ভাৰতীয় সংবিধানৰ পিতৃপুৰুষ তথা প্ৰণেতা, ভাৰত ৰত্ন ড° ভীমৰাও ৰামজী আম্বেদকাৰৰ চমু জীৱনযাত্ৰা।
ভাৰতীয় সংবিধানৰ পিতৃপুৰুষ তথা প্ৰণেতা, বৰেণ্য ৰাজনীতিবিদ, দাৰ্শনিক, বুৰঞ্জীবিদ, অৰ্থনীতিবিদ, সংস্কাৰক, প্ৰখ্যাত লেখক ভাৰত ৰত্ন ড° ভীমৰাও ৰামজী আম্বেদকাৰৰ জন্ম হৈছিল ১৮৯১ চনৰ ১৪ এপ্ৰিল তাৰিখে অবিভক্ত বোম্বাই প্ৰদেশৰ ৰত্নগিৰি জিলাৰ নিঃকুলীয়া বংশত।
তেওঁৰ পিতৃ ৰামজী মালোজী চকপাল সৈন্য বাহিনীৰ চুবেদাৰ মেজৰ আছিল।
তেওঁলোকৰ পৰিয়ালটি আছিল মহৰ সম্প্ৰদায়ৰ আৰু এই মহৰ সম্প্ৰদায়েই আছিল ৰত্নগিৰিত একেবাৰে পিছপৰা ঘৃণনীয়।
মহৰ কুলটো হিন্দু ধৰ্মৰ তথা চতুৰ বৰ্ণ সমাজৰ শূদ্ৰ জাতিৰ ভিতৰত আটাইতকৈ নিম্ন শ্ৰেণীৰ।
এই শ্ৰেণীবোৰ সেইকালত অন্তজ, পেৰিয়া আৰু অতি শূদ্ৰ বুলি জনাজাত হৈছিল।
পিছপৰা এনে শ্ৰেণীক অচ্যুত, মহাত্মা গান্ধীয়ে নাম দিছিল হৰিজন, সাংবিধানিক ভাবে কোৱা হৈছিল অনুসূচীত জাতি।
ব্ৰিটিছ সকলে তেওঁলোকক Depressed Class বুলি কৈছিল।
ভাৰতত থকা ৪২৯টা অনুন্নত শ্ৰেণীৰ ভিতৰত মহৰ শ্ৰেণীয়ে সবাতোকৈ পিছপৰা আৰু হীন আছিল।
বি.আৰ. আম্বেদকাৰে প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিল নিজৰ জন্মস্থানতেই।
তাৰ পিছত মাধ্যমিক শিক্ষাৰ বাবে তেওঁৰ দেউতাকে বোম্বাই নগৰীলৈ লৈ এল, ফিন, ষ্টোন নামৰ হাইস্কুলত নাম ভৰ্তি কৰে ।
কিন্তু বিদ্যালয়ত নীচ জাতিকুল হোৱা বাবে ঘৃণা-অবহেলাৰ পাত্ৰ হৈছিল আম্বেদকাৰ।
তেওঁৰ সংস্কৃত শিকাৰ আগ্ৰহ আছিল যদিও শিক্ষকে তেওঁক সেই অনুমতি প্ৰদান কৰা নাছিল, তেওঁক পাৰ্চীহে পঢ়িবলৈ অনুমতি দিছিল।
পিছত তেওঁ সংস্কৃতৰ শিক্ষা নিজে লৈছিল। ইংৰাজীৰ জ্ঞান লাভ কৰিছিল দেউতাকৰ পৰা।
তেওঁ এনেকৈ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল।
তাৰপিছত তেওঁ বোম্বাই এলফিনষ্টোন কলেজত ভৰ্তি হয়।
১৯১২ খৃষ্টাব্দত তেওঁ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়।
ইয়াৰ পিছত তেওঁ কিছুদিন চাকৰি কৰি পৰিয়ালটিক তনকীয়াল কৰি ১৯১৩ খৃষ্টাব্দত তেওঁ আমেৰিকাৰ নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ত অধ্যয়ন আৰম্ভ কৰে।
তেওঁ বুৰঞ্জী, নৃতত্ত্ব, সমাজবিদ্যা, মনোবিজ্ঞান,অৰ্থনীতি আদি বিষয়ত অধ্যয়ন কৰিছিল।
১৯১৫ খৃষ্টাব্দত তেওঁ এনচিয়েণ্ট ইণ্ডিয়ান কমাৰ্ছ মাষ্টাৰ ডিগ্ৰী সম্পূৰ্ণ কৰে।
তাৰপিছত তেওঁ দি ইভলিউচন অৱ প্ৰভিন্সিয়েল ফাইনেন্স ইন ব্ৰিটিছ-ইণ্ডিয়া সম্পৰ্কত গভীৰভাৱে অধ্যয়ন কৰি পি.এইচ.ডি অৰ্থাৎ ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয়।
১৯১৬ খৃষ্টাব্দত অধ্যয়নৰ বাবে ইংলেণ্ডলৈ ৰাওনা হয়।
তাতে তেওঁ লণ্ডন স্কুল অৱ ইকন’মিক্স এণ্ড পলিটিকেল চায়েন্স নামৰ বিদ্যালয়ত ভৰ্তি হয় আৰু ডি.এছ.চি. ডিগ্ৰী লাভৰ বাবে আৰু গ্ৰেইজইনত আইন বিষয়ৰ ডিগ্ৰী লাভৰ উদ্দেশ্যে অধ্যয়ন কৰে।
কিন্তু তেওঁৰ সেই অধ্যয়ন আধৰুৱা কৰি ভাৰতলৈ উভতি আহি বৰোদাৰ সৈনিক বিভাগৰ ছেক্ৰেটৰী পদত নিযুক্তি পায় ।
কিন্তু উচ্চ হিন্দুসকলে নীচ জাতিকুলৰ বুলি জানি তেখেতক শিক্ষাৰ অকণো আদৰ আৰু সহানুভূতি নেদেখুৱাই, কাৰ্যালয়ত তেওঁক এডোখৰ চুকত বহিবলৈ দিয়া হয় আৰু কোঠাটোত আগৰে পৰা পাৰি থোৱা কাৰ্পেটখনো আঁতৰাই দিয়ে।
আনহাতে, অফিচৰ কাগজ পত্ৰ সমূহ দুৰৰে পৰা দলিয়াহে তেওঁলৈ দিয়া হৈছিল।
তেওঁ হিন্দু সমাজৰ এই বৈষম্য আঁতৰ কৰিবলৈ সংকল্প লৈ বোম্বাইত এডাইচাৰ টু ডিলাৰ এণ্ড চেয়াৰচ নামে এখন ফাৰ্ম আৰম্ভ কৰিলে।
তাৰপিছতে তেওঁ চিডেন হাম বাণিজ্য কলেজত অস্থায়ী ভাৱে ৰাজনীতি-অৰ্থনীতি প্ৰৱক্তা পদত নিযুক্তি পায়।
তাতো তেওঁ জাত-কুলৰ কু-প্ৰভাৱত তিষ্টিব নোৱাৰিলে।
১৯১৭ খৃষ্টাব্দত তেওঁ অস্পৃশ্য সকলৰ হৈ টাইথ বেৰ কমিছনৰ আগত সাক্ষ্য দিছিল, ১৯১৮ খৃষ্টাব্দত নাগপুৰত অস্পৃশ্য সন্মিলন পাতিছিল।
ইয়াৰ পিছতে তেওঁ অসমাপ্ত শিক্ষা শেষ কৰিবলৈ দৃঢ় সংকল্প লৈ লণ্ডনলৈ পুনৰ যাত্ৰা কৰে।
১৯২১ খৃষ্টাব্দত প্ৰভিন্সিয়েল দি চেট্ৰেলাইজেচন অৱ ইম্পোৰিয়েল ফাইনেন্স ইন ব্ৰিটিছ ইণ্ডিয়া শীৰ্ষক অধ্যয়নৰ বাবে এম.এছ.ছি. ডিগ্ৰী লাভ কৰে।
১৯২২ খৃষ্টাব্দত তেওঁ আইন বিষয়ত উত্তীৰ্ন হয়।
১৯২৩ খৃষ্টাব্দত তেওঁ ডি. এচ. চি ডিগ্ৰীও সমাপ্ত কৰে।
তাৰ পিছত তেওঁ এল. এল ডি, আৰু ডি লিট উপাধি লাভ কৰে।
তাৰ পিছত ভাৰতলৈ আহি বোম্বাই হাইকোৰ্টতে বেৰিষ্টাৰ হিচাপে স্বাধীন ব্যৱসায়ৰ ওকালতি কৰিবলৈ ললে।
সেই ঠাইতো তেওঁক জাতিকুলৰ ভেদভাবে পিছ এৰা নাছিল।
বৰং মানুহে তেওঁক উপহাস কৰি গৰীবৰ ব্যাৰিষ্টাৰ হে বুলিছিল।
১৯২৪ খৃষ্টাব্দত বঞ্চিত সকলক তেওঁলোকৰ পাপ্য স্বাস্থ্য, সম্পদ, সংস্কৃতি , সন্মান আদিৰ বাবে সংগ্ৰামত ব্ৰতী হয়।
১৯২৬ খৃষ্টাব্দত তেওঁ এম. এল.এৰ বাবে মনোনয়ন দিছিল।
১৯২৭ খৃষ্টাব্দত তেওঁ মহাৰ পৰিষদ গঠন কৰি নিজৰ অধিকাৰ সাব্যস্ত কৰে।
১৯৩৬ চনত তেওঁ স্বতন্ত্ৰ শ্ৰমিক পাৰ্টি গঠন কৰি, ১৯৩৭ চনত বম্বে বিধান সভাৰ বিধায়ক হিচাবে নিৰ্বাচিত হয়।
১৯৪২ খৃষ্টাব্দত তেওঁ সৰ্বভাৰতীয় অনুসূচীত জাতি ফেডাৰেছন গঠন কৰিছিল আৰু পিছলৈ ভাৰতীয় কাৰ্যবাহী পৰিষদৰ সদস্য হৈ লাট গৱৰ্ণৰ কাৰ্যকৰী কাউন্সিলৰ শ্ৰমমন্ত্ৰী হিচাপে নিযুক্ত হয়।
১৯৪৫ খৃষ্টাব্দত তেওঁ মানৱ শিক্ষা সমাজ গঠন কৰে।
১৯৪৬ চনত ভাৰতৰ সংবিধান সভালৈ নিৰ্বাচিত হয় আৰু ১৯৪৭ খৃষ্টাব্দৰ ২৯ আগষ্টত সংবিধানৰ খচৰা প্ৰস্তুতি কমিটীৰ সভাপতি হিচাপে নিৰ্বাচিত হৈ স্বাধীন ভাৰতৰ নতুন সংবিধান ৰচনা কৰে।
১৯৪৭ চনৰ পৰা ১৯৫১ চনলৈ তেওঁ প্ৰথম কেন্দ্ৰীয় মন্ত্ৰীসভাত প্ৰথম আইন মন্ত্ৰী হিচাপে নিযুক্ত হয়।
১৯৫২ চনত তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হয়।
১৯৫৫ চনত তেওঁ বুদ্ধিষ্ট ছোচাইটি অৱ ইণ্ডিয়া গঠন কৰে।
১৯৫৬ চনত তেওঁ নাগপুৰত ৰাজহুৱা বৌদ্ধ ধৰ্ম গ্ৰহণ কৰে।
সৰুৰে পৰা আম্বেদকাৰে তেওঁৰ প্ৰতি সমাজৰ বৈষম্যৰ অপমান ভোগ কৰি আহিছিল, সেয়েহে তেওঁ তাৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ কৰিছিল।
এই উদ্দেশ্যে ১৯২৭ চনত তেওঁ ‘বহিষকৃত ভাৰত’ নামৰ মাৰাঠী পষেকীয়া কাকত এখন উলিয়াবলৈ আৰম্ভ কৰে।
১৯২৭ চনত বোম্বেৰ গৱৰ্ণৰে তেওঁক বিধান পৰিষদলৈ মনোনীত কৰে আৰু ১৯৩৭ চনলৈকে বোম্বাই বিধানসভাৰ সদস্য হৈ থাকে।
সেই সময়ত দলিতসকলক অস্পৃশ্য বুলি গণ্য কৰি মন্দিৰত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল।
তেওঁ মন্দিৰত অস্পৃশ্য লোকৰ প্ৰৱেশৰ দাবী জনায় আৰু ১৯৩০ চনত ৩০ হাজাৰ দলিতৰ সৈতে নাশিকৰ কলাৰাম মন্দিৰৰ প্ৰৱেশৰ বাবে সত্যগ্ৰহ কৰে।
এই উপলক্ষে উচ্চ জাতি লোকৰ লাথিৰ বাবে বহু লোক আহত হৈছিল যদিও সকলোকে মন্দিৰত প্ৰৱেশ কৰাই মৃত্যুবৰণ কৰে।
এই ঘটনাৰ পিছত মানুহে তেওঁক ‘বাবা চাহেব’ বুলি ক’বলৈ ধৰিলে।
১৯৯৫ চনত তেওঁ ‘স্বাধীন শ্ৰমিক পাৰ্টি’ প্ৰতিষ্ঠা কৰে, যাৰ জৰিয়তে তেওঁ দলিত আৰু অস্পৃশ্য বুলি গণ্য কৰা লোকসকলৰ উন্নতিৰ বাবে মৌলবাদীৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ কৰে।
১৯৩৫ চনত তেওঁক চৰকাৰী আইন মহাবিদ্যালয়ৰ অধ্যক্ষৰ সন্মানীয় পদত নিযুক্ত দিয়া হয়।
১৯৯০ চনত মৰণোত্তৰভাৱে দেশৰ সৰ্ব্বোচ্চ সন্মান ভাৰত-ৰত্ন বঁটাৰে সন্মানিত কৰে।
আম্বেদকাৰে ৰচনা কৰা ইংৰাজী গ্ৰন্থ সমূহ – Gandhi and Jinnah, Ranade, Who were the Shudras And how come to be the fourth Varna in the Indo-Aryan Society, The problem of the Rupee, The Buddha and His Dharma, Thoughts on Linguistic States ইত্যাদি।
১৯৫৬ চনৰ ৬ ডিচেম্বৰত বি.আৰ.আম্বেদকাৰে শেষ নিশ্বাস ত্যাগ কৰে।
উল্লেখ্য যে, ২০১২ চনত History TV আৰু CNN-IBN চেনেলে দেশজুৰি চলোৱা এটা সমীক্ষাত বি আৰ আম্বেদকাৰ “শ্ৰেষ্ঠ ভাৰতীয়” হিচাপে পৰিগণিত হয়।
আম্বেদকাৰে দেশবাসীলৈ আগবঢ়াই থৈ যোৱা অমূল্য অৱদান সমূহ যুগ যুগান্তৰলৈ স্মৰণীয় হৈ থাকিব।
লগতে তেওঁৰ জীৱনাদৰ্শ আৰু কৰ্মৰাজি আমাৰ সকলোৰে বাবে অনুপ্ৰেৰণাৰ অম্লান উৎস হৈ ৰ’ব।
এনে মহান ব্যক্তি সকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব rnewsindia24.com
আপুনি আপোনাৰ বহুমূলীয়া তথা মূল্যবান সময় খৰচ কৰি আমাৰ প্ৰতিবেদনটি পঢ়াৰ বাবে Rnewsindia24.com পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
Sangita Dutta Editor in Chief Rnewsindia24.com

