭টা গান আৰু ২৪ হাজাৰ নৃত্য ভংগীমাৰ বাবে বিশেষ বঁটা লাভ কৰে চিৰঞ্জীৱীয়ে।
১৫/ গুজৰাটৰ ৰিয়া সিংঘাৰ শিৰত মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৪ খিতাপ।
ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত হয় প্ৰতিয়োগিতা।
মিছ ইউনিভাৰ্ছ-২০২৪ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব ৰিয়া সিংঘাই।
১৬/ তেজপুৰত প্ৰচণ্ড গৰমত মৃত্যু হয় এজনৰ৷
মৃত ব্যক্তি গৰাকী গৰৈমাৰীৰ চলাগাঁৱৰ অনুপ কোচ।
জনঅনুপ কোচ আছিল বায়ু সেনা ঘাটিৰ অস্থায়ী কৰ্মচাৰী৷
১৭/ পুনৰ শংকৰজ্যোতি বৰুৱাৰ অন্তৰ্ৱৰ্তীকালীন জামিন মঞ্জুৰ।
গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে অন্তৰ্ৱৰ্তীকালীন জামিন।
১৮/ গোসাঁইগাঁৱত ডাইনী সন্দেহত বৃদ্ধাক হত্যা।
চিৰুঘুটু-বালিমাৰী গাঁৱত সংঘটিত হয় এই ঘটনা।
ডাইনী সন্দেহত বাগৰে হেমব্ৰমক হত্যা কৰে গণেশ হেমব্ৰমে।
১৯/ মাৰ্ঘেৰিটাৰ বুঢ়ীদিহিং নৈত অঘটন।
নৈত গা ধুবলৈ গৈ সন্ধানহীন দুটি কিশোৰ।
মাৰ্ঘেৰিটাৰ ৰদডুবা গাঁৱত সংঘটিত হয় এই ঘটনা।
গা ধুই থাকোঁতে নৈৰ কোবাল সোঁতে উটুৱাই নিয়ে দুই কিশোৰক।
২০/ ‘একাংশ পৰ্টেলে ব্লেকমেইলিং, সাংবাদিকতাৰ নীতি-নিয়ম নমনাৰ দৰে কাম কৰিছে।
পৰ্টেল সমূহ নিয়ন্ত্ৰণ কৰিব চৰকাৰে।’
পৰ্টেলক লৈ বিশেষ মন্তব্য কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই।
Sangita Dutta Editor in Chief Rnewsindia24.com