“অসম” সমগ্ৰ দেশৰ ভিতৰত দ্বিতীয় শ্ৰেষ্ঠ বিজয়ী দলৰ সন্মান।
ৰাষ্ট্ৰীয় আস্মিতা খেল’ ইণ্ডিয়া মহিলা পেন্চাক চিলাট লীগ ২০২৫ ত অসমৰ খেলুৱৈৰ বিশেষ সফলতা ।
যোৱা ৫ তাৰিখৰ পৰা ৮ এপ্ৰিল তাৰিখলৈ জম্মু-কাশ্মীৰস্থিত শ্বেৰ-ই-কাশ্মীৰ ইণ্ড’ৰ ষ্টেডিয়িমত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় আস্মিতা খেল’ ইণ্ডিয়া মহিলা পেন্চাক চিলাট লীগত অসমৰ খেলুৱৈয়ে তিনিটা সোণৰ আৰু চাৰিটাকৈ ব্ৰঞ্জসহ মুঠ সাতটা পদক লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।
ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰত্যক্ষ প্ৰযোজনা আৰু পৰ্য্যবেক্ষণত চাৰিদিনিয়াকৈ অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনিত অসমৰ ১২ গৰাকী খেলুৱৈসহ দেশৰ ৩৬ ৰাজ্যৰ প্ৰায় ১০০০ গৰাকী ছিনিয়’ৰ মহিলা খেলুৱৈয়ে অংশগ্ৰহণ কৰে।
উক্ত প্ৰতিযোগীতাখনত উপস্থিত থাকে জম্মু-কাশ্মীৰ ক্ৰীড়া পৰিষদৰ সচিব প্ৰধান নুজহাট গুল, জম্মু-কাশ্মীৰ ক্ৰীড়া আৰু যুৱ-কল্যাণ আয়ুক্ত সচিব ছৰমাদ হাফিজ আদিৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি।
অসম পেনচাক চিলাট সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আৰু কাৰিকৰী সঞ্চালক তথা উত্তৰ-পূৱ পেনচাক চিলাট মহাসংঘৰ উপ-সভাপতি লক্ষ্যজিত দলেৰ নেতৃত্বত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰা উক্ত প্ৰতিযোগীতাখনত ধেমাজী জিলাৰ খেম কুমাৰী প্ৰধান, শোণিতপুৰ জিলাৰ ৰীমা বড়ো, ওডালগুৰি জিলাৰ জেউতী বড়োৱে সোণৰ পদক আৰু গোলাঘাট জিলাৰ প্ৰেৰণা হাজৰিকা, শোণিতপুৰ জিলাৰ সবিতা মুছাহাৰী, ধেমাজী জিলাৰ তুহীনা চাংমাই, ডিব্ৰুগড় জিলাৰ ৰাজশ্ৰী বৰুৱাই ব্ৰঞ্জৰ পদক লাভ কৰি সমগ্ৰ দেশৰ ভিতৰত দ্বিতীয় স্থান অধিকাৰ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে।
অহা ১২ এপ্ৰিল তাৰিখে কাশ্মীৰৰ পৰা গুৱাহাটীত উপস্থিত হ’ব অসম পেনচাক চিলাট খেলুৱৈ দলটি।
আগন্তুক ৯ মে’ তাৰিখৰ পৰা আৰম্ভ হ’বলগীয়া ত্ৰয়োদশ ৰাষ্ট্ৰীয় পেনচাক চিলাট প্ৰতিযোগিতা ২০২৫ৰ বাবে বিশেষ প্ৰশিক্ষণ শিবিৰৰ ব্যৱস্থা কৰা হ’ব বুলি অসম পেনচাক চিলাট সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক গৰাকীয়ে Rnewsindia24 ক জানিবলৈ দিয়ে।
উল্লেখ্য যে, উক্ত প্ৰতিযোগিতাৰ পৰাই আগন্তুক ৰাষ্ট্ৰীয় বীচ্ছ্ গেমচ্ ২০২৫ আৰু আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতা সমূহৰ বাবে পুৰুষ আৰু মহিলা খেলুৱৈ সকলক বাচনি কৰা হ’ব।
প্ৰিয় পাঠক, এনেধৰণৰ গৌৰৱময় বাৰ্তা পাই থাকিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com
Sangita Dutta Editor in Chief Rnewsindia24.com