অসম সাহিত্য সভা

“অসম সাহিত্য সভা”

Spread the love

অসম সাহিত্য সভা

অসমীয়া ভাষা-সাহিত্য, সংস্কৃতি উৎকৰ্ষ সাধনৰ অৰ্থে বিগত এশ বছৰৰো অধিক কালজুৰি ঐতিহাসিক ভূমিকা পালন কৰি অহা এটি অন্যতম জাতীয় অনুষ্ঠান “অসম সাহিত্য সভা”।

২০২৫ বৰ্ষৰ পহিলা জানুৱাৰী মাহতে অসম সাহিত্য সভাৰ “সদস্য মহীয়ান” সন্মানৰ বাবে নিৰ্বাচিত হয় বিশিষ্ট প্রাচ্যতত্ত্ববিদ, সাহিত্যিক, অধ্যাপকদ্বয় থানেশ্বৰ শৰ্মা আৰু মহেশ্বৰ হাজৰিকা।

“সাহিত্যাচার্য” সন্মানৰ বাবে নিৰ্বাচিত হয় বিশিষ্ট গৱেষক, সাহিত্যিক, সমালোচক, অধ্যাপক আনন্দ বৰমুদৈ, বিশিষ্ট সাহিত্যিক, অধ্যাপক ইদ্রিছ আলী, যশস্বী ভাষাবিদ, সাহিত্যিক, অধ্যাপক ভীমকান্ত বৰুৱা আৰু বিশিষ্টা গৱেষিকা, সাহিত্যিক, অধ্যাপিকা কৰবী ডেকা হাজৰিকা।

“জাতীয় কবি” সন্মানৰ বাবে নিৰ্বাচিত হয় যশস্বী কবি, সাহিত্যিক আনিছ উজ্ জামান।

অসম সাহিত্য সভাৰ “সদস্য মহীয়ান”, “সাহিত্যাচাৰ্য” আৰু “জাতীয় কবি” সন্মানৰ বাবে নিৰ্বাচিত হোৱা প্ৰতিগৰাকী বিশিষ্ট সাহিত্যিক, ভাষাবিদ আৰু গৱেষক সকললৈ Rnewsindia24.com পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

উক্ত সন্মানীয় প্ৰতিগৰাকী ব্যক্তিয়ে জাতিৰ দাপোনস্বৰূপ অসমীয়া ভাষাটো প্ৰচাৰ আৰু প্ৰসাৰত
অমূল্য অৱদান আগবঢ়াই আহিছে আৰু অনাগত দিনতো ভাষাটোৰ শুদ্ধ ব্যৱহাৰ-প্ৰয়োগৰ লগতে ভাষা-সাহিত্য উত্তৰণৰ যাত্ৰাত এক ন উদ্দীপনা যোগাব।

 

 

এনেধৰণৰ গুৰুত্বপূৰ্ণ বাৰ্তা সমূহ জানি থাকিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব Rnewsindia24.com

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *