Mising Autonomous Council

“Kapé MAC”

Spread the love

 

Mising Autonomous Council

■ ২০/০১/২০২৫ তাৰিখে ধেমাজি জিলাৰ গোগামুখ দিৰপাইস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ সভাকক্ষত IARI, নাবাৰ্ড আৰু মিচিং স্বায়ত্বশাসিত পৰিষদৰ ত্ৰিপাক্ষিক এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে।
সভাত কৃষি, মীন আৰু উদ্যান শস্য বিষয়ত বিশেষ গুৰুত্ব প্ৰদান কৰে।
উক্ত সভাত উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, অধ্যক্ষ সুনীল কুমাৰ পেগু, নাবাৰ্ডৰ CGM ল’কেন ডেকা, DGM ইভান মুনছং, দেবাব্ৰত দাস, শংকৰ দাস, IARIৰ সঞ্চালক ড° লুহিত বশ্যৈৰ লগতে অন্যান্য বিজ্ঞানী সকল।

আনহাতে, চেতিয়া গাঁৱস্থিত RLRC ত নাবাৰ্ডৰ CGM লকেন ডেকাৰ লগতে নাবাৰ্ডৰ পৰা অহা অন্যান্য প্ৰতিনিধিবৰ্গৰ সৈতে মিচিং স্বায়ত্বশাসিত পৰিষদ এলেকাৰ উদ্যমী কৃষক সকলক বিজ্ঞানসন্মত আৰু ব্যৱসায়িক দিশত আগুৱাই নিয়াৰ লগতে শিক্ষামূলক ভ্ৰমণৰ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰে।
উক্ত আলোচনাত উপস্থিত থাকে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য, অধ্যক্ষ, কাৰ্য্যবাহী সদস্যা ইন্দিৰা কুম্বাং, কাৰ্য্যবাহী সদস্যত্ৰয় দেৱৰঞ্জন মৰাং, মলেন্দ্ৰ নাৰ্জাৰী, প্ৰশান্ত বড়ি, RLRC ৰ পৰিচালক চত্ৰ মেদক আৰু পৰিষদৰ অন্যান্য বিষয়ববীয়া।

■ ১৯/০১/২০২৫ তাৰিখে ধেমাজি জিলাৰ চিমেন চাপৰিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰশাসনিক গৃহ, প্ৰৱেশদ্বাৰ, প্ৰৱেশপথৰ শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰে।
উক্ত অনুষ্ঠানত উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগু, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকা, জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰ, জোনাই সম- জিলাৰ আয়ুক্ত আনন্দ মালহোত্ৰা, বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষাৰ সঞ্চালক ড৹ মনোৰঞ্জন নেওগ, কৃষি বিজ্ঞান কেন্দ্ৰৰ মূৰব্বী ড৹ গুঞ্জন গগৈ, পৰিষদৰ কাৰ্য্যবাহী সদস্যা ভৱানী দুৱৰা, জিলাখনৰ বিশিষ্ট ব্যক্তি সকল, বিষয়বস্তু বিশেষজ্ঞসকল তথা অন্যান্য বিষয়া- কৰ্মচাৰী সকল ।

■ ১৭/০১/২০২৫ তাৰিখে গোগামুখ টাউন ক্লাৱৰ উদ্যোগত গোগামুখ শতদল শাখা সাহিত্য সভা, গোগামুখ নাট্য সন্মিলন, অসম নাট্য সন্মিলন গোগামুখ শাখা, গোগামুখ গণনাট্য বাহিনীৰ লগতে গোগামুখবাসীৰ সহযোগত কেন্দ্ৰীয় শিল্পী দিৱস উদযাপন কৰে।
উক্ত অনুষ্ঠানত বহুভাষিক কবিতা আবৃত্তি অনুষ্ঠান উদ্ধোধন কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
উপস্থিত থাকে পৰিষদৰ সাধাৰণ সদস্য ৰাজু পেগু, বিশিষ্ট ব্যক্তি সকল, সমাজকৰ্মী আৰু স্থানীয় ৰাইজ।

■ ১৫/০১/২০২৫ তাৰিখে বিগত তথা যোৱা বৰ্ষৰ ঘোষণা অনুসৰি আগন্তুক গণতন্ত্ৰ দিৱসটি মিচিং স্বায়ত্ত পৰিষদৰ স্থায়ী চৌহদত উদযাপন কৰিব।
পৰিষদৰ সাধাৰণ সদস্য ৰাজু পেগু, ইও ডিএ,অধীক্ষক আৰু অভিযন্তা সকল, চুমনি দংলু কেবাঙৰ গাঃম সহ গাৱঁৰ ৰাইজৰ উপস্থিতিত উদযাপন স্থলী পৰিদৰ্শন কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

 

 

মিচিং স্বায়ত্বশাসিত পৰিষদৰ লগতে অন্যান্য বাৰ্তাসমূহ জানি থাকিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰক Rnewsindia24.com

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *