Dr John Berry White

ছাৰ জন বেৰী হোৱাইটৰ চমু জীৱনী।

Spread the love

 

অসম তথা উত্তৰ-পূব ভাৰতৰ আধুনিক চিকিৎসা বিজ্ঞানৰ পিতৃপুৰুষ স্বৰূপ ছাৰ জন বেৰী হোৱাইটৰ চমু জীৱনী।

বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি অসমত চিকিৎসা বিজ্ঞানৰ প্ৰৱৰ্তক তথা অসমত শিল্পদ্যোগৰ অন্যতম ভেটি স্থাপন কৰোতা আছিল

ছাৰ জন বেৰী হোৱাইট

তেওঁ বেংগল মেডিকেল চাৰ্ভিচৰ (Bengal Medical Services) অসামৰিক শল্য চিকিৎসক আছিল।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নতিৰ বাবে তেওঁ অতুলনীয় অৱদান আগবঢ়াই থৈ গৈছে।

জানো আঁহক তেওঁ চমু জীৱনযাত্ৰাৰ বিষয়ে-

ছাৰ জন বেৰী হোৱাইট জন্ম হৈছিল ১৮৩৪ চনৰ ৫ জুন তাৰিখে ।

১৮৫৮ চনত ডাঃ হোৱাইটে মাত্ৰ ২৪ বছৰ বয়সত অসমত উপস্থিত হৈছিল।

১৮৫৭ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন সহকাৰী শল্য চিকিৎসক হিচাপে উজনি অসমত তেওঁ কৰ্ম জীৱনৰ পাতনি মেলে।

উজনি অসমৰ বিভিন্ন ঠাইত সুদীৰ্ঘ ২৪ বছৰ নিষ্ঠাৰে সেৱা আগবঢ়াই শেষলৈ লক্ষীমপুৰ জিলাৰ শল্য চিকিৎসক হিচাপে নিযুক্তি পাইছিল।

ছাৰ জন বেৰী হোৱাইট ডিব্ৰুগড়-মাৰ্ঘেৰিটা ৰেল-আলি স্থাপনৰ গুৰি ধৰোঁতা আছিল।

তেওঁ খাৰুৱা তেল অনুসন্ধান আৰু খনন বাবে ‘আচাম মিনাৰেল অয়ল কোম্পানী’ প্ৰতিষ্ঠা কৰি সফলতা লাভ কৰে।

তেখেত অসম তথা উত্তৰ-পূব ভাৰতৰ আধুনিক চিকিৎসা বিজ্ঞানৰ পিতৃপুৰুষ স্বৰূপ।

উজনি অসমত এখন চিকিৎসা প্ৰতিষ্ঠান স্থাপন কৰা তেওঁৰ দীৰ্ঘদিনীয়া সপোন আছিল।

সেই উদ্দেশ্যে তেওঁ নিজৰ কষ্টোপাৰ্জিত জীৱনৰ সমস্ত সঞ্চয় ৫০,০০০ টকা দান কৰিছিল।

কিন্তু তেওঁৰ অৱসৰ গ্ৰহণ আৰু মৃত্যুৰ পিছত হে ১৯০০ চনত ডিব্ৰুগড়ত এখন চিকিৎসা প্ৰতিষ্ঠান স্থাপন কৰা হয়।

এই প্ৰতিষ্ঠানখন ডিব্ৰুগড়ত স্থাপন কৰিবলৈ তেওঁ নিজৰ ইচ্ছাপত্ৰত (Will) লিখি থৈ গৈছিল।

উক্ত চিকিৎসা প্ৰতিষ্ঠানটো তেওঁৰ নামেৰে অৰ্থাৎ “বেৰী হোৱাইট মেডিকেল স্কুল” নামকৰণ কৰা হৈছিল ।

এই মেডিকেল স্কুলখনলৈ শ্বিলং স্থিত অসম মেডিকেল কাউঞ্চিলেও বিত্তীয় সাহায্য আগবঢ়ায়।

নাম ভৰ্তিৰ ন্যূনতম শিক্ষাগত অৰ্হতা আছিল মেট্ৰিক উত্তীৰ্ণ।

পাঠ্যক্ৰম আছিল চাৰিবছৰীয়া।

ইয়াৰ পৰা উত্তীৰ্ণ হোৱা চিকিৎসক সকলক এল.এম.পি (Licentiate Medical practitioner) বোলা হৈছিল।

বেৰী হোৱাইট মেডিকেল স্কুল“ত শেষৰটো ছাত্ৰদল ভৰ্ত্তি হৈছিল ১৯৪৬ চনত আৰু এই দলৰ পাঠ্যক্ৰম শেষ হৈছিল ১৯৫০ চনত।

১৯৩৮ চনত সেই সময়ৰ অবিভক্ত অসমৰ অনুজ্ঞাপত্ৰ প্ৰাপ্ত চিকিৎসক সকলৰ দ্বাৰা আয়োজিত আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সভাপতিত্বত অনুস্থিত হোৱা এখন সভাত বেৰী হোৱাইট মেডিকেল স্কুলক এখন পূৰ্ণাংগ চিকিৎসা মহাবিদ্যালয়লৈ উন্নীত কৰাৰ সিদ্ধান্ত লোৱা হয়।

এনেদৰে ১৯৪৭ চনৰ ৩ নৱেম্বৰত “বেৰী হোৱাইট মেডিকেল স্কুল“ক উন্নীত কৰি “অসম চিকিৎসা মহাবিদ্যালয়” নামেৰে উদ্বোধন কৰা হয়।

এইখনেই উত্তৰ-পূৰ্বাঞ্চল ৰ অন্যতম আৰু আটাইতকৈ পূৰণি চিকিৎসা মহাবিদ্যালয়।

ছাৰ জন বেৰী হোৱাইটৰ অনবদ্য অৱদানৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহটোৰ নাম “ডাঃ জন বেৰী হোৱাইট প্ৰেক্ষাগৃহ” ৰখা হৈছে।

ডিব্ৰুগড় চহৰৰ গ্ৰেহেম বজাৰত তেওঁৰ নামেৰে আৱাসিক এলেকা আছে।

১৮৯৬ চনৰ ১৯ নবেম্বৰত জন বেৰী হোৱাইটে লণ্ডনত জীৱনৰ শেষ নিশ্বাস ত্যাগ কৰে।

প্ৰিয় পাঠক, এনেধৰণৰ গুৰুত্বপূৰ্ণ বাৰ্তা সমূহ জানি থাকিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.Com

 

ধন্যবাদ।।

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *