Brahmaputra river

ভাৰতৰ একমাত্ৰ “পুৰুষ নদী খনৰ সৈতে অসম আৰু অসমীয়াৰ সম্পৰ্ক কি ?

Spread the love

 

Brahmaputra river

ভাৰত তথা অসমৰ এক প্ৰধান নদী হৈছে ব্ৰহ্মপুত্ৰ।
এই নদীক লুইত, বৰলুইত, চিৰিলুইত, লৌহিত্য আদি নামেৰে জনা যায়।
ব্ৰহ্মপুত্ৰৰ দৈৰ্ঘ্য প্ৰায় ২৯০০ কিলোমিটাৰ।
এছিয়াৰ ভিতৰতে অন্যতম দীঘল নদী এইখন । আনহাতে ভাৰতৰ একমাত্ৰ “পুৰুষ নদী”।
অসমৰ সভ্যতা-সংস্কৃতিৰ সৈতে ব্ৰহ্মপুত্ৰ নদী পৰস্পৰ জড়িত।

Brahmaputra river

বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীক আশ্ৰয় কৰিয়ে নানা জাতি-উপজাতি অসমলৈ আহি অসমৰ বুকুত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈ সমন্বয় আৰু সমাহাৰ প্ৰক্ৰিয়াৰ সংযোগত বৃহত্তৰ অসমীয়া জাতি গঠন কৰিছে।

Brahmaputra river

ব্ৰহ্মপুত্ৰৰ উৎপত্তিঃ হিন্দু ধৰ্মাৱলম্বী লোক সকলৰ বিশেষ এখন হিন্দু ধাৰ্মিক গ্ৰন্থ কালিকাপুৰাণত এই নদী সম্পৰ্কে এটি আখ্যান আছে।
অসমৰ পূৱফালে মিচিমি পৰ্ব্বতৰ আগাৰিত ব্ৰহ্মকুণ্ড নামে এটা কুণ্ড আছে।

Brahmaputra river
ই হিন্দুসকলৰ অতি পৱিত্ৰ তীৰ্থ।
এই ব্ৰহ্মকুণ্ডতেই ভগৱান পৰশুৰাম পাপৰ পৰা উদ্ধাৰ হয়, অৰ্থাৎ তাতেই তেওঁৰ হাতৰ পৰা কুঠাৰখন খহি পৰাত তেওঁ মহিমা দেখি সেই পানী আনৰ উপকাৰৰ অৰ্থে তাৰ পাৰটো কাটি দিয়ে।
ফলত তাৰ পানী দেশ-দেশান্তৰলৈ যায়।
এনেদৰেই ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি হয়।

ভাৰতৰ উত্তৰে অৱস্থিত তিব্বত মালভূমিৰ মানস সৰোবৰ হ্ৰদৰ পৰা চাংপো নামে এখন নৈ পূব মুৱাকৈ চীন আৰু ম্যানমাৰৰ মাজেৰে কিছুদূৰ বৈ আহি দক্ষিণ মূৱা হৈ প্ৰথমে চিয়াং তাৰ পিছত দিহাং নামেৰে অৰুণাচল ৰাজ্যৰ মাজেৰে বৈ গৈ অসমত প্ৰৱেশ কৰে।
দিহাঙৰ লগত অৰুণাচলৰ দিবাং আৰু লোহিত নামৰ দুখন নৈ লগ লাগে।
ইয়াৰ পিছৰ পৰা এই সন্মিলিত জলভাগ ব্ৰহ্মপুত্ৰ নামেৰে পৰিচিত হয়।

ব্ৰহ্মপুত্ৰই অসমৰ মাজেৰে বৈ গৈ যমুনা নামেৰে বাংলাদেশত প্ৰৱেশ কৰি গংগাত লগ লাগে, হুগলী আৰু পদ্মা নামেৰে দুভাগত বিভক্ত হয়।
তাৰ পিছত ই বঙ্গোপ সাগৰত পৰেগৈ।
ব্ৰহ্মপুত্ৰ আৰু গংগাৰ সঙ্গমস্থলীত বিশ্বৰ বৃহত্তম ব-দ্বীপ সুন্দৰবন অৱস্থিত।

এতিয়া জানো আঁহক ব্ৰহ্মপুত্ৰৰ সৈতে অসমৰ সম্পৰ্কঃ

অসম আৰু অসমীয়াৰ সৈতে ব্ৰহ্মপুত্ৰৰ আছে নিবিড় সম্পৰ্ক।
ব্ৰহ্মপুত্ৰ অসমীয়াৰ জীৱন ৰেখা।
অসমীয়া জনজীৱন আৰু সমাজৰ ওপৰত ব্ৰহ্মপুত্ৰৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী।
অতি প্ৰাচীন কালতেই ইয়াৰ পাৰত প্ৰাগজ্যোতিষপুৰ, শোণিতপুৰ, ধুবুৰী আদি নগৰ গঢ়ি উঠিছিল।
বৰ্তমানো গোৱালপাৰা, পলাশবাৰী, গুৱাহাটী, তেজপুৰ, শিলঘাট, খাৰুপেতীয়া, বিশ্বনাথ, ডিব্ৰুগড় আদি অসমৰ বহু নগৰ আৰু ব্যৱসায় প্ৰধান ঠাই ব্ৰহ্মপুত্ৰৰ পাৰতে অৱস্থিত।
ভাৰত বিভক্ত হোৱাৰ আগলৈকে কলিকতাৰ সৈতে বাণিজ্যৰ কাৰণে অসমৰ প্ৰধান জলপথ ব্ৰহ্মপুত্ৰ নদী।
ব্ৰহ্মপুত্ৰ নদীয়ে প্ৰচুৰ পৰিমাণে মাছ, কাছ, খৰি আদিৰো যোগান ধৰে।
আনহাতে, ব্ৰহ্মপুত্ৰৰ বুকুতেই ফেৰী নাঁৱৰ ব্যৱস্থাৰে প্ৰত্যেক দিনে মানুহ পাৰা-পাৰ কৰি বহু ব্যক্তিয়ে নিজৰ জীৱিকা চলাই আছে।
পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম নদী দ্বীপ উমানন্দ (peacock island) আৰু বৃহত্তম নদী দ্বীপ মাজুলী অসমৰ সাংস্কৃতিক মানচিত্ৰৰ সৈতে অংগাংগীভাৱে জড়িত।
বৰ্তমান নদী দ্বীপ মাজুলীৰ লগত একমাত্ৰ সংযোগ ব্ৰহ্মপুত্ৰৰ ওপৰত চলা নাও বা ফেৰী জাহাজ আদি।
এই দৰে ব্ৰহ্মপুত্ৰই অসমৰ শিল্প, বাণিজ্য, উদ্যোগ আদিৰ বিকাশ আৰু অগ্ৰগতিত বিশিষ্ট স্থান অধিকাৰ কৰি আছে।

ব্ৰহ্মপুত্ৰ নদীৰ পৰিসৰ বৰ বহল।
নাৱেৰে এই নদী পাৰ হোৱাটো অসুবিধা আৰু ভয়ংকৰ তথা বিপদজনক।
ইয়াৰ ওপৰত নিৰ্মাণ হোৱা শৰাইঘাট দলং, নৰনাৰায়ণৰ সেতু, কলীয়াভোমোৰা দলং, বগীবিল দলং , ভূপেন হাজৰিকা সেতুৱে দুয়োপাৰৰ মানুহৰ মাজত সম্পৰ্ক গঢ়াত সহায় কৰিছে।
ব্ৰহ্মপুত্ৰই যিদৰে বাৰিষা খেতি পথাৰত পলস পেলাই মাটি সাৰুৱা কৰি পথাৰত নানা তৰহৰ শস্যৰ পৰিমাণ বৃদ্ধি কৰে আনহাতে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই বছৰি অসমৰ অনেক গাঁও-ভুই, খেতি-পথাৰ তথা অসমৰ অৰ্থনীতিৰ বিস্তৰ ক্ষতি সাধন কৰে।
ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰিসমূহ মৰাপাট আৰু শাক-পাচলিৰ খেতিৰ বাবে বিখ্যাত।
লুইতৰ বানপানী অসমৰ এটা প্ৰধান সমস্যা।

অসমত ব্ৰহ্মপুত্ৰ নদীৰ উপনদীসমূহঃ উত্তৰ দিশৰ উপনৈ- জীয়া ভৰলী, পাগলাদিয়া, মানস, ৰঙানৈ,
সোণকোষ, সোৱণশিৰি, জীয়াঢল, জীয়া ধনশিৰি,
ডিক্ৰং, দিবং, পুঠিমাৰি, গংগাধৰ, গাভৰু, চম্পাৱতী,
ছিয়াং, বৰগাং, বৰনদী, বুৰৈ,
বেঁকী, সৰলভাগা।

দক্ষিণ দিশৰ উপনৈ- কপিলী,
কলং, কাকডোঙা, জাঁজী, ডিব্ৰু, দিখৌ, দিচাং, দুধনৈ,
ধনশিৰি, বুঢ়ী দিহিং, ভোগদৈ, কুলসি, কৃষ্ণাই, জিঞ্জিৰাম, জিনাৰী, ডিগাৰু, দৰিকা, দিহিং, দিয়ুং, ভৰলু, যমুনা,
লোহিত।Brahmaputra river

যাতায়তৰ সুবিধাৰ্থে অসমত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বৰ্তমানলৈ ৬খন বৃহৎ দলং নিৰ্মাণ কৰা হৈছে। এই কেইখন হৈছে-

১/ শৰাইঘাট দলং– ব্ৰহ্মপুত্ৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰে’লপথযুক্ত দলং।Saraighat Bridge
১৯৬৩ চনৰ ৭ জুনত সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে দলংখন আনুষ্ঠানিকভাৱে যাত্ৰীৰ বাবে মুকলি কৰে।
এই দলঙখনৰ ওপৰেদি ৰাষ্ট্ৰীয় ঘাইপথ আৰু তলেদি ৰেলপথৰ ব্যৱস্থা আছে।
বৰ্তমান দলঙখনৰ চোৱা-চিতাৰ কৰাৰ দায়িত্বত আছে উত্তৰ-পূৱ সীমান্ত ৰেলৱে।
গুৱাহাটীৰ জালুকবাৰী আৰু কামৰূপ (গ্ৰাম্য)জিলাৰ আমিনগাঁও সংযোগী এই দলংখনৰ দৈঘ্য ১.৪৯ কিলোমিটাৰ।

আনহাতে, শৰাইঘাট দলঙৰ কাষতে “নতুন শৰাইঘাট দলং বা শৰাইঘাটৰ দ্বিতীয় দলং” নিৰ্মাণ কৰা হৈছে।
অসমৰ উত্তৰ আৰু দক্ষিণপাৰ সংযোগী এই এখলপীয়া পথৰ দলংখনে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আমিনগাঁও আৰু দক্ষিণপাৰৰ পাণ্ডুৰ মাজত সংযোগ স্থাপন কৰিছে।
তিনি লেনযুক্ত এই দলংখন ২০১৭ চনৰ ২৮ জানুৱাৰীত তদানীন্তন কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নিতিন গাডকাৰীয়ে উদ্বোধন কৰিছিল।

২/ নৰনাৰায়ণ সেঁতু– বঙাইগাওঁ জিলাৰ যোগীঘোপাত অৱস্থিত।Naranarayan Setu
১৬শ শতিকাৰ কোঁচ ৰজা নৰনাৰায়ণৰ নামত এই সেঁতুখন নিৰ্মাণ কৰা হৈছে৷
যোগীঘোপা আৰু পঞ্চৰত্নক সংযোগ কৰাৰ উদ্দেশ্যে ১৯৮৩ চনৰ ১১ নৱেম্বৰত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে নৰনাৰায়ণ সেঁতুৰ আধাৰশিলা স্থাপন কৰিছিল৷
ই এখন ৰে’লপথ সংযোগী দলং।
ইয়াৰ ৰে’লপথে যোগীঘোপা ষ্টেছনক কামাখ্যা জংছনলৈ সংযোগ কৰিছে৷
১৯৯৮ চনৰ ১৫ এপ্ৰিলত তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে আনুষ্ঠানিকভাৱে নৰনাৰায়ণ সেঁতু উদ্বোধন কৰে৷
নৰনাৰায়ণ সেঁতুৰ দৈৰ্ঘ্য ২.২৮৪ কিলোমিটাৰ৷
বহল ১১.৫০ মিটাৰ আৰু গভীৰতা ১৮.৫০ মিটাৰ৷

৩/ ধলা-শদিয়া দলং
বহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মিত আটাইতকৈ দীঘল দলঙখনেই হৈছে ধলা-শদিয়া দলং।Dhola-Sadiya Bridge
এই দলংখনক ভূপেন হাজৰিকা সেঁতু নামৰেও জনা যায়।
ধলা-শদিয়াৰ দৈঘ্য ৯.১৫ কিলোমিটাৰ।
তিনিচুকীয়া জিলাত অৱস্থিত এই দলংখন ২০১৭ চনৰ ২৬ মে’ত ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছিল।

৪/ বগীবিল দলং
এই দলংখনৰ দৈঘ্য ৪.৯৪ কিলোমিটাৰ।Bogibeel Bridge
বগীবিল দলঙে ধেমাজি আৰু ডিব্ৰুগড় জিলাক সংযোগ কৰিছে।
এই দলংখন ২০১৮চনৰ ২৫ ডিচেম্বৰত ৰাইজৰ বাবে মুকলি কৰা হৈছিল।

৫/ কলীয়া ভোমোৰা দলং
শোণিতপুৰ আৰু নগাঁও জিলা সংযোগী কলীয়া ভোমোৰা দলঙৰ মুঠ দৈঘ্য ৩.৩ কিলোমিটাৰ।Kolia Bhomora Setu
এই দলঙখন ১৯৮৭ চনৰ ১৪ এপ্ৰিলত তেতিয়াৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে ৰাইজৰ যাতায়তৰ সুবিধাৰ্থে মুকলি কৰিছিল।

৬/ ধুবুৰী-ফুলবাৰী সংযোগী দলং।

এই দলংখন ভাৰতৰ দীৰ্ঘতম দলং আৰু ইয়াৰ দৈৰ্ঘ্য প্ৰায় ১৯ কিলোমিটাৰতকৈ অধিক।

বাংলাদেশ সীমান্তৰ নিচেই ওচৰত অৱস্থিত এই নিৰ্মাণাধীন দলংখন অসমৰ ধুবুৰীৰ সৈতে মেঘালয়ৰ ফুলবাৰীৰ লগত সংযুক্ত, যিটো ১২৭ বি নং ৰাষ্ট্ৰীয় ঘাই পথৰ এক বিচ্ছিন্ন সংযোগ।

৭/ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মান কৰা যোৰহাট-মাজুলী দলংখন বৰ্তমান নিৰ্মীয়মান অৱস্থাত আছে।

৮/ ব্ৰক্ষ্মপুত্ৰ ওপৰত আধুনিক প্ৰযুক্তিৰে জালুকবাৰী- আমিনগাওঁ সংযোগী এখন দলং নিৰ্মাণ কৰা হৈছে।Bharalumukh to North Guwahati six lane bridge

 

৯/ ভূৰাগাঁও-খাৰুপেটীয়া দলং– ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ৰাষ্ট্ৰীয় ঘাইপথ ৭১৫এ ৰ ওপৰত ৭.৬৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ (৪.৭৪ মাইল) প্ৰস্তাৱিত পকী পথ দলং ৷
ইয়াৰ জৰিয়তে উত্তৰ পাৰৰ দৰং জিলাৰ খাৰুপেটীয়াক দক্ষিণ পাৰৰ মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ সৈতে সংযোগ।

অসমৰ ইতিহাস, পৰম্পৰা, আধ্যাত্মিকতা, প্ৰকৃতি, সমসাময়িক গীত আৰু প্ৰেম, লোক-সাহিত্যৰ কাহিনী এই সকলোবোৰ ব্ৰহ্মপুত্ৰৰ গভীৰ বুকুত চিৰপ্ৰবাহমান হৈ থাকিব ।

সেয়েহে কোৱা হয়- লুইত যিদিনালৈকে বৈ থাকিব, অসমীয়া জাতিও সেইদিনালৈকে জীয়াই থাকিব।

 

প্ৰিয় দৰ্শক, এনে ধৰণৰ গুৰুত্বপূৰ্ণ তথ্য জানিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com

ধন্যবাদ ।

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *