Mising Autonomous Council

“Kapé MAC”

Spread the love

 

■ মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গোগামুখস্থিত চুমনি গাঁৱত নিৰ্মীয়মান মিচিং স্বায়ত্বশাসিত পৰিষদৰ স্থায়ী সচিবালয়ৰ চৌহদত দেশৰ গৌৰৱোজ্জল ৭৬ সংখ্যক গণতন্ত্র দিৱস উদযাপন কৰে।

Mising Autonomous Council

পুৱা শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰি শ্বহীদ স্বাধীনতা সংগ্ৰামী আৰু সংবিধান প্ৰণেতা সকলক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

Mising Autonomous Council

পতাকা উত্তোলন আৰু মাৰ্চ-পাৰ্চ প্ৰতিযোগিতা শুভাৰম্ভণি কৰি গণতন্ত্ৰ দিৱসৰ শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে।

উক্ত অনুষ্ঠানত উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ উপাধ্যক্ষ যজ্ঞেশ্বৰ কুটুম, সমূহ কাৰ্য্যবাহী সদস্য-সদস্যা, সাধাৰণ সদস্য-সদস্যা, প্ৰধান সচিব, সন্মিলিত গণশক্তি অসমৰ বিষয়ববীয়া, মিচিং জাতীয় সংগঠন MBK, MMK, MDK, MAK, TMMK, TMPK ৰ বিষয়ববীয়া, গোগামুখ অঞ্চলৰ বিশিষ্ট ব্যক্তি, গাম সকল, বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী, অভিভাৱক, ছাত্ৰ-ছাত্ৰী সকল।

উল্লেখ্য যে, উক্ত অনুষ্ঠানত পৰিষদৰ স্বীকৃতি প্ৰাপ্ত আদৰ্শ কৃষক, ক্ৰীড়াবিদ, শৰীৰ চৰ্চাবিদ, ACS ২৬ স্থান প্ৰাপ্ত দ্বীপশিখা দলে, APS ২৪ স্থান প্ৰাপ্ত জেনী পেগু, AAO ৯৯ স্থানপ্ৰাপ্ত অঞ্জলি কামান, মিচিং বস্ত্ৰই GI TAG লাভ কৰাত নেতৃত্ব প্ৰদান কৰা হস্তশিল্প উন্নয়ন সংস্থাৰ সাধাৰণ সম্পাদক পংকজ কুমাৰ শৰ্মাক মিচিং স্বায়ত্বশাসিত পৰিষদৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্দ্ধনা জনাই।

অনুষ্ঠানৰ প্ৰথমদিনা ৰছীটনা, চামোচ দৌৰ প্ৰতিযোগিতা আৰু দ্বিতীয় দিনা চিত্ৰাংকন, মাৰ্চ-পাৰ্চ, দেশপ্ৰেমমূলক নৃত্য-গীতৰ প্ৰতিযোগিতা আৰু অসমৰ বাৰেৰহণীয়া বিভিন্ন জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰে।

সদৌ শেষত অনুষ্ঠিত হোৱা প্ৰতিযোগিতা সমূহত নিৰ্বাচিত প্ৰতিযোগী সকলক বঁটা প্ৰদানেৰে উক্ত গাম্ভীৰ্যপূৰ্ণ তথা গুৰুত্বপূৰ্ণ অনুষ্ঠানটি সামৰণি পৰে।

■ ২৩/০১/২০২৫ তাৰিখে গোগামুখ চেতিয়া গাঁৱস্থিত RLRC ত পুৱা 09.30 বজাৰ পৰা মিচিং স্বায়ত্বশাসিত পৰিষদৰ আৰ্থিক অনুদানেৰে APSC আৰু UPSC ৰ শিক্ষা গ্ৰহণ কৰিবলগীয়া ছাত্ৰ ছাত্ৰী সকলৰ বাচনি পৰীক্ষা অনুষ্ঠিত কৰে।

বাচনি পৰীক্ষাত পৰীক্ষক হিচাপে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া স্বয়ং উপস্থিত থাকি পৰীক্ষা নিৰীক্ষণ কৰে।

অসমৰ প্ৰখ্যাত Motivational Speaker অঞ্জন চৌধুৰী আৰু গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝা ৰ সম্পূৰ্ণ নিৰীক্ষণ আৰু তত্বাৱধানত উক্ত পৰীক্ষা স্বচ্ছ আৰু নিকা ভাৱে সম্পন্ন হয়।

উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, RLRC ৰ সঞ্চালক চত্ৰ মেদক, পৰিষদৰ সমূহ বিষয়ববীয়া।

■ ২৭/০১/২০২৫ তাৰিখে গোগামুখত “অসম গ্ৰামীণ বিকাশ বেংক” ৰ নতুন শাখা কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে।

উক্ত অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ সাধাৰণ সদস্য ৰাজু পেগু, ৰিজনেল মেনেজাৰ আধাৰজ্যোতি গগৈ, জ্যেষ্ঠ প্ৰবন্ধক তিলক দলে, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া জলেন্দ্ৰ মৰাং।

 

 

মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহ জানি থাকিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindi24.com

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *