
শিক্ষাখণ্ডৰ দৰে স্বাস্থ্য খণ্ডও ৰাজ্য এখনৰ প্রগতিৰ বাবে অপৰিহাৰ্য অংগ।
দেশে স্বাধীনতা লাভ কৰা বৰ্ষটিৰ ৩ নৱেম্বৰ তাৰিখে ডিব্ৰুগড় নগৰৰ “বৰবাৰী” অঞ্চলত স্থাপিত হয়
অসম চিকিৎসা মহাবিদ্যালয়।
অসমৰ পূব প্ৰান্তত অৱস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম আৰু আটাইতকৈ পুৰণি চিকিৎসা মহাবিদ্যালয়।
ইয়াৰ আগেয়ে ই “বেৰী-হোৱাইট মেডিকেল স্কুল” নামেৰে জনাজাত আছিল, যিখন ১৯০০ চনত স্থাপিত হৈছিল।
জানো আঁহক অসম চিকিৎসা মহাবিদ্যালয়ৰ উৎপত্তি সম্পৰ্কে –
১৯০০ খ্ৰীষ্টাব্দত ছাৰ জন বেৰী হোৱাইট নামৰ এজন ব্ৰিটিছ সৈন্যবাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়াই তেওঁৰ জীৱনজোৰা উপাৰ্জনৰ ৫০ হাজাৰ টকা দান কৰি ডিব্ৰুগড়ত “বেৰী হোৱাইট মেডিকেল স্কুল” স্থাপন কৰে।
Dr John Berry White
এই মেডিকেল স্কুলখনলৈ শ্বিলংস্থিত অসম মেডিকেল কাউঞ্চিলেও বিত্তীয় সাহায্য আগবঢ়ায়।
নাম ভৰ্তিৰ ন্যূনতম শিক্ষাগত অৰ্হতা আছিল মেট্ৰিক উত্তীৰ্ণ।
পাঠ্যক্ৰম আছিল চাৰিবছৰীয়া।
ইয়াৰ পৰা উত্তীৰ্ণ হোৱা চিকিৎসক সকলক এল.এম.পি (Licentiate Medical practitioner) বোলা হৈছিল।
১৯৩৮ চনত সেই সময়ৰ অবিভক্ত অসমৰ অনুজ্ঞাপত্ৰপ্ৰাপ্ত চিকিৎসক সকলৰ দ্বাৰা আয়োজিত আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখন সভাত বেৰী হোৱাইট মেডিকেল স্কুলক এখন পূৰ্ণাংগ চিকিৎসা মহাবিদ্যালয়লৈ উন্নীত কৰাৰ সিদ্ধান্ত লোৱা হয়।
তাৰ পিছত ১৯৪৭ চনৰ ৩ নৱেম্বৰত “বেৰী হোৱাইট মেডিকেল স্কুল”ক উন্নীত কৰি “অসম চিকিৎসা মহাবিদ্যালয়” নামেৰে উদ্বোধন কৰে।
১৯৫২ চনত ১২ জন ছাত্ৰই প্ৰথম স্নাতক ডিগ্ৰী লাভ কৰে।
সেইবছৰতে ই “ভাৰতীয় চিকিৎসা পৰিষদ”ৰ পৰা স্বীকৃতিপ্ৰাপ্ত হয়।
১৯৬০ চনত অসম চিকিৎসা মহাবিদ্যালয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰা হয়।
আৰম্ভণিতে অসমত বেছি অভিজ্ঞ চিকিৎসক নাছিল বাবে জ্যেষ্ঠ অধ্যাপকৰ পদসমূহ পূৰণৰ অৰ্থে ভাৰতৰ বিভিন্ন ঠাইৰপৰা খ্যাতনামা চিকিৎসক অনা হৈছিল।
তেখেতেসকলৰ ভিতৰত আছিল – অধ্যাপক জি ডি কাপুৰ, অধ্যাপক পি এন টানেজা, অধ্যাপক এন গুপ্তা, অধ্যাপক বি এইচ্চ্ পি পাই, অধ্যাপক কে এচ গ্ৰেৱাল, অধ্যাপক পি চি নাম্বিয়াৰ, অধ্যাপক আৰ জি কৃষ্ণন, অধ্যাপক এ ই সুন্দৰসন আদি।
উল্লেখ্য যে, “বেৰী হোৱাইট মেডিকেল স্কুল”ত শেষৰটো ছাত্ৰদল ভৰ্ত্তি হৈছিল ১৯৪৬ চনত আৰু এই দলৰ পাঠ্যক্ৰম শেষ হৈছিল ১৯৫০ চনত।
অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথমগৰাকী অধ্যক্ষ আছিল ডা: হেমচন্দ্ৰ বৰুৱা।
অসম চিকিৎসা মহাবিদ্যালয়ত বিভিন্ন পাঠ্যক্ৰম আছে তাৰ ভিতৰত – এম বি বি এচ, স্নাতকোত্তৰ ডিগ্ৰীৰ পাঠ্যক্ৰম, স্নাতকোত্তৰ ডিপ্ল’মাৰ পাঠ্যক্ৰম, ফাৰ্মাচি ডিপ্ল’মাৰ পাঠ্যক্ৰম, লেব’ৰেটৰী টেকনিচিয়ানৰ পাঠ্যক্ৰম, ৰেডিঅ’গ্ৰাফাৰ পাঠ্যক্ৰম, ই চি জি টেকনিচিয়ানৰ পাঠ্যক্ৰম ইত্যাদি।
অসম চিকিৎসা মহাবিদ্যালয়ত মুঠ ২৫টা বিভাগৰ লগতে অন্যান্য বিভাগ আছে।
২৫ টা বিভাগ ক্ৰমে – অস্থিৰোগ বিভাগ, ই এন টি বিভাগ, এনাস্থেচিয়’ল’জি বিভাগ, কমিউনিটি মেডিচিন বিভাগ, চকু-চিকিৎসা বিভাগ, চৰ্মৰোগ বিভাগ, জৈৱ-ৰসায়ন বিভাগ, যক্ষ্মাৰোগ বিভাগ, মেডিচিন বিভাগ, ৰেডিঅ’ডায়েগন’চিচ বিভাগ, ৰোগতত্ত্ব বিভাগ, শিশু-চিকিৎসা বিভাগ,
অস্ত্ৰোপচাৰ বিভাগ, শৰীৰতত্ত্ব বিভাগ, স্ত্ৰীৰোগ আৰু প্ৰসূতি বিভাগ, স্নায়ুৰোগ বিভাগ, হৃদৰোগ বিভাগ, দন্ত-চিকিৎসা বিভাগ,
পেৰামেডিকেল বিভাগ, প্লাষ্টিক চাৰ্জাৰি বিভাগ,
ফাৰ্মাক’লজি বিভাগ,
ফিজিঅ’লজি বিভাগ,
ফৰেনচিক মেডিচিন বিভাগ,
অনুজীৱ বিজ্ঞান বিভাগ,
মানসিক ৰোগ বিভাগ আদি।
২০২৫ বৰ্ষ তথা বৰ্তমান অধীক্ষক হৈছে ডা° প্ৰশান্ত দিহিঙ্গীয়া, এম. ডি. (মেডিচিন), আৰু অধ্যক্ষ হৈছে ডা° সঞ্জীৱ কাকতি, এম. ডি. (মেডিচিন)।
অসমত বহুকেইখন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় নিৰ্মাণ কৰা হৈছে আৰু কেইবাখনো নিৰ্মীয়মান অৱস্থাত আছে।
চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় সমূহ ক্ৰমে –
১/ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, ডিব্ৰুগড়।
২/ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, গুৱাহাটী।
৩/ শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, শিলচৰ।
৪/ যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, যোৰহাট।
৫/ ফকৰুদ্দিন আলী আহমেদ মহাবিদ্যালয় আৰু চিকিৎসালয়, বৰপেটা।
৬/ তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, তেজপুৰ।
৭/ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় , জিএমচিএইচৰ সতে সংযুক্ত।
৮/ ২০০ খন বিচনাযুক্ত কেন্সাৰ চিকিৎসালয়, জিএমচিএইচৰ সতে সংযুক্ত।
৯/ অসম পাৰ্বত্য চিকিৎসা মহাবিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠান, ডিফু।
১০/ নগাওঁ চিকিৎসা মহাবিদ্যালয়, নগাওঁ।
১১/ ধুবুৰী চিকিৎসা মহাবিদ্যালয়, ধুবুৰী।
১২/ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়, উত্তৰ লখিমপুৰ।
১৩/ দন্ত চিকিৎসা মহাবিদ্যালয়, শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ সতে সংযুক্ত।
১৪/ দন্ত চিকিৎসা মহাবিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়ৰ সতে সংযুক্ত।
১৫/ কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়, কোকৰাঝাৰ।
১৬/ নলবাৰী চিকিৎসা মহাবিদ্যালয়, নলবাৰী।
১৭/ তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়, তিনিচুকীয়া।
১৮/ অসম হোমিওপেথিক চিকিৎসা মহাবিদ্যালয়, নগাঁও।
১৯/ আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, গুৱাহাটী।
২০/ শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়, শিৱসাগৰ।
২১/ মৰিগাঁও চিকিৎসা মহাবিদ্যালয়, মৰিগাঁও।
২২/ ধেমাজি চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, ধেমাজি।
২৩/ বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়, বঙাইগাঁও।
২৪/ তামুলপুৰ চিকিৎসা মহাবিদ্যালয়, তামুলপুৰ।
২৫/ গোলাঘাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, গোলাঘাট।
২৬/ গোৱালপাৰা চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, গোৱালপাৰা।
২৭/ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, খানাপাৰা।
২৮/ কৰিমগঞ্জ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়।
২৯/হোজাই চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়।
অসমৰ প্ৰথম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আগশাৰীৰ চিকিৎসা মহাবিদ্যালয়খন “অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়” নামেৰে পৰিচিতি লাভ কৰাত চিকিৎসা মহাবিদ্যালয়খনে
চিকিৎসা খণ্ডৰ উত্তৰণ তথা মানৱ সেৱাত অগ্ৰণী ভূমিকা পালন কৰি আহিছে।
Rnewsindia24.com পৰিয়ালৰ তৰফৰ পৰা
যিসকল মহান ব্যক্তিৰ চিন্তা আৰু আশাশুধীয়া প্ৰচেষ্টাৰ ফলত এই চিকিৎসা মহাবিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল, তেওঁলোকলৈ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনালোঁ।
অনাগত দিনবোৰৰ প্ৰতিটো পল অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খনত মানৱ সেৱাৰ যাত্ৰা অবিৰত থাকক আৰু মানৱ সম্পদ সৃষ্টিৰে স্বাস্থ্যখণ্ড তথা সমাজ জীৱনলৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াই যাব বুলি আমি দৃঢ় বিশ্বাসী।
এনে ধৰণৰ গুৰুত্বপূৰ্ণ তথ্যৰ বিষয়ে জানিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com
ধন্যবাদ।।
Sangita Dutta Editor in Chief Rnewsindia24.com