Sarojini Naidu

ভাৰতবৰ্ষৰ প্ৰথম মহিলা ৰাজ্যপাল সৰোজিনী নাইডু।

Spread the love

ভাৰতবৰ্ষৰ প্ৰথম মহিলা ৰাজ্যপাল সৰোজিনী নাইডুৱে দেশৰ মহিলা সকলৰ বাবে কি কৰিছিল?

ভাৰতীয় কোকিলা বা দ্য নাইটেঙ্গেল অৱ ইণ্ডিয়া নামেৰে পৰিচিত সৰোজিনী নাইডু একাধাৰে এগৰাকী ৰাজনীতিবিদ, প্ৰশাসনিক দক্ষতাসম্পন্ন, বক্তা, সমাজকৰ্মী, গৃহিণী আছিল।

ভাৰতীয় নাৰীৰ আত্মবিশ্বাসৰ ধাৰা বিদূষী নাৰী সৰোজিনী নাইডুৱে পুনৰ স্থাপন কৰিছিল।

তেখেতেই আছিল দেশৰ প্ৰথম মহিলা ৰাজ্যপাল।

সৰোজিনী নাইডুৰ চমু জীৱনযাত্ৰা-

বৰেণ্যা নাৰী গৰাকীৰ জন্ম হৈছিল ১৮৭৯ চনৰ ১৩ ফেব্ৰুৱাৰীত ভাৰতৰ হায়দৰাবাদ চহৰৰ এটি হিন্দু পৰিয়ালত ।
তেখেতৰ পিতৃ অঘৰনাথ চট্টোপাধ্যায় আছিল এগৰাকী বিজ্ঞানী তথা দাৰ্শনিক।
তেওঁ ইংৰাজী তথা নাৰী শিক্ষাৰ পৃষ্ঠপোষকো আছিল।
মাতৃ বৰদা সুন্দৰী দেৱী আছিল এগৰাকী প্ৰখ্যাত বঙালী কবি।
আঠটি সন্তানৰ মাজত সৰোজনী দেৱী আছিল জ্যেষ্ঠ।
তেওঁলোক ডাঙৰ-দীঘল হোৱা ঘৰখন বুদ্ধিজীৱী, কবি, দাৰ্শনিক আৰু পৰিৱৰ্তনকামী ব্যক্তিৰে পৰিপূৰ্ণ।

তেওঁ ১২ বছৰ বয়সতে উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ অধীনত শীৰ্ষস্থান দখল কৰে।
তেওঁ কেইবাটাও ভাষা যেনে- উৰ্দু, তেলেগু, ইংৰাজী, বঙালী আৰু পাৰ্চী ভাষা আয়ত্ত কৰিছিল৷
পিতৃয়ে তেখেত অংকশাস্ত্ৰজ্ঞ অথবা বিজ্ঞানী হোৱাটো বিচৰাৰ বিপৰীতে সৰোজিনী নাইডু হ’ব বিচাৰিছিল এগৰাকী কবি।
হায়দৰাবাদৰ নবাবে সৰোজিনীৰ লিখনিত সন্তুষ্ট হৈ বিদেশত পঢ়িবলৈ জলপানিৰ ব্যৱস্থা কৰি দিয়াত প্ৰায় ১৬ বছৰ বয়সতে সৰোজনীয়ে ইংলেণ্ডৰ King’s College- ত নামভৰ্তি কৰে৷
পিছত কেমব্ৰিজৰ Girton College আৰু কেমব্ৰিজৰ গিৰটন কলেজত শিক্ষাগ্ৰহণ কৰে৷
তাতে তেওঁ সেই সময়ৰ বিশিষ্ট ব্যক্তি, যেনে- আৰ্থাৰ চাইমন আৰু এডমাণ্ড গউচেচৰ সাণ্ণিধ্যলৈ আহে।
গউচেচে সৰোজিনীক নিজৰ দেশৰ পৰ্বত, নদী, সমাজৰ লগত মিলি কবিতা সৃষ্টি কৰিবলৈ উৎসাহিত কৰিছিল।

১৫ বছৰ বয়সতে দক্ষিণ ভাৰতৰ ড॰ গোবিন্দৰাজুলু নাইডু নামৰ এজন চিকিৎসকৰ সৈতে প্ৰেম হয়,
কিন্তু তেওঁ ব্ৰাহ্মণ নাছিল।
সেই সময়ত জাতিভেদ প্ৰথা প্ৰবল আছিল যদিও পিতৃৰ পূৰ্ণ সমৰ্থনত এইগৰাকী অব্ৰাহ্মণ লোকৰ সৈতে ১৯ বছৰ বয়সত সৰোজিনী নাইডুৰ বিয়া হয়।
তেওঁ বিবাহিত জীৱনত সুখী আছিল।
পৰবৰ্তী সময়ত চাৰিটা সন্তানৰ মাতৃ হয়।

১৯০৫ চনত বেংগল বিভক্ত হোৱাৰ সময়ত সৰোজিনীয়ে ভাৰতীয় জাতীয় আন্দোলনত যোগদান কৰে।
সেই সময়ত তেখেত মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, মহম্মদ আলী জিন্না, ৰবীন্দ্ৰনাথ ঠাকুৰ, গোপাল কৃষ্ণ গোখলে, এনি বেচাণ্ট ইত্যাদিৰ সংস্পৰ্শলৈ আহে।
সেই সময়ৰ মহিলাক সজাগ কৰি পাকঘৰৰ বাহিৰলৈ ওলাই আহিবলৈ অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে তেখেতে চহৰ, ৰাজ্যত কেৱল নাৰীৰ অধিকাৰৰ দাবীত ভ্ৰমণ কৰিছিল।

১৯২৫ চনত কানপুৰৰ ভাৰতীয় কংগ্ৰেছৰ বছৰেকীয়া অধিৱেশনত সৰোজিনী নাইডুৱে সভাপতিত্ব কৰিছিল।
তেখেতে আইন অমান্য আন্দোলনত মুখ্য ভূমিকা গ্ৰহণ কৰে আৰু গান্ধীজী তথা অন্যান্য প্ৰতিনিধিসকলৰ সৈতে কাৰাগাৰৰ বন্দীত্ব গ্ৰহণ কৰে।
১৯৪২ চনত তেওঁ ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰি গান্ধীজীৰ সৈতে ২১মাহ কাৰাবাস খাটে।
গান্ধীজীৰ সৈতে তেখেতৰ সুন্দৰ সম্পৰ্ক আছিল আৰু গান্ধীজীক মিকি মাউচ বুলি সম্বোধন কৰিছিল।
প্লেগ মহামাৰীৰ সময়ত এইগৰাকী মহিয়সী নাৰীৰ সেৱাসুলভ অংশগ্ৰহণৰ বাবে কেইশৰ-ই-হিন্দ সন্মান প্ৰদান কৰা হয়।
দেশে স্বাধীনতা লাভ কৰাৰ পাছত তেওঁ উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰূপে নিয়োজিত হয়।
তেখেত আছিল দেশৰ প্ৰথম মহিলা ৰাজ্যপাল।

নাইডুৰ কবিতাত শব্দৰ সুন্দৰ প্ৰয়োগ দেখা যায়।
মহৰ্ষি অৰবিন্দ, ৰবীন্দ্ৰনাথ ঠাকুৰ, জৱাহৰলাল নেহৰু আদি তেওঁৰ কবিতাৰ গুণমুগ্ধ।
গোপাল কৃষ্ণ গোখলেই তেখেতৰ সুন্দৰ কাব্য প্ৰতিভাক ভাৰত মাতৃৰ স্বাধীনতাৰ বাবে প্ৰয়োগ কৰিবলৈ আহ্বান জনাইছিল।

সৰোজিনী নাইডুৰ দ্বাৰা ৰচিত গ্ৰন্থসমূহ হৈছে – Golden Threshold, The Bird of Times, The Magic Tree, The Wizard Mark, A treasury of poems, The Broken Wings.

ইয়াৰে ১৯০৫ চনত প্ৰকাশিত ‘Golden Threshold’ৰ বাবে তেখেত “বুল বোলে হিন্দ” নামেৰে সন্মানিত হয়।

সৰোজিনী নাইডুৰ বিখ্যাত কবিতাসমূহ– Autumn Song, Damayante to Nala in the Hour of Exile,
Ecstasy, Indian Dancers
The Indian Gypsy, Indian Love-Song, Indian Weavers, In the Forest,
In the Bazaars of Hyderabad, Leili, In Salutation to the Eternal Peace, Nightfall in the City of Hyderabad,
Palanquin Bearers,
The Pardah Nashin,
Past and Future,
The Queen’s Rival, The Royal Tombs of Golconda, The Snake-Charmer,
Song of a Dream,
The Soul’s Prayer,
Suttee, To a Buddha Seated on a Lotus,
To the God of Pain,
Wandering Singers,
Street Cries.

১৯৪৯ চনৰ ২ মাৰ্চ তাৰিখে নাইডুৱে অনন্ত ধামলৈ গতি কৰে।

এই মহান ব্যক্তি সকলৰ বিষয়ে জানি থাকিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন Rnewsindia24.com

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *