দুৰ্গা পূজা আৰু কিছু কথা।
দুর্গাপূজাৰ বিষয়ে কি লিখিম? লিখিবলৈ বহুত আছে যদিওঁ আজি ভাষা বিচাৰি পোৱা নাই তথাপিও সংক্ষিপ্ত আকাৰত দুআষাৰ লিখিবলৈ প্ৰয়াস কৰিছোঁ। আচলতে এই ধৰণৰ লিখনিৰ এটা পজিটিভ চাইট আছে যিটো মনত আহে সেইটো খোলাখুলিকৈ লিখিব পৰা যায়। সেই বুলি মই আনৰ ধৰ্মৰ কলংকিত কথাবোৰ খুঁচৰিবলৈ নাযাওঁ। প্ৰকৃততে মই যি কথাষাৰ ক’ব খুজিছোঁ…..!
সৰুকালত পূজাৰ বতৰ বৰ মজা লাগিছিল, মানে যেতিয়াৰ পৰা ‘পূজা কি আৰু কিয় কৰা হয় প্রভৃতি জানিছিলো’। পুৱাৰ ভাগত মহালয়া চোৱাৰ ইমান এটা সুযোগ নহৈছিল। মাজত দুই তিনিটা বছৰ দেখিছোঁ যেন মনত পৰে। তেতিয়াৰ পৰাই মা দুৰ্গাৰ এনেকুৱা তেজস্বী গঠনপ্ৰণালী, সুন্দৰ সাজসজ্জা, চুলি মেলি নাচ, অসুৰক বধ আৰু অলৰেডি দেৱতাসকলে দূর্গাক এটা এটাকৈ অস্ত্র দি সজাই তোলাৰ প্ৰতিচ্ছবি, পূজা মণ্ডপৰ পৰা মাইক যোগে ভাহি অহা দূৰ্গা শ্লোক, যেন কেনেকুৱা এটা অন্যধৰণৰ জগতত প্ৰৱেশ কৰিছিলো।
প্ৰসংগক্ৰমে, সমাজৰ পৰা অসূয়া, অমঙ্গল, অপ্ৰীতি, অত্যাচাৰ, ব্যাভিচাৰ, সামাজিক বৈষম্য, হিংসা, ঘৃণা, ইৰ্ষা, শত্ৰুতা আৰু অসহিষ্ণুতাৰ পৰিবেশ নাইকিয়া কৰি সত্য, সমতা, ন্যায়, সমন্বয়-সম্প্ৰীতি আৰু শান্তি প্ৰতিষ্ঠাৰ উদ্দেশ্যে দুৰ্গা দেৱীৰ উৎপত্তি হৈছিল।
উল্লেখ্য যে দেৱী দুর্গা (সংস্কৃতঃ दुर्गा; অর্থাৎ “তেওঁ দুর্গতি বা সংকটৰ পৰা ৰক্ষা কৰে”; অন্যত্ৰ, “যি দেৱীয়ে দুর্গম নামক অসুৰক বধ কৰিছিল”)। তেওঁ হৈছে এগৰাকী হিন্দু দেবী আৰু জনপ্রিয় দেৱী। হিন্দুসকলে তেওঁক মহাশক্তিৰ এটি উগ্র ৰূপ বুলি ভাৱে। তেওঁৰ বিভিন্ন নামসমূহৰ ভিতৰত অন্যতম নাম কেইটা যেনে’, চণ্ডিকা, যোগমায়া, অম্বিকা, বৈষ্ণবী, মহিষাসুৰসংহাৰিণী, নাৰায়নী, মহামায়া, কাত্যায়নী ইত্যাদি। মা দুর্গাৰ কেবাখনো হাত আছে। তেওঁৰ অষ্টাদশভূজা, ষোড়শভূজা, দশভূজা, অষ্টভূজা তথা চতুর্ভূজা মূর্তি দেখা যায়। পিছে দশভূজা ৰূপটোৱেই বেছি জনপ্রিয়। তেখেতৰ বাহন সিংহ (কাৰো মতে বাঘ)। মহিষাসুৰমর্দিনী-মূর্তিত তেখেতক মহিষাসুক নামৰ এক অসুৰক বধকৰ্তা অৱস্থাত দেখা যায়।
প্ৰণিধানযোগ্য যে, আৰু মাত্ৰ কেইটামান দিন পাছতেই আৰম্ভ হ’ব বঙালীসকলৰ প্রাণৰ উৎসৱ দুর্গাপূজা। দুর্গাপূজা মানেই সার্বজনীন উৎসব। দেৱী দুর্গা সকলোৰে মাজত মাতৃৰূপত বিৰাজ কৰে, তেওঁ সকলোৰে মা আৰু মা নিজ সন্তানৰ সুৰক্ষাদায়িনী, সকলো অপশক্তি বিনাশিনী, মুক্তিদায়িনী, আনন্দময়ী ইত্যাদি। মাৰ দৃষ্টিত সকলো সন্তানেই সমান। প্ৰতিজন সন্তানৰ বাবে মা অনন্য, অতুলনীয়। সেয়ে মা দুর্গা সর্বজনৰ মা। সেহেতু দুর্গাপূজা সার্বজনীন।
পিছে আজিকালি অতি ধৰ্মান্ধ সকলে দুৰ্গা দেৱীৰ পদাংক বা আদৰ্শ অনুসৰণ কৰে নে? একাংশই দুৰ্গা দেৱীক মানে আৰু তেওঁৰ পূজাও কৰে কিন্তু পৰিতাপৰ বিষয়টো হৈছে দেৱী দুৰ্গাই দেখোৱাই যোৱা পথটোহে অনুসৰণ নকৰে।
এচামে আজি দুৰ্গা দেৱীৰ পূজা কৰিব, কাইলৈ আকৌ অসুৰী প্ৰবৃত্তিত আকোঁৱালি ল’ব। এয়াই হৈছে সাম্প্ৰতিক সময়ৰ অতি ধৰ্মান্ধ মানুহৰ মন-মানসিকতা বা ধৰ্ম পৰায়ণতা। আশা কৰোঁ এইবেলি দুৰ্গা পূজাত জগতজননী মা দুৰ্গাক নিজৰ মাতৃ জ্ঞান কৰা সকলে এই সংকীৰ্ণতা পৰিহাৰ কৰি দেৱী দুৰ্গাক সৰ্বজনৰ মা হ’বলৈ দিব।
শেষত ধৰাৰ বুকুলৈ দেৱী দুৰ্গাৰ আগমনৰ প্ৰাকমুহূৰ্তত ভগৱন্তৰ ওচৰত এটাই প্ৰাথৰ্নাঃ সমাজৰ পৰা সকলো ধৰণৰ কুটিলতা, মলিনতা, অসূয়া-অমঙ্গল, বুলডোজাৰ বিভিষীকা, জাত-পাতৰ ভেদভাৱ, মিঞাক লৈ পাশা খেল তথা সাম্প্ৰদায়িকতাবাদ আদি দূৰ হওঁক আৰু মানৱ সমাজত বিশ্বাস, একতা, শান্তি আৰু প্ৰগতিৰ নিজৰা প্ৰবাহিত হওঁক।
জাগীৰোডৰ পৰা জুলহাছ আলী আহমেদৰ প্ৰতিবেদন Rnewsindia24.com