বিশ্বৰ চাহ প্ৰযুক্তিবিদ্যা বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা বিশ্ববিদ্যালয় খন আছে ক’ত ?

কৃষি- অসমৰ গ্ৰাম্য অৰ্থনীতিৰ মেৰুদণ্ডস্বৰূপ।
বিজ্ঞানসন্মত কৃষি শিক্ষাৰ প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি অহা অসম কৃষি বিশ্ববিদ্যালয়ে কৃষক আৰু আমাৰ কৃষিভিত্তিক গ্ৰাম্য অৰ্থনীতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে।
শেহতীয়াকৈ জলবায়ুৰ পৰিৱৰ্তনে অসমৰ কৃষিখণ্ডলৈ বহু প্ৰত্যাহ্বান আনিছে।
ৰাজ্যখনৰ কৃষি খণ্ডত নতুন প্ৰযুক্তি আৰু অত্যাধুনিক যন্ত্ৰ-পাতিৰ প্ৰয়োগেৰে আমাৰ কৃষকসকলক অধিক লাভান্বিত কৰাত সহায় কৰিছে।
ৰাজ্যৰ মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ সুদক্ষ নেতৃত্বত আমাৰ চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে।
আনহাতে, অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ক্ষুদ্র চাহ খেতিয়কসকলে ।
ঐতিহ্যমণ্ডিত অসম কৃষি বিশ্ববিদ্যালয়লৈ কৃষি-শিক্ষা, গৱেষণা আৰু সম্প্ৰসাৰণৰ দিশত আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰীয় কৃষি শিক্ষা মূল্যায়ন বোৰ্ডে “এ” গ্ৰেড প্ৰদান কৰে।
জানো আঁহক অসম কৃষি বিশ্ববিদ্যালয়ৰ চমু বিৱৰণ –
১৯৬৯ চনৰ ১ এপ্ৰিলত যোৰহাটত অসমৰ একমাত্ৰ কৃষি বিশ্ববিদ্যালয় স্থাপিত হয়।
প্ৰথমে যোৰহাটৰ অসম কৃষি মহাবিদ্যালয় আৰু গুৱাহাটীৰ অসম পশু চিকিৎসা মহাবিদ্যালয় দুখনক কেন্দ্ৰ বিন্দু হিচাপে লৈ এই বিশ্ববিদ্যালখন আৰম্ভ কৰা হৈছিল
এই বিশ্ববিদ্যালয় খনে অসমত কৃষি শিক্ষা, গৱেষণা আৰু কৃষি সম্প্ৰসাৰণৰ হকে কাম কৰি আহিছে।
বিশ্বৰ কেৱল এই বিশ্ববিদ্যালয়তেই চাহ প্ৰযুক্তিবিদ্যা বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ পৰ্য্যায়ৰ শিক্ষা প্ৰদান কৰা হয়।
ছশৰো অধিক শিক্ষক, গৱেষক আৰু সম্প্ৰসাৰণ বিশেষজ্ঞই এই বিশ্ববিদ্যালয়ৰ যোগেদি কৃষি আৰু পশু চিকিৎসা বিজ্ঞানৰ বিভিন্ন বিষয়ত সেৱা আগবঢ়াই আছে।
বিশ্ববিদ্যালয়ৰ অধীনত ন-খন মহাবিদ্যালয় আছে –
১/ কৃষি মহাবিদ্যালয়, যোৰহাট।
২/ গাৰ্হস্থ্য বিজ্ঞান মহাবিদ্যালয়, যোৰহাট।
৩/ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, খানাপাৰা, গুৱাহাটী।
৪/ বিশ্বনাথ কৃষি মহাবিদ্যালয়, বিশ্বনাথ চাৰিআলি।
৫/ লক্ষীমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, উত্তৰ লখিমপুৰ।
৬/ মীন মহাবিদ্যালয়, ৰহা।
৭/ শৰৎ চন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়, চাপৰ।
৮/ উদ্যানকৃষি মহাবিদ্যালয়, নলবাৰী।
৯/ ৰেচম মহাবিদ্যালয়, তিতাবৰ।
উক্ত বিশ্ববিদ্যালয়ৰ অধীনত অসমৰ ছটা কৃষি অঞ্চলত একোখনকৈ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ আছে।
ক্ৰমে –
১/ তিতাবৰ – উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল।
২/ উত্তৰ লক্ষিমপুৰ – উত্তৰ পাৰৰ সমতল অঞ্চল।
৩/ শ্বিলঙিনী – মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল।
৪/ ডিফু – পাৰ্বত্য অঞ্চল।
৫/ গোঁসাইগাঁও – নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল।
৬/ কৰিমগঞ্জ- বৰাক উপত্যকা অঞ্চল।
এই বিশ্ববিদ্যালয়ৰ দ্বাৰা অসমৰ প্ৰতিখন জিলাতে কৃষি বিজ্ঞান কেন্দ্ৰ একোখনকৈ স্থাপন কৰা হৈছে।
উল্লেখ্য যে, দেশৰ কৃষি শিক্ষা গৱেষণা আৰু সম্প্ৰসাৰণৰ দিশত আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং ফ্ৰেমৱৰ্ক ৰেংকিঙত ১৯ সংখ্যক স্থান লাভ কৰে।
ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে দেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ স্থান নিৰ্ধাৰণৰ বাবে গ্ৰহণ কৰা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং ফ্ৰেমৱৰ্কৰ জৰিয়তে ৰাজ্যৰ একমাত্ৰ কৃষি বিশ্ববিদ্যালয়খনে সৰ্বভাৰতীয় স্তৰত এই স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয়।
কৃষি শিক্ষাৰ বাটকটীয়া অসম কৃষি বিশ্ববিদ্যালয়খনে জন্মলগ্নৰে পৰা ৰাজ্যখনত গুণগত কৃষি-শিক্ষা প্ৰদান আৰু বৌদ্ধিক পৰিৱেশ সৃষ্টিৰ ক্ষেত্ৰত যি নিৰলস প্ৰয়াস চলাই আহিছে, অনাগত দিনসমূহতো এই যাত্ৰা অধিক শক্তিশালীৰূপত বিশ্ববিদ্যালয় পৰিয়ালে আগবঢ়াই লৈ যাওঁক আৰু সফলতাৰ ন ন ইতিহাস ৰচক, তাৰেই কামনা কৰিলোঁ।
এনেধৰণৰ গুৰুত্বপূৰ্ণ বাৰ্তা সমূহ জানি থাকিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব rnewsindia24.com
ধন্যবাদ।।
Sangita Dutta Editor in Chief Rnewsindia24.com