২/ অসমত নিযুক্তি পৰীক্ষা নিকা আৰু স্বচ্ছ কৰাৰ বাবে ৩টা নতুন সিদ্ধান্ত ঘোষণা কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
অহা ২৭ তাৰিখৰ পৰা নিযুক্তি পৰীক্ষাৰ OMR SHEETৰ প্ৰতিলিপি সংগ্ৰহ কৰিব পাৰিব ছেবাৰ কাৰ্যালয়ৰ পৰা।
আনহাতে, ২৮ তাৰিখৰ পৰা লাভ কৰিব ANSWER KEYও।
৩/ পৰ্বতঝোৰাত উপস্থিত ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্য।
বগৰিবাৰীস্থিত মা মহামায়া দেৱালয়ত পূজা-অৰ্চনা কৰে ৰাজ্যপালগৰাকীয়ে।
৪/ আজি বিশ্ব গঁড় দিৱস।
বোকাখাতত গঁড় দিৱস উপলক্ষে সজাগতা ৰেলী।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত এই কাৰ্যসূচী।
বিয়লি কহঁৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হয় সজাগতা সভা।
আনহাতে, বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানতো পালন কৰে বিশ্ব গঁড় দিৱস।
দিৱসৰ লগত সংগতি ৰাখি
মানাহ কৰ্তৃপক্ষ, WWF, আৰণ্যক, জীপ চাফাৰী সন্থা,
WTI, বন বিভাগৰ উদ্যোগত উলিওৱা হয় চাইকেল ৰেলী।
৫/ অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক পদত পুনৰবাৰ লক্ষ্য কোঁৱৰ।
ডিব্ৰুগড়ত অনুষ্ঠিত হয় নতুন কমিটীৰ বাবে নিৰ্বাচন।
বিনা প্ৰতিদ্বন্দ্বিতাৰে সভাপতি হিচাপে নিৰ্বাচিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।