Ratan Naval Tata

ভাৰত গৌৰৱ শ্ৰেষ্ঠতম ব্যৱসায় সম্ৰাট তথা দানবীৰ ৰতন টাটাৰ চমু জীৱনযাত্ৰা।

Spread the love
Mising Autonomous Council
Mising Autonomous Council

Ankit Motors Gogamukh

Ratan Naval Tata

ভাৰতবৰ্ষৰ অমৃত সন্তান, প্ৰবীণ, দূৰদৰ্শী, প্ৰখ্যাত উদ্যােগপতি ৰতন টাটাৰ জন্ম হৈছিল ১৯৩৭ চনৰ ২৮ ডিচেম্বৰ তাৰিখে দেশৰ ভিতৰতে আটাইতকৈ ধনী মুম্বাইৰ এটা পাৰ্চী পৰিয়ালত।

ৰতন টাটাৰ ককাক আছিল টাটা গ্ৰুপৰ প্ৰতিষ্ঠাপক জামছেদজী টাটা।

ৰতন টাটাৰ সোণোৱালী শৈশৱৰ ৰূপোৱালী সময় তথা
ভাগৰিও নাভাগৰা আৰু পাহৰিও পাহৰিব নোৱাৰা সেই সময়বোৰ বৰ বেছি সুখৰ নাছিল।
এটা ভগ্ন পৰিয়ালত তেওঁ ডাঙৰ-দীঘল হ’ব লগা হৈছিল।
১৯৪০ চনৰ মাজভাগতে তেওঁৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ ঘটে।
তেতিয়া ৰতন টাটাৰ বয়স আছিল মাত্ৰ ৭ বছৰ আৰু ভায়েক জিমীৰ বয়স আছিল ৫ বছৰ।
আইতাক লেডী নাৱালবাঈৰ লগত থাকিয়েই শৈশৱ পাৰ কৰিছিল।

ৰতন টাটা কেৱল ঔদ্যোগিক বা ব্যৱসায়িক খণ্ডতে নহয় বিভিন্ন সামাজিক ও সেৱামূলক কাৰ্যৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল।
সমাজৰ প্ৰতি দায়ৱদ্ধ এগৰাকী উচ্চ আশা-আকাংক্ষা, সহানুভূতি, মানৱীয়তা আৰু সমাজহিতৈষী চিন্তাধাৰাৰে পৰিপূৰ্ণ এগৰাকী সু-ব্যক্তি।

কৰ্কট ৰোগ বা কেঞ্চাৰৰ চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়োৱা কেঞ্চাৰ কেয়াৰ প্ৰতিষ্ঠানৰ মুৰব্বী তথা দেশৰ অৰ্থনীতিক সবল কৰা এগৰাকী আগশাৰীৰ উদ্যোগপতি আছিল ৰতন টাটা দেৱ।

তেওঁৰ সৈতে কথোপকথন তথা সান্নিধ্য পালে কম সময়ৰ ভিতৰত বহু জ্ঞান লাভ কৰি এক প্ৰাপ্তিৰ অনুভৱ কৰে বহু ব্যক্তিয়ে।
এক কথাত কবলৈ গ’লে ৰতন টাটা এক প্ৰেৰণাময় ব্যক্তিসত্তা।

ৰতন টাটাই শিক্ষাজীৱনৰ পাতনি মেলিছিল মুম্বাইৰ কেম্পিয়ন বিদ্যালয়ত।
আৰু কেথেড্ৰ’ল এণ্ডজন ক’ন’ন বিদ্যালয়ত শিক্ষা সাং কৰে।
১৯৬২ চনত কৰ্ণেল বিশ্ববিদ্যালয়ৰপৰা তেওঁ ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰিঙসহ আৰ্কিটেকচাৰত স্নাতক ডিগ্ৰী লাভ কৰিছিল।
ইয়াৰ পিছত ১৯৭৫ চনত হাৰ্ৱাৰ্ড বিশ্ববিদ্যালয়ৰপৰা ‘এডভাঞ্চড মেনেজমেণ্ট প্ৰগ্ৰাম’ পাঠ্যক্ৰম সমাপ্ত কৰিছিল।

ৰতন টাটাই ১৯৮১ চনত তেওঁ টাটা উদ্যোগৰ “ডাইৰেক্টৰ” হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল।
১৯৯১ চনৰ পৰা ২০১২ চনলৈ টাটা গ্ৰুপৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৰতন টাটাই।
পৰৱৰ্তী সময়ত ২০১৬ চনৰ পৰা ২০১৭ চনৰ ফেব্ৰুৱাৰীলৈ অন্তৰ্ৱৰ্তীকালীন অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ।

তেওঁ ভাৰত আৰু বিদেশৰ সংস্থাসমূহত বিভিন্ন পদবীত সেৱা আগবঢ়াই আহিছে।
টাটা প্ৰধানমন্ত্ৰীৰ ‘বাণিজ্য আৰু উদ্যোগ পৰিষদ’ আৰু ‘ৰাষ্ট্ৰীয় উৎপাদন প্ৰতিযোগিতা পৰিষদ’ৰ সদস্য আছিল।
তদুপৰি তেওঁ প্ৰিট্জকাৰ আৰ্কিটেকচাৰ প্ৰাইজৰ জুৰী পেনেলত আছে যিটো বিশ্বৰ অন্যতম প্ৰিমিয়াৰ আৰ্কিটেকচাৰ প্ৰাইজ হিচাপে গণ্য কৰা হয়।

তেওঁ এলকোয়া ইনকৰ্পৰেশ্যন, মণ্ডেলেজ ইণ্টাৰনেশ্যনেল আৰু ইষ্ট–ৱেষ্ট চেণ্টাৰৰ ব’ৰ্ড অৱ গৱৰ্ণৰছৰ ব’ৰ্ডৰ সঞ্চালক।
ইয়াৰ উপৰিও ৰতন টাটা ইউনিভাৰ্চিটি অৱ চাউথাৰ্ণ কেলিফৰ্ণিয়া, হাৰ্ভাৰ্ড বিজনেছ স্কুল ব’ৰ্ড অৱ ডিনছ এডভাইজাৰ্ছ, এক্স প্ৰাইজ আৰু কৰ্নেল ইউনিভাৰ্চিটিৰ ব’ৰ্ড অৱ ট্ৰাষ্টীৰ সদস্য।
টাটা ২০০৬ চনৰ পৰা হাৰ্ভাৰ্ড বিজনেছ স্কুল ইণ্ডিয়াৰ পৰামৰ্শদাতা ব’ৰ্ডৰ (আইএবি) সদস্য আৰু ইয়াৰ পূৰ্বে ২০০১–২০০৬ চনত হাৰ্ভাৰ্ড বিজনেছ স্কুল এছিয়া-পেচিফিক এডভাইজাৰী ব’ৰ্ডৰ (এপিএবি) সদস্যও আছিল।

২০১৩ চনত ৰতন টাটাই Carnegie Endowment for International Peaceত নিযুক্তি লাভ কৰে।

২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত ৰতন টাটা-এ ভানি কোলাই প্ৰতিষ্ঠা কৰা ভেঞ্চাৰ কেপিটেল ফাৰ্ম কালাৰী কেপিটেলত পৰামৰ্শদাতাৰ ভূমিকা গ্ৰহণ কৰে।

ৰতন টাটাই দেশ – বিদেশৰপৰা লাভ কৰা বিভিন্ন পুৰস্কাৰ, সন্মান, খ্যাতি আৰু স্বীকৃতি সমূহ ক্ৰমে –

২০০০ চনত ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্মভূষণ’ লাভ কৰে।

২০০১ চনত Honorary Doctor of Business Administration.

২০০৪ চনত Honorary Degree of Doctor of Technology, Honorary Economic Advisor,

২০০৫ চনত Honorary Doctor of Science,

২০০৭ চনত Honorary Fellow, Honorary Citizen of Singapore, Carnegie Medal of Philanthropy.

২০০৮ চনত দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্মবিভূষণ’, Honorary Doctor of Science, Honorary Doctor of Law.

২০১০ চনত Business Leader of the Year, Honorary Doctor of Laws, Legend in Leadership Award, Businessman of the Decade.

২০১১ চনত Hospitality Hall Of Honor Recognizing Taj Hotels, ABLF Lifetime Achievement Award (India).

অসমৰ জাতীয় জীৱনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অসম চৰকাৰে ২০২১ প্ৰথমবাৰৰ বাবে উদ্যোগপতি ৰতন টাটাক অসম বৈভৱ বঁটা প্ৰদান কৰে।

সফলতাৰ শিখৰ চুমি মাটি আৰু মানুহৰ সৈতে সহজ আত্মীয়তাৰে ৰতন টাটাই দেশবাসীৰ বুকুৱে বুকুৱে ঘৰ সাজিছিল।

দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা ৰতন টাটাৰ ২০২৪ চনৰ ৯অক্টোবৰ তাৰিখে ৮৬ বছৰ বয়সত মহাজীৱনৰ যৱনিকা পৰে।

তেখেতৰ বিয়োগৰ লগে লগে ভাৰতীয় সমাজ জীৱনত গভীৰ শূন্যতাৰ সৃষ্টি হয়।
মানৱতাবাদী দৰ্শন আৰু মানুহৰ সামগ্ৰিক কল্যাণ সাধনকে জীৱনৰ মূলমন্ত্ৰ হিচাপে লৈ কৰ্মসাধনা কৰি গৈছিল তেখেতে।

ভাৰতৰ আৰ্থ-সামাজিক ক্ষেত্রখনলৈ আগবঢ়াই থৈ যোৱা তেখেতৰ অমূল্য অৱদান সমূহ যুগে যুগে স্মৰণীয় হৈ ৰ’ব।

তেখেতৰ সততা, মমতা আৰু ভাৰতবৰ্ষৰ প্ৰতি থকা অপাৰ মৰম ভৱিষ্যত প্ৰজন্মৰ উদ্যোগী, ভাৰতীয়সকলক প্ৰতিপলে অনুপ্ৰাণিত কৰিব।

ৰতন টাটা কেৱল মহান ব্যক্তিত্বৰ ব্যক্তি নহয়।
ৰতন টাটা বিশ্ব বিস্তুত এক অনুষ্ঠান।

Rnewsindia24.com পৰিয়ালৰ তৰফৰ পৰা মহিৰূহ গৰাকী লৈ বিদায় বেলিকাত যাচিছোঁ অশ্ৰুসিক্ত
শ্ৰদ্ধাৰ্ঘ্য।

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *