দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।
১/ দিল্লীত ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (NMC)ৰ ৪ৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান।
অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডা আৰু বহু গণ্য মান্য ব্যক্তি।
২/ কাইলৈ আছু নেতৃত্বৰে বৈঠকত মিলিত হ’ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
অসম চুক্তিৰ ৬নং দফা ৰূপায়নৰ বাবে বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদন কাৰ্যকৰী কৰা সন্দৰ্ভত মিলিত হ’ব আলোচনাত।
৩/ শীঘ্ৰে বৃদ্ধি পাব মন্ত্ৰী-বিধায়কৰ দৰমহা।
অন্তৰ্ৱৰ্তীকালীন প্ৰতিবেদন দাখিল বিধানসভাৰ দৰমহা কমিটীৰ।
৩০ অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ প্ৰতিবেদন দাখিল কৰিব কমিটীয়ে৷
৪/ চতিয়া সমষ্টিত উপস্থিত সাংসদ দিলীপ শইকীয়া।
কন্যকা কৃষিপাম পৰিদৰ্শন কৰে সাংসদ গৰাকীয়ে।
৫/ তিতাবৰত ৪গৰাকী অনাথ শিশুৰ কাষত উপস্থিত মন্ত্ৰী পীযূষ হাজৰিকা৷
ভৱিষ্যতৰ শিক্ষাৰ বাবে ৭ লাখ টকাৰ ফিক্স ডিপ’জিটৰ ব্যৱস্থা মন্ত্ৰীজনৰ৷
শিশুকেইটাক মাহিলি উপাৰ্জনৰ ব্যৱস্থা কৰি দিছিল পীযূষ হাজৰিকাই৷
পিতৃ-মাতৃৰ বিয়োগৰ পাছত অমানিশা নামি আহিছিল কুসুম বাগানৰ এই পৰিয়ালটিলৈ৷
৬/ অসম গণ পৰিষদৰ আমবাৰী কাৰ্যালয়ত বৰ্ধিত কাৰ্যনিৰ্বাহক সভা।
উপস্থিত থাকে দলৰ সভাপতি অতুল বৰা।
সভাত আগন্তুক প্ৰতিষ্ঠা দিৱস আৰু উপ-নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হয়।
৭/ দিছপুৰ প্ৰেছ ক্লাৱত আঞ্চলিক মৰ্চাৰ সংবাদমেল।
সংবাদমেলত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ ।
৮/ ভাৰতত ২০২৩ বৰ্ষত প্ৰায় ১৫,৪৩৬গৰাকী লোকে জীৱিত অৱস্থাত অংগদান কৰিছে।
পুৰুষৰ তুলনাত মহিলা অংগদাতাৰ সংখ্যা অধিক।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ৯,৭৮৪গৰাকী মহিলা আৰু ৫,৬৫১জন পুৰুষে দান কৰিছে অংগ।
৯/ অসমৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত DGP জি পি সিঙক সাক্ষাৎ কৰে মুছলিম ছাত্ৰ সন্থাই।
DGPক সাক্ষাৎ কৰি স্মাৰক পত্ৰ দিয়ে মুছলিম ছাত্ৰ সন্থাৰ সভাপতি আশ্বিক ৰাব্বানীৰ নেতৃত্বত এটা প্ৰতিনিধিৰ দলে।
১০/ স্বগৃহলৈ অনা হ’ল পদুমপুখুৰী হাইস্কুলৰ ছাত্ৰ ভৱেশ ডেকাৰ মৃতদেহ।
ভৱেশ ডেকাক হত্যা কৰা ছাত্ৰ জনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
উপায়ুক্তৰ নিৰ্দেশত ঘটনাৰ তদন্ত কৰে বিদ্যালয় পৰিদৰ্শকে।
১১/ হিজবুল্লাহৰ ওপৰত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ৷
আক্ৰমণৰ ফলত দক্ষিণ লেবাননত ৪৯২গৰাকী লোক নিহত হয় ৷
বিপৰীতে ১০২৪গৰাকী লোক আহত হোৱাৰ তথ্য৷
৩০ছেপ্টেম্বৰলৈকে ‘স্পেচিয়েল হোম ফ্ৰণ্ট চিটুৱেশ্যন’ ঘোষণা সমগ্ৰ ইজৰাইলত৷
ইয়াৰ ভিতৰৰ অধিক সংখ্যকেই শিশু, মহিলা আৰু চিকিৎসক৷
১২/ মুড্ডা ভূমি কেলেংকাৰিৰ গোচৰত আদালতত মুখথেকেচা ছিদ্দাৰামায়াৰ৷
কৰ্ণাটক উচ্চ ন্যায়ালয়ে খাৰিজ কৰে ছিদ্দাৰামায়াৰ আবেদন৷
বিবাদিত ভূমিৰ ৩.১৪ একৰ ভূমি আছে ছিদ্দাৰামায়াৰ পত্নীৰ নামত৷
ছিদ্দাৰামায়াৰ পত্নী পাৰ্বতীৰ নামত আছে ৩.১৪ একৰ ভূমি৷
১৩/ ভাৰত-বাংলা সীমান্তত ৩টা বাংলাদেশীক কৰায়ত্ত BSFৰ৷
সীমান্তৰে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰোঁতে কৰায়ত্ত কৰে তিনিজনক৷
বাংলাদেশী ৩জন আনোৱাৰ হুছেইন, নাছৰিন শ্বেখ আৰু বাবলি শ্বেখ৷
আৰক্ষীৰ সহযোগত বাংলাদেশীলৈ ঘূৰাই পঠিওৱা হ’ল ৩ বাংলাদেশীক৷
১৪/ গোৱালপাৰাৰ লক্ষীপুৰত বন বিভাগৰ উচ্ছেদ অভিযান।
লক্ষীপুৰৰ বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ।
উচ্ছেদস্থলীত উপস্থিত থাকে আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ বৃহৎ দল।
বেদখলমুক্ত কৰা হ’ব বনাঞ্চলখনৰ প্ৰায় ৫৫ হেক্টৰ বনভূমি।
১৫/ দিছপুৰ সচিবালয়তে প্ৰৱঞ্চক চক্ৰৰ বৃহৎ জাল।
খলনায়কৰ ৰূপত বিজেপি নেতা অসীম দাস।
ক্ৰাইম ব্ৰান্সে গ্ৰেপ্তাৰ কৰে অসীম দাস আৰু ক্ষুদ্ৰ সঞ্চয় সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰচাৰ বিষয়া বিৰিঞ্চি বৰকটকী।
ভুৱা ৱৰ্ক অৰ্ডাৰ উলিয়াই দুয়োৱে লুণ্ঠন কৰিছিল কোটি কোটি টকা।
১৬/ কাইলৈৰ পৰা পুনৰ খুলিব গুৱাহাটী মহানগৰীৰ শিক্ষানুষ্ঠান।
প্ৰচণ্ড গৰমৰ বাবে ২৭ ছেপ্টেম্বৰলৈ বন্ধ ঘোষণা কৰিছিল গুৱাহাটী মহানগৰীৰ সকলো শিক্ষানুষ্ঠান ।
১৭/ সোণাপুৰৰ কচুতলীত পুনৰ প্ৰশাসনৰ উচ্ছেদ।
মুঠ ৭০৮ বিঘা ভূমিৰ ৯৪৪টা গৃহলৈ উচ্ছেদৰ জাননী।
আজি ১২৭টা বাসগৃহত প্ৰশাসনে উচ্ছেদ চলাই।
১৮/ ব্রহ্মপুত্রত আবদ্ধ কমলাবাৰী ঘাটৰ পৰা নিমাতী ঘাট অভিমুখী ফেৰী।
এছ বি বৈষ্ণৱী নামৰ ফেৰীখন আবদ্ধ হৈ থাকে ব্রহ্মপুত্রত।
ফেৰীখনত আছে ৪০ গৰাকী যাত্রীসহ দুচকীয়া বাহন।
১৯/ দৰঙৰ ছিপাঝাৰত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ।
স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীৰে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সমদল।
আছু, KMSS, গৰিয়া জাতীয় পৰিষদ, ই-ৰিক্সাচালক সন্থাৰ প্ৰতিবাদ।
চৰকাৰ বিৰোধী ধ্বনি দি সাব্যস্ত কৰিলে প্ৰতিবাদ।
২০/ লাখ লাখ ছাত্ৰ–ছাত্ৰীক নতুনকৈ চাইকেল দিব চৰকাৰে।
কেবিনেট বৈঠকৰ অন্তত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ ঘোষণা।
Sangita Dutta Editor in Chief Rnewsindia24.com