Poba Festival

“Kapé MAC”

Spread the love

Mising Autonomous Council

■ মিচিং স্বায়ত্বশাসিত পৰিষদৰ ক্ৰীড়া বিভাগৰ উদ্যোগত ০৬ ফেব্ৰুৱাৰী তাৰিখৰ পৰা ০৯/০২/২০২৫ তাৰিখলৈকে চাৰিদিনীয়াকৈ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা ষষ্ঠ সংখ্যক MAC-SL সফলতাৰে সামৰণি পৰে।

MAC SL

চুড়ান্ত প্ৰতিযোগিতা অনুষ্ঠিত হয় H Zone আৰু F Zone ৰ মাজত। ৪-৫ ব্যৱধানত H Zone ক পৰাস্ত কৰি F Zone নে ২০২৫ বৰ্ষৰ শ্ৰেষ্ঠ দলৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।

Mising Autonomous Council

‘Top scorer বঁটা’ দিব্যজ্যোতি লাচম, ‘Man of Match’ খিলীন দলে, ‘Best Goalkeeper’ বিদ্যাধৰ দলেয়ে পাবলৈ সক্ষম হয়।

Mising Autonomous Council

সামৰণি অনুষ্ঠানত উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, উপাধ্যক্ষ যজ্ঞেশ্বৰ কুটুম, পৰিষদৰ কাৰ্য্যবাহী সদস্য প্ৰভাত বসুমতাৰী, পুৰুষোত্তম দলে, দেৱৰঞ্জন মৰাং, প্ৰশান্ত বড়ি, কাৰ্য্যবাহী সদস্যা ইন্দিৰা চিন্তে কুম্বাং, সাধাৰণ সদস্য সুধিৰ মৰাং, বাণীকান্ত দলে, নিলকান্ত দলে, অনিল পায়েং, ৰাজু পেগু, সাধাৰণ সদস্যা লাৱণ্য মিলি, নিভা পেগু মিলি, পৰিষদৰ বিষয়া কৰ্মচাৰী সকল, গোগামুখ আৰু বিভিন্ন জিলাৰ পৰা অহা বিশিষ্ট ব্যক্তি সকল, সমাজকৰ্মী, অভিভাৱক সকল, মিচিং জাতীয় সংগঠনৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

Mising Autonomous Council

■ ০৭/০২/২০২৫ তাৰিখৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত আৰু জোনাইবাসী ৰাইজৰ সহযোগত বালি চাপৰি তিনিমাইল ঘাটত “দ্বিতীয় সংখ্যক পবা মহোৎসৱ” অনুষ্ঠিত কৰে।Mising Autonomous Council

পুৱা মহোৎসৱৰ তোৰণ মুকলি কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ উপাধ্যক্ষ যজ্ঞেশ্বৰ কুটুম , মহোৎসৱ স্থলী মুকলি কৰে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে।

Mising Autonomous Council
গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰে পৰিষদৰ কাৰ্য্যবাহী সদস্য পুৰুষোত্তম দলেয়ে, থলুৱা বস্ত্ৰ মেলাৰ দ্বাৰ মুকলি কৰে পৰিষদৰ কাৰ্য্যবাহী সদস্যা ইন্দিৰা চিন্তে কুম্বাঙে, থলুৱা খাদ্য মেলাৰ দ্বাৰ মুকলি কৰে পৰিষদৰ কাৰ্য্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰীয়ে, প্ৰকৃতি সম্পৰ্কীয় ফটো প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে প্ৰকৃতি প্ৰেমী নবীন কামানে, প্ৰকৃতি শিৱিৰ উদ্বোধন কৰে পৰিষদৰ কাৰ্য্যবাহী সদস্য প্ৰশান্ত কুমাৰ বৰিয়ে। নৌকা বিহাৰ আৰু ৰাফটিং শুভ উদ্বোধন কৰে পৰিষদৰ সাধাৰণ সদস্যা লাৱণ্য মিলিয়ে।

Poba Festival

যোগাসন, বিজ্ঞান আৰ্হি প্ৰদৰ্শন, ছাত্ৰ সংসদ, কবিতা আবৃত্তি, সংগীতানুষ্ঠান উদ্বোধন কৰে TMPK সাধাৰণ সম্পাদক চান পাংগিঙে, পৰিচালনা কৰে ধেমাজি জিলা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ সমন্বয়ক পদ্ম পাংগিঙে।

Poba Festival
কবি সন্মিলন উদ্বোধন কৰে চিলাপথাৰৰ বিশিষ্ট কবি ভূৱন দাসে, সঞ্চালনা কৰে মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক কুমাৰ দলেয়ে।
সাংস্কৃতিক প্ৰদৰ্শনী অনুষ্ঠান উদ্বোধন কৰে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত ভেটাৰণ খেলুৱৈ মহিকান্ত টায়ে।
আমন্ত্ৰিত শিল্পী অই ক’ আৰু ভাৰতৰ সংগীতানুষ্ঠান উদ্বোধন কৰে পৰিষদৰ কাৰ্য্যবাহী সদস্য বিজু পেগুৱে।Poba Festival

সামৰণি অনুষ্ঠানৰ মুকলি সভা শুভ উদ্বোধন কৰি পবা অভয়াৰণ্যক বিশ্বৰ অন্যতম অভয়াৰণ্য হিচাপে গঢ় দিয়াত প্ৰয়োজনীয় সকলো ধৰণৰ পদক্ষেপ প্ৰকৃতিপ্ৰেমী ৰাইজক গ্ৰহণ কৰাৰ আহ্বান জনোৱাৰ লগতে মিচিং স্বায়ত্বশাসিত পৰিষদে পবা সংৰক্ষণ, সংবদ্ধন আৰু প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত সৰ্বতোপ্ৰকাৰৰ সহযোগীতা তথা উদ্যোগ গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতিৰে ৰাইজক উদ্দেশ্যি বহুমূলীয়া বক্তব্য প্ৰদান কৰে এম.এ.চিৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।Paramananda chayengia

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু।Dr Ranoj Pegu

প্ৰথম আৰু সামৰণি অনুষ্ঠানত উপস্থিত থাকে জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগু, পৰিষদৰ সমূহ কাৰ্য্যবাহী সদস্য-সদস্যা, সাধাৰণ সদস্য-সদস্যা, অসমৰ বিশিষ্ট প্ৰকৃতিপ্ৰেমী, জোনাই অঞ্চলৰ বিশিষ্ট ব্যক্তি সকল, সমাজকৰ্মী, গাম সকল, বিজেপি, গণশক্তি, ছয় মিচিং জাতীয় সংগঠন MBK, MMK, MDK, MAK, TMMK, TMPK ৰ বিষয়ববীয়া, ধেমাজি জিলাৰ বহুকেইখন বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষক, ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজ।

Mising Autonomous Council

■ ১০/০২/২০২৫ তাৰিখে গোগামুখ, চেতিয়া গাও স্থিত RLRCৰ দক্ষতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰত মিচিং স্বায়ত্বশাসিত পৰিষদৰ আৰ্থিক সাহায্যৰে ২০২৪-২৫ বৰ্ষৰ UPSC প্ৰশিক্ষণ’ৰ বাবে দ্বিতীয় বাচনিত অংশগ্ৰহণ কৰা ১৫০ গৰাকী’ৰ মাজৰ পৰা নিৰ্বাচিত ৮৫ গৰাকী প্ৰাৰ্থীয়ে লিখিত পৰীক্ষা অংশগ্ৰহণ কৰে।

উক্ত পৰীক্ষা কেন্দ্ৰত উপস্থিত হৈ শুভেচ্ছা তথা আশীষ প্ৰদান কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

■ ০৯/০২/২০২৫ তাৰিখে
মিচিং বাংনৗ কৗবাঙৰ উদ্যোগত গোগামুখ আবুতানি লত্তা প্ৰেক্ষাগৃহত আলি-আঃয়ে-লৃগাঙৰ সংশোধিত নিয়মাৱলী (প্ৰথম সংস্কৰণ) সন্দৰ্ভত এখন সংবাদমেল অনু্ষ্ঠিত কৰে।

সংবাদমেলত উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, অধ্যক্ষ সুনীল কুমাৰ পেগু, MMK ৰ সাধাৰণ সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং, TMMK ৰ সাধাৰণ সম্পাদিকা শৰ্মিলা পায়েং, TMPK ৰ সহকাৰী সম্পাদক হৰিশ্চন্দ্ৰ কামান, মিচিং জাতীয় সংগঠনৰ বিষয়ববীয়া।

■ ০৮/০২/২০২৫ তাৰিখে শিৱসাগৰ জিলাৰ দিচাংমুখ লিগিৰীবাৰিত অনুষ্ঠিত হোৱা অসম-অৰুনাচল তাকাম পাংগিং অৃৰাং কেবাঙৰ দ্বিতীয় ত্ৰি-ৱাৰ্ষিক অধিৱেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।
উপস্থিত থাকে পৰিষদৰ সাধাৰণ সদস্যা নিভা পেগু মিলি, তাকাম পাংগিং অৃৰাং কেবাঙৰ বিষয়ববীয়া, বিশিষ্ট ব্যক্তি সকল, মিচিং জাতীয় সংগঠনৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

■ ০৪/০২/২০২৫ তাৰিখৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গোগামুখ মহাবিদ্যলয়ৰ খেলপথাৰত
ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় এথলেটিক মিট ২০২৪-২৫ অনুষ্ঠিত কৰে।

উক্ত অনুষ্ঠানটি শুভ উদ্বোধন কৰি মুখ্য অতিথি হিচাবে উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।

অনুষ্ঠানত উপস্থিত থাকে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ কুমাৰ ঝা, ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক কুমাৰ নেওগ, উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমান চন্দ্ৰ চেতিয়া, উজনি মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জাহ্নৱী লহকৰ বৰুৱা, বৰদলনি কেন্দ্ৰীয় মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শিৰোমণি বৰুৱা, গোগামুখ মহাবিদ্যালয়ৰ প্ৰাক্তন তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডিম্বেশ্বৰী গগৈ, গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জিতেন শইকীয়া, গোগামুখ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গোবিন শৰ্মা, মিচিং স্বায়ত্বশাসিত পৰিষদৰ সাধাৰণ সদস্য ৰাজু পেগু, গোগামুখ ক্ৰীড়া সন্থাৰ সভাপতি বিমল স্বৰ্গীয়ৰী, গোগামুখ মহাবিদ্যালয়ৰ অধ্যাপক সকল, পৰিচালনা সমিতি, বিভিন্ন জাতীয় সংগঠনৰ বিষয়ববীয়া, ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজ।

■ ১০/০২/২০২৫ তাৰিখে ASSAM CANCER CARE FOUNDATIONৰ উদ্যোগত,
সৰুসজাই ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ সহযোগত অনুষ্ঠিত হোৱা Cancer Screening Test কাৰ্য্যসূচীত মুখ্য অতিথি হিচাবে উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।

উপস্থিত থাকে পৰিষদৰ সাধাৰণ সদস্যা লাৱণ্য মিলি, সৰু সজাই ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

 

মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহ জানি থাকিবৰ নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *