স্বৰ্গদেউ চাওলুং চুকাফা

অসম দিৱস।

Spread the love

বৰ অসমৰ পিতৃস্বৰূপ তথা প্ৰতিষ্ঠাপক, অসমৰ আহোম ৰাজবংশৰ প্ৰথম স্বৰ্গদেউ চাওলুং চুকাফাৰ স্মৃতিত অসমত প্ৰতিবছৰে ২ ডিচেম্বৰ তাৰিখে “অসম দিৱস বা চ্যুকাফা দিৱস” পালন কৰা হয়।

আজিৰ শুভক্ষণত Rnewsindia24.comৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ “অসম দিৱস”ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আটাইয়ে কুশলে থাকক।

জানো আঁহক অসম দিৱসৰ আৰম্ভণি কেনেকৈ হৈছিল –

১২২৮ চনৰ ২ ডিচেম্বৰ দিনটোতে প্ৰথম স্বৰ্গদেউ চাওলুং চুকাফাৰ লগতে আহোমসকল সৌমাৰত উপস্থিত হৈ আহোম ৰাজ্য বা মু’ঙ দ’ন চ’ন খাম স্থাপন কৰিছিল।
সমগ্ৰ অসমবাসীয়ে ১৯৮৭ চনৰে পৰা ‘‘অসম দিৱস’’ হিচাপে পালন কৰি আহিছে।
১২২৮ চনৰ ২ ডিচেম্বৰ (১৬ আঘোণ) তাৰিখে চাওলুং চ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি থোৱা ঐতিহাসিক দিনটোক চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে ছৈখোৱা অঞ্চলৰ
সমাজকৰ্মী ভীমকান্ত বুঢ়াগোহাঁই নামৰ এজন ব্যক্তিয়ে ১৯৭২ চনত আৰম্ভ কৰা এক প্ৰচেষ্টাৰ ফলত এই দিৱসৰ আৰম্ভণি ঘটে।

তেখেতে উক্ত দিৱসটি উৎযাপন কৰাৰ উদ্দেশ্যে বিষয়টো শদিয়াৰ মৌজাদাৰ আৰু শদিয়া আঞ্চলিক ছাত্ৰসন্থাৰ লগত আলোচনা কৰে আৰু সকলোৰে সহমতত শদিয়াৰ পাটিদৈ নগাঁৱৰ ৰাজগড় প্ৰথমিক বিদ্যালয়ত প্ৰথম এই দিৱস উৎযাপন কৰা হয়।

১৯৭৩ চনত একে ঠাইতে অনুষ্টুপীয়াকৈ চ্যুকাফা দিৱস উদযাপন কৰা হয় যদিও সেই একে ঠাইতে ১৯৭৪ চনত এই দিৱস অতি ধুমধামেৰে অনুষ্ঠিত কৰা হয়।

ভীমকান্ত বুঢ়াগোহাঁই, শদিয়াৰ মৌজাদাৰ আৰু বুৰঞ্জীবিদ ভবানন্দ বুঢ়াগোহাঁইৰ উদ্যোগত অনুষ্ঠিত কৰা সভাখনত শদিয়াৰ সকলো চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানে সহযোগ কৰে।
সভাখনৰ উদ্বোধক আছিল অসম সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ বৰা।
নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত আছিল ড॰ নগেন শইকীয়া আৰু সভাখনৰ সভাপতি আছিল ড॰ লীলা গগৈ। বক্তৃতা প্ৰসংগত ড॰ লীলা গগৈয়ে ২ ডিচেম্বৰ দিনটো চ্যুকাফা দিৱস হিচাপে চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ দাবী জনাব লাগে বুলি প্ৰস্তাৱ আগবঢ়ায়।

১৯৮১ চনত শিৱসাগৰ জিলাৰ চৰাইদেউত চ্যুকাফা দিৱস উদযাপন কৰা হয় আৰু তেতিয়াৰ পৰা কেইবাটাও জাতীয় সংগঠনে সেই দিনটো ‘চ্যুকাফা দিৱস’ হিচাপে স্বীকৃতি দিবৰ বাবে দাবী জনায়।

১৯৮৭ চনত ড॰ লীলা গগৈ, পদ্ম বৰকটকী আৰু ড॰ ধ্ৰুৱজ্যোতি বৰাই ১ মাৰ্চৰ ‘আজিৰ সময়’ কাকতত চ্যুকাফাৰ বিষয়ে বিভিন্ন লেখা লিখি সেই সংখ্যাটো চ্যুকাফা সংখ্যা হিচাপে প্ৰকাশ কৰি উলিয়ায়।
সেই বছৰেই ২ ডিচেম্বৰত চৰকাৰী পৃষ্ঠপোষকতাত জজ খেল পথাৰত চ্যুকাফা দিৱস আয়োজন কৰা হয় আৰু তাতেই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা তেতিয়াৰ তদানীন্তন মুখ্যমন্ত্ৰী ড’ প্ৰফুল্ল কুমাৰ মহন্তই চ্যুকাফা দিৱসক ‘অসম দিৱস’ হিচাপে চৰকাৰী স্বীকৃতি প্ৰদান কৰে।

চীনৰ য়ুন্নান প্ৰদেশৰ মাওলুং ৰাজ্যৰ টাই আহোম ফৈদৰ ৰাজকোঁৱৰ চাওলুং চ্যুকাফাই ১২১৫ চনত আঠজন ডাঙৰীয়া আৰু বিষয়া, ৯০০০ জন পুৰুষ-তিৰোতা-ল’ৰা-ছোৱালী, দুটা হাতী আৰু ৩০০টা ঘোঁৰা লগত লৈ ব্ৰহ্মপুত্ৰ উপত্যাকালৈ যাত্ৰা কৰে। প্ৰায় ১৩ বছৰ পাটকাইৰ আশে-পাশে অনাই-বনাই থকাৰ পাছত ১২২৮ চনত সৌমাৰ খণ্ডত প্ৰৱেশ কৰে।
যুদ্ধ-বিগ্ৰহ এৰাই চলি অতি বিচক্ষণতাৰে চ্যুকাফাই ব্ৰহ্মপুত্ৰ দুয়োপাৰে থকা সৰু সৰু জনগোষ্ঠীয় ৰাজ্যসমূহ একত্ৰিত কৰি ‘‘অসম’’ আৰু ‘‘অসমীয়া জাতি’’ গঢ়ি তুলিছিল।
সকলোৰে মাজত মিত্ৰতা বজাই ৰাখিবলৈ নিজৰ ভাষা টাই আৰু নিজৰ তাও ধৰ্ম ত্যাগ কৰি সকলো জনগোষ্ঠীৰ সৈতে মিলি এক নতুন ভাষা সৃষ্টিত অৰিহনা যোগাইছিল।
তেখেতৰ মহৎ আদৰ্শ গ্ৰহণ কৰি আহোমসকলে ৬০০ বছৰ শাসন কৰিছিল।
চ্যুকাফাই অসমত বুৰঞ্জী চৰ্চাৰ পৰম্পৰা আৰম্ভ কৰিছিল।

এখন ঐক্যবদ্ধ, শান্তিময়, সমৃদ্ধিশালী, অদম্য সাহস, সুশাসন, সমন্বয়েৰে বৰ অসম গঢ়ি যোৱা মহান স্বৰ্গদেউ চাওলুং ছ্যুকাফা দেৱৰ বিশাল ব্যক্তিসত্তা আৰু অতুলনীয় কৰ্মৰাজি পাথেয় হৈ থাকিব।

স্বৰ্গদেৱে প্ৰতিষ্ঠা কৰি যোৱা সমন্বয় আৰু একতাৰ যুগজয়ী আদৰ্শ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰবাহিত হৈ থাকিব৷

আপুনি আপোনাৰ বহুমূলীয়া তথা মূল্যবান সময় খৰচ কৰি আমাৰ প্ৰতিবেদনটি পঢ়াৰ বাবে Rnewsindia24.com পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *