অসমবাসীৰ বাবে আশাৰ বাৰ্তা।
অসমৰ বাপতিসাহোন হেঁপাহৰ ৰঙালী বিহুৰ প্ৰাকক্ষণত অহা এপ্ৰিল মাহৰ ৫ ৰ পৰা ৮ তাৰিখলৈ জম্মু-কাশ্মীৰস্থিত শ্বেৰ-ই-কাশ্মীৰ ইণ্ড’ৰ ষ্টেডিয়িমত ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া “আস্মিতা ৰাষ্ট্ৰীয় খেল’ ইণ্ডিয়া উইমেন পেন্চাক চিলাট লীগ ২০২৫” ত অসমক প্ৰতিনিধিত্ব কৰিবলৈ ৰাজ্যৰ লগতে উত্তৰ-পূৱ ৰাজ্যৰ মহিলা পেন্চাক চিলাট খেলুৱৈসকল ৪ এপ্ৰিল তাৰিখে গুৱাহাটীৰ কামাখ্যা ৰেল-ষ্টেচনৰ পৰা কাশ্মীৰ অভিমুখে ৰাওনা হ’ব।
ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰত্যক্ষ পৰ্য্যবেক্ষণত হ’বলগীয়া উক্ত প্ৰতিযোগিতাত দেশৰ ৩৬ ৰাজ্যৰ প্ৰায় ১০০০ গৰাকী ছিনিয়’ৰ মহিলা খেলুৱৈয়ে অংশগ্ৰহণ কৰিব।
প্ৰতিযোগীতাখনত অসমৰ ১২ গৰাকী গেলুৱৈয়ে টেণ্ডিং, টুংগল, গাণ্ডা, ৰেগু আৰু ক্ৰীয়েটিভ ছ’ল’ আদি শাখাত অংশগ্ৰহণ কৰিব বুলি সমগ্ৰ উত্তৰ-পূৱ ৰাজ্য সমূহৰ নেতৃত্ববহনকাৰী অসম পেনচাক চিলাট সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আৰু কাৰিকৰী সঞ্চালক তথা উত্তৰ-পূৱ পেনচাক চিলাট মহাসংঘৰ উপ-সভাপতি লক্ষ্যজিত দলেয়ে Rnewsindia24 ক জানিবলৈ দিয়ে।
প্ৰিয় পাঠক, এনেধৰণৰ গুৰুত্বপূৰ্ণ বাৰ্তা সমূহ জানি থাকিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব Rnewsindia24.com.
ধন্যবাদ।।
Sangita Dutta Editor in Chief Rnewsindia24.com