Kapé MAC
১/ ৬/১০/২০২৪ তাৰিখে ধেমাজি মহাবিদ্যালয়ত ধেমাজি সমষ্টিৰ মুখ্যমন্ত্ৰীৰ নিযুত মইনা আচঁনিৰ আৰ্থিক অনুদান প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰে।
অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।
উক্ত আচঁনি অনুসৰি প্ৰথম বৰ্ষৰ মুঠ ১,৫৮,০৯৩ গৰাকী ছাত্ৰীৰ ভিতৰত ধেমাজি সমষ্টিৰ ২১৭৫ গৰাকী ছাত্ৰী অন্তৰ্ভুক্ত হয়।
অন্তৰ্ভূক্ত হোৱা প্ৰতিগৰাকী ছাত্ৰীক আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰে মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীয়ে।
২/ ৩/১০/২০২৪ তাৰিখে ধেমাজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত মিচিং স্বায়ত্বশাসিত পৰিষদৰ সমষ্টিৰ সীমাত অন্তৰ্ভূক্ত আৰু বৰ্হিভূত কৰিব লগা গাওঁ সম্পৰ্কে এখনি বিশেষ সভা অনুষ্ঠিত কৰে।
সভাত উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, অধ্যক্ষ সুনীল কুমাৰ পেগু, কাৰ্য্যবাহী সদস্য জহান দলে, প্ৰধান সচিব যাদৱ পেগু, সাধাৰণ সদস্য বানীকান্ত দলে, প্ৰতাপ টায়ে।
৩/ ৬/১০/২০২৪ তাৰিখে নিশা ৯ বজাত মিচিং স্বায়ত্বশাসিত পৰিষদৰ সভাকক্ষত মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ অধ্যক্ষত পৰিষদৰ ৮১ সংখ্যক কাৰ্যনিৰ্বাহক পৰিষদৰ বৈঠক অনুষ্ঠিত কৰে।
বৈঠকত উপস্থিত থাকে অধ্যক্ষ সুনীল কুমাৰ পেগু, পৰিষদৰ সমূহ কাৰ্য্যবাহী সদস্য সদস্যা।
৪/ ২ অক্টোবৰ তাৰিখে গান্ধী জয়ন্তী উপলক্ষ্যে ‘স্বচ্ছ ভাৰত দিৱস’ৰ লগত সংগতি ৰাখি গোগামুখ উন্নয়ন সমিতিৰ উদ্যোগত গোগামুখ মহাবিদ্যালয়, সোৱণশিৰি আৰু এন চি ডি মহাবিদ্যালয়ৰ NSS unit, TMPK, ASSU, AJYPCP,
গণশক্তি, BJP, MAC, DAC ৰ সহযোগত গোগামুখ চাৰিআলিত চাফাই অভিযান কাৰ্যসূচী ৰূপায়ন কৰে।
উল্লেখ্য যে, জিলা প্ৰশাসনৰ অনুৰোধ মৰ্মে মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত, গোগামুখ উন্নয়ন সমিতিৰ সহযোগত, ধেমাজি জিলা আৰক্ষী বিষয়া, গোগামুখ ৰাজহ চক্ৰ বিষয়া আৰু বিভিন্ন সংগঠনৰ বিষয়ববীয়াৰ উপস্থিতিত ট্ৰেফিক পইণ্টত CC কেমেৰা স্থাপন কৰাৰ স্থান নিৰ্বাচন কৰা হয়।
ইয়াৰ উপৰিও গোগামুখ উন্নয়ন সমিতিৰ উদ্যোগত গোগামুখ চহৰৰ স্বচ্ছ পৰিৱেশ ৰক্ষা কৰিবৰ বাবে ডাষ্টবিন স্থাপন কৰে।
উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, ধেমাজিৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, গোগামুখ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অনামিকা গগৈ, পৰিষদৰ কৰ্মচাৰী সকল, গোগামুখ উন্নয়ন সমিতি বিষয়ববীয়া, বিভিন্ন দ’ল সংগঠনৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।
Sangita Dutta Editor in Chief Rnewsindia24.com