সদৌ অসম পেনচাক্ চিলাট সংন্থা।
সদৌ অসম পেনচাক্ চিলাট সংন্থাৰ উদ্যোগত আৰু মিংমাং ৰুপহী মিচিং সমৰ ক’লা আৱাসীক প্ৰশিক্ষণ কেন্দ্ৰৰ সহযোগত যোৱা ২২ ডিচেম্বৰ তাৰিখৰ পৰা চাৰিদিনীয়াকৈ অসম ভিত্তিত ২০০ গৰাকী প্ৰশিক্ষাৰ্থীক লৈ অনুষ্ঠিত হোৱা প্ৰশিক্ষণ শিৱিৰ সফলভাৱে সামৰণি পৰে ।
সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সৰ্বভাৰতীয় পেনচাক্ চিলাট মহাসংঘৰ পেট্ৰন, সদৌ অসম পেনচাক্ চিলাটৰ প্ৰতিস্থাপক সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।
উপস্থিত থাকে অসম পেনচাক্ চিলাটৰ সম্পাদক তথা কাৰিকৰী সঞ্চালক লক্ষ্যজিৎ দলে, TMPK ৰ কেন্দ্ৰীয় সদস্য সঞ্জীৱ মিলি, সন্মানীয় প্ৰশিক্ষক ওম চেত্ৰী, গগণ চন্দ্ৰ বড়ো, স্বপন বড়ো, ৰৱিজিৎ ৰাজকুমাৰ, দিবাকৰ ৰাভা, প্ৰেৰণা হাজৰিকা, তিলক কুটুম, অচ্যুত বড়ো, মিঠুৰাম পেগু স্থানীয় বিভিন্ন ক্ষেত্ৰৰ সব্যক্তি আৰু জাতীয় সংগঠনৰ বিষয়ববীয়া।
উল্লেখ্য যে, খুব কম সময় ভিতৰত অসম পেনচাক চিলাটে ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
জম্মু কাশ্মীৰ, উৰিষ্যা, বিহাৰ, মহাৰাষ্ট্ৰ, ডিমাপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, ত্ৰিপুৰা, ছিক্কিম, গুৱাহাটী, গোৱা, ধেমাজি, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, চিলাপথাৰকে ধৰি বিভিন্ন ৰাজ্য আৰু জিলাত পেনচাক চিলাট প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে।
অসমৰ কেইগৰাকীও চিলাটে বহুবাৰ ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত টেণ্ডিং, টুংগল, গাণ্ডা, ৰেগু আৰু ক্ৰীয়েটিভ ছ’ল’ আদি বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সোন, ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে।
আপুনি আপোনাৰ বহুমূলীয়া তথা মূল্যবান সময় খৰচ কৰি আমাৰ প্ৰতিবেদনটি পঢ়াৰ বাবে Rnewsindia24.com পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
Sangita Dutta Editor in Chief Rnewsindia24.com