ফাঁকুৱা প্ৰথম কোনে, ক’ত উদযাপন কৰিছিল।
“ৰংগে ফাগু খেলে চৈতন্য বনমালী৷
দুই হাতে ফাগুৰ গুণ্ডা সিঞ্চন্ত মুৰাৰি৷৷”
অসমৰ প্ৰতিটো উৎসৱ ধৰ্মীয় পৰম্পৰাৰে সমৃদ্ধ ।
ৰঙৰ উৎসৱ ‘ফাঁকুৱা’ৰো আছে ঐতিহ্য আৰু পৰম্পৰা।
ফাগুন মাহৰ পূৰ্ণিমা তিথিত হিন্দু ধৰ্মৰ লোকসকলে ফাঁকুৱা উদযাপন কৰে।
ফাঁকুৱাক হোলী, দৌলোৎসৱ, ফল্গুউৎসৱ, ফাগুৱা, ফাঁকু, মদনোৎসৱ আদি বিভিন্ন নামেৰে জনা যায়।
সমগ্ৰ দেশতে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফল্গুৎসৱ ফাগুন বা চ’ত মাহৰ পূৰ্ণিমা তিথিতেই পালন কৰা হয়।
হিন্দুসকলৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ বা বিষ্ণুৰ উদ্দেশ্য কৰি এই উৎসৱ উদযাপন কৰা হয়।
ফাঁকুৱাৰ উৎপত্তি – পৌৰাণিক আখ্যানত এই দিনটোক ‘কাম দহনৰ দিন’ বুলি উল্লেখ কৰিছে।
আখ্যান অনুসৰি এসময়ত গিৰিৰাজ হিমালয়ৰ কন্যা পাৰ্বতীয়ে আদিদেৱ মহাদেৱক স্বামীৰূপে পাবলৈ কঠোৰ ব্ৰতত ব্ৰতী হৈছিল।
কিন্তু মহাপ্ৰভু স্বয়ং তেতিয়া তপস্যাত বিলীন হৈ আছিল।
তেওঁৰ সৈতে দেৱী পাৰ্বতীৰ বিবাহ কাৰ্য সম্পন্ন কৰি দিয়াৰ অন্য উপায় নেদেখি দেৱতাসকলে কামদেৱক ‘কামবাণ’ নিক্ষেপ কৰিবলৈ দিছিল।
মহাদেৱৰ তপ ভংগ হোৱাত তেওঁৰ প্ৰথম ক্ৰোধ দৃষ্টি কামদেৱৰ ওপৰত পৰে।
তেওঁৰ ত্ৰিনয়নৰ জুইত কামদেৱ ভস্মীভুত হয়।
কামদহনৰ এই আখ্যানে মূলত সাংসাৰিক লোভ, মোহ, কাম, ক্ৰোধ ত্যাগৰেই প্ৰতিনিধিত্ব কৰে।
আন এক আখ্যান অনুসৰি হিৰণ্যকশিপুৱে তেওঁৰ পুত্ৰ প্ৰহ্লাদক মাৰিবলৈ ভগ্নী হোলিকাক নিৰ্দেশ দিছিল।
হোলিকাই নিজৰ শৰীৰৰ জুইৰে প্ৰহ্লাদক ভস্মীভূত কৰিবলৈ গৈ নিজেই নিঃশেষ হৈ যায়।
হোলিকাই মৃত্যুক্ষণত নিজৰ ভুল বুজিব পাৰি প্ৰহ্লাদৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে।
প্ৰহ্লাদে বৰ দিলে যে মৃত্যুৰ পিছত বছৰত অন্ততঃ এদিন মানুহে হোলিকাক স্মৰণ কৰিব।
এই হোলিকাৰ পৰাই হোলী শব্দৰ সৃষ্টি হৈছে বুলিব পাৰি।
সেয়ে বিভিন্ন ঠাইত ফাঁকুৱাৰ আগদিনা অপশক্তি হোলিকাক দাহ কৰা হয়।
ভাৰতৰ বিভিন্ন ঠাইত ফাঁকুৱাৰ আগদিনা ৰাতি এটা মেজি সাজি তাৰ চাৰিওফালে নৃত্য-গীত গাই আনন্দ কৰে।
উত্তৰ ভাৰতৰ কোনো কোনো ঠাইত এই উৎসৱ এসপ্তাহৰ বাবে পালন কৰে।
ঠাইবিশেষে মানুহৰ ঘৰবোৰ ৰং কৰায়, ঘৰৰ পদূলি, দুৱাৰমুখ আদিত ফাঁকুগুৰি আৰু ফুলেৰে সজাই তোলে।
অসমত ফাঁকুৱা বা দৌল উৎসৱ– পাতনি মেলে ২১ বছৰ বয়সত বৰদোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই।
দ্বিতীয়তে বৈকুণ্ঠপুৰী বৰপেটা ধামত দৌল উৎসৱ প্ৰচলন কৰিছিল ১৫১৮ শকত বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাই।
সেই দিনাৰে পৰা পৰম্পৰাগতভাৱে জাক-জমকতাৰে বৰপেটা সত্ৰত দৌল উৎসৱ পালন কৰি অহা হৈছে।
স্থানীয় ভাষাত এই উৎসৱক দেউল বোলা হয়।
ধৰ্মীয় আচাৰ, ভক্তিৰস আৰু লোক-পৰম্পৰাৰ অপূৰ্ব সমন্বয়ৰ উদাহৰণ হ’ল বৰপেটাৰ দৌল উৎসৱ।
বৰপেটাত ফাগুন মাহৰ পূৰ্ণিমা তিথিত দৌল হ’লে চাৰিদিনীয়াকৈ বা পাঁচদিনীয়াকৈ আৰু চ’তৰ মাহৰ পূৰ্ণিমা তিথিত দৌল হ’লে তিনিদিনীয়াকৈ পালন কৰা হয়।
চাৰিদিনীয়া বা পাঁচদিনীয়া উদযাপন কৰা দৌলক ডেকাদৌল আৰু তিনিদিনীয়া উদযাপন কৰা দৌলক বুঢ়াদৌল বোলা হয়।
দৌলোত্সৱৰ প্ৰথম দিনটোক “গোন্ধযাত্ৰা” বা বহ্নোৎসৱ বা গন্ধ, দ্বিতীয় দিনটোক “ভৰ দেউল” আৰু তৃতীয় দিনটোক “সুঁৱেৰী” বা “ফাঁকুৱা” বোলা হয়।
গোন্ধযাত্ৰা- এই দিনটোত বৰপেটাৰ ২২খন হাটীৰ উপৰি ইয়াৰ উপকণ্ঠ অঞ্চলত ভক্তসকলে পথাৰৰ পৰা নল, খাগৰি, ইকৰা আদি আনি সত্ৰৰ টুপৰ চোতালত এটা মেজি সাজে।
আবেলি এক নিৰ্দিষ্ট ক্ষণত দৌলগোবিন্দ মহাপ্ৰভুক ভাজঘৰৰ পৰা গায়ন-বায়ন, ঢুলিয়া সমন্বিতে পূব দুৱাৰেদি উলিয়াই অনা হয়।
ইয়াৰ পিছত সন্ধিয়ালৈ গোসাঁইক (শ্ৰীকৃষ্ণ) গায়ন-বায়ন আৰু বৰঢুলীয়াৰে সৈতে ভক্তবৃন্দই টুপৰ চোতালত সজা মেজিৰ কাষলৈ নিয়ে।
প্ৰজ্জ্বলিত মেজিৰ চাৰিওফালে গোসাঁইক সাতপাক ঘূৰোৱা হয়।
ইয়াক ‘মেজি পুওৱা’ বা ‘মাঘ পুওৱা’ বুলি কোৱা হয়।
সেই সময়তে চৌদিশ ঢোল, খোল, দবা, শংখ, ঘণ্টা আদিৰ শব্দৰ লগতে হোলীগীতৰ প্ৰতিধ্বনিয়ে মুখৰিত কৰে।
লগতে চাৰিওফালে স্থানীয় আতচবাজী প্ৰদৰ্শন কৰা হয়।
মেজিৰ জুইৰ চাৰিওফালে সাতপাক ঘূৰোৱাৰ পিছত গোসাঁইক পোনতে নি বৰপেটা সত্ৰৰ উত্তৰ-পশ্চিম দিশত থকা ‘যোগমোহন গৃহ’ত এখন শৰাইত ৰখা হয়।
নক্ষত্ৰ গণনা অনুসৰি গোসাঁইক এক শুভ ক্ষণত দৌলত আৰোহণ কৰা হয়।
ইয়াতো গায়ন-বায়ন, বৰঢুলীয়াৰে আৰু ভক্তসকলৰ জয়ধ্বনিৰে গোসাঁইক দৌলত সাতোতা চিৰিৰে সাতপাক ঘূৰাই দৌলৰ ভিতৰৰ সুসজ্জিত দোলাত স্থাপন কৰা হয়।
ৰাতিলৈ সেৱা-কীৰ্ত্তন আৰু যাত্ৰাভিনয় কৰা হয়।
ভৰদৌল- দ্বিতীয় দিনা পুৱা যোগমোহন গৃহত আইসকল আৰু বাপুসকলে প্ৰসংগৰ পিছত বংশৰা বা হাটী গোটৰ গায়ন-বায়নসকলে গুৰুঘাট বজাই শ্যাম ৰাগৰ দুটা ‘পুৱাৰ গীত’ আৰু ললিতা ৰাগৰ ‘যশোমতী পেখিতে নয়ন জুৰাই’ গীতটো গায়।
সুঁৱেৰী- ভৰদৌলৰ পিছদিনা ফাকুৱা বা হোলী।
স্থানীয়ভাৱে ফাকুৱাক ‘সুঁৱেৰী’ বা ‘সৌৰী’ বোলা হয়।
সেইদিনা ফাকু গুৰি ছটিয়াই সকলোৱে আনন্দ কৰে।
ভৰদৌলৰ নিশা দৌলগোবিন্দ মহাপ্ৰভু আৰু কলীয়া ঠাকুৰ গোসাঁইক দৌলৰ পৰা নমাই কীৰ্ত্তন ঘৰৰ ভিতৰত ৰখা হয়।
সুঁৱৰীৰ দিনা আৱেলি পুনৰাই গোসাঁইক মঠৰ চোতাললৈ আনি পূজা কৰা হয়।
ইয়াৰ পিছত গোসাঁইক বৰপেটা সত্ৰৰ দক্ষিণ দিশে থকা কলবাৰী সত্ৰলৈ নিয়ে।
তাতে গোসাঁইৰ দোলা পৱিত্ৰ ভূমিত ৰখা হয়।
ভক্তগণে গোসাঁইৰ সন্মুখত এবিধ বনৰীয়া মাহ আগবঢ়াই।
ইয়াৰ পিছত পুনৰ বৰপেটা সত্ৰলৈ অনা হয়।
সত্ৰৰ মূল প্ৰৱেশ পথত টুপৰ চোতালত ‘বাঁহ ভঙা’ কাৰ্য অনুষ্ঠিত কৰা হয়।
ইয়াৰ পিছত পুনৰ গোসাঁই মণিকূটত প্ৰৱেশ কৰে আৰু দেউল উৎসৱৰ সামৰণি পৰে।
হোলীগীত– প্ৰথম সৃষ্টিকৰ্ত্তা শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ বুলি জনা যায়।
জানিব পৰা মতে, শ্ৰীমন্ত শংকৰদেৱে আলি পুখুৰীত প্ৰথম দৌল উৎসৱ উদযাপন কৰোঁতে সাতটা দৌলৰ গীত লিখি গায়ন-বায়নৰ থুল এটা কৰি ৰাগ-তাল-মান দি গাবলৈ শিকাইছিল৷
তাৰোপৰি শ্ৰীধৰ কন্দলীয়ে ৰচনা কৰা ‘ঘুনুচা কীৰ্ত্তন’ ৰ কিছু ঘোষাও হোলীগীতৰ সুৰেৰে ভক্তসকলে গায়৷
পৰৱৰ্ত্তী সময়ত খোল-তালৰ উপৰিও ঢোলক, মঞ্জিৰা, খুটিতাল আৰু বাঁহীৰ সহযোগত হোলীগীত পৰিৱেশিত হ’বলৈ লয়৷
লগতে সত্ৰত প্ৰচলিত পৰম্পৰাগত হোলীগীতসমূহৰ উপৰিও বহুকেইজন গীতিকাৰ, শিল্পী আৰু সাহিত্যিকে হোলীগীত ৰচনা কৰিছে৷
ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল, অম্বিকাগিৰী ৰায়চৌধুৰী, প্ৰসন্নলাল চৌধুৰী, পুৰুষোত্তম দাস, ফণী তালুকদাৰ, খনীন্দ্ৰনাথ দাস, গিৰীশ দাস, গোকুল পাঠক, প্ৰণৱ দাস ইত্যাদি৷
অতীজৰে পৰা বৰ্ত্তমানলৈকে দুই প্ৰকাৰৰ হোলীগীত গোৱা দেখা যায়- ভক্তিমূলক (বৰগীত) আৰু আধুনিক।
ইয়াৰ মূল বিষয়বস্তু-
ক) গীতসমূহৰ মাজেৰে বসন্ত ঋতুৰ বৰ্ণনা।
খ) কৃষ্ণৰ গুণানুকীৰ্ত্তন
প্ৰকৃতি আৰু মানুহৰ প্ৰেমৰ বৰ্ণনা।
গ) শ্ৰীকৃষ্ণৰ গোপিনীৰ সৈতে ৰাসলীলাৰ বৰ্ণনা।
Rnewsindia24.com পৰিয়ালৰ তৰফৰ পৰা আটাইলৈ ফাঁকুৱাৰ আন্তৰিক শুভেচ্ছা।
সকলোৰে জীৱনবোৰ আবিৰৰ ৰেঙেৰে ৰঙীন হৈ পৰক তাৰে কামনা কৰিছোঁ।
প্ৰিয় দৰ্শক, এনেধৰণৰ গুৰুত্বপূৰ্ণ বাৰ্তা সমূহ জানি থাকিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব Rnewsindia24.com
ধন্যবাদ।।
Sangita Dutta Editor in Chief Rnewsindia24.com