পদ্মশ্ৰী হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ চমু জীৱনযাত্ৰা।
বিশিষ্ট অসমীয়া উদ্যোগপতি তথা অসম আৰু উত্তৰ-পূব ভাৰতৰ প্ৰথম শ্ৰেণীৰ উদ্যোগপতি, হাভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা এম.বি.এ ডিগ্ৰী লাভ কৰা উত্তৰ-পূব ভাৰতৰ প্ৰথম গৰাকী ব্যক্তি আছিল পদ্মশ্ৰী হেমেন্দ্ৰ প্ৰসাদ বৰুৱা।
বৰুৱা দেৱৰ কোম্পানীয়েই আছিল প্ৰথম অসমীয়া মালিকাধীন কোম্পানী, যি পাব্লিক ইকুইটি শ্বেয়াৰৰ জৰিয়তে মূলধন সংগ্ৰহ কৰিছিল।
মুম্বাই, কলিকতা, আহমেদাবাদ আৰু গুৱাহাটী এক্সচেঞ্জৰ তালিকাভুক্ত হৈছিল।
বিশেষকৈ তেওঁ বাৰ বছৰ কাল ভাৰতীয় টি ব’ৰ্ডৰ সদস্য, কেন্দ্ৰীয় উদ্যোগমন্ত্ৰী দপ্তৰৰ পৰামৰ্শ পৰিষদৰ সদস্য, কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ৰ গৱেষণা আৰু উন্নয়ন সমিতিৰ অধ্যক্ষ, টোকোলাই চাহ গৱেষণা সংস্থাৰ সভাপতি, তেৰ বছৰ কাল ষ্টেট বেংক অৱ ইণ্ডিয়াৰ ডিৰেক্টৰ, আই.এ.চি বৰ্ডৰ সদস্য, ভাৰতীয় জীৱন বীমা নিগমৰ পৰামৰ্শ সমিতিৰ সদস্য, অসম চাহ নিগমৰ সভাপতি, অসম বিত্তীয় নিগম, অসম ঔদ্যোগিক উন্নয়ন নিগম, অসম পেট্ৰ’কেমিকেলছ, ভাৰতীয় অন্তৰ্দেশীয় জল পৰিবহণ নিগমৰ সদস্য, দুটা বছৰৰ বাবে ভাৰতীয় চাহ সংস্থাৰ সভাপতি, অসম টী ব্ৰুকাৰ্ছ লিমিটেড, বি এণ্ড এ মাল্টিৱেল পাকেজিং, হেৰিটেজ নৰ্থ ইষ্ট প্ৰাইভেট লিমিটেড আৰু কাজিৰঙা গ’ল্ফ ক্লাব লিমিটেডৰ স্বত্বাধিকাৰী আছিল।
অসমত চাহ নিলাম কেন্দ্ৰ প্ৰতিষ্ঠাৰ বাবে তেওঁ অহোপুৰুষাৰ্থ কৰিছিল।
বৰুৱা দেৱে অসম তথা পূব ভাৰতৰ সাহিত্য- শিল্প- সংস্কৃতিৰ জগতখনলৈও অভূতপূৰ্ব বৰঙনি আগবঢ়াই থৈ গৈছে।
জানো আঁহক হেমেন্দ্ৰ প্ৰসাদ বৰুৱা দেৱৰ চমু জীৱনযাত্ৰা-
হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ জন্ম হৈছিল ১৯২৬ চনৰ ১ এপ্ৰিল তাৰিখে যোৰহাট জিলাৰ জালুকনিবাৰীৰ ঠেঙালত।
তেখেতৰ পিতৃৰ নাম আছিল ৰায়বাহাদুৰ শিৱপ্ৰসাদ বৰুৱা আৰু মাতৃৰ নাম আছিল কমলা কুমাৰী বৰুৱা।
তেওঁ বিখ্যাত খঙীয়া বৰুৱা পৰিয়ালৰ লোক আছিল।
খঙীয়া বৰুৱা পৰিয়ালটো আছিল শ্ৰীমন্ত শংকৰদেৱৰ বাৰভূঞা বংশৰ।
হেমেন্দ্ৰ প্ৰসাদ বৰুৱা আছিল সাহিত্য-কলা-সংস্কৃতিৰ প্ৰতি আগ্ৰহী তথা এক বিৰল সংগীতপ্ৰেমী আৰু চিত্ৰ সংগ্ৰাহক।
তেওঁ পাশ্চাত্য সংগীত, ভাৰতীয় সংগীতৰ পৰা আৰম্ভ কৰি ৰবীন্দ্ৰ সংগীত, বৰগীত সকলোৰে সংগ্ৰহ কৰি ৰাখিছিল।
ৰসৰাজ ড’ ভূপেন হাজৰিকাৰ সৈতে তেওঁৰ অন্তৰংগ সম্পৰ্ক আছিল।
ভূপেন হাজৰিকাই গোৱা পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতেৰে প্ৰথম লং প্লেয়িং ৰেকৰ্ডখন তেখেতৰ উদ্যোগতে ওলাইছিল।
১৯৪২ চনত বৰুৱাই কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত ষষ্ঠ স্থান লাভ কৰি প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়।
১৯৪৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত কলিকতাৰ প্ৰেছিডেন্সী কলেজৰ পৰা ষোড়শ স্থান লাভ কৰি আ.এছ.চি (বিজ্ঞান শাখা) পৰীক্ষাত উত্তীৰ্ণ হয়।
১৯৪৬ চনত কলিকতাৰ স্কটিচ চাৰ্চ কলেজৰ পৰা গ’ল্ড মেডেলসহ বিশ্ববিদ্যালয়ৰ ভিতৰত তৃতীয় স্থান লাভ কৰি ইংৰাজী সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰে।
ইয়াৰ পিছত ভাৰত স্বাধীন হোৱাৰ কেইমাহমান আগেয়ে তেওঁ আমেৰিকাৰ ব’ষ্টনত থকা হাভাৰ্ড বিশ্ববিদ্যালয়ত এম বি এ পঢ়িবলৈ যায়।
২৩ বছৰ বয়সত তেওঁ উত্তৰ-পূবৰ প্ৰথমজন হাভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা এম.বি.এ লাভ কৰি স্বদেশলৈ ঘূৰি আহে।
হেমেন্দ্ৰ প্ৰসাদ বৰুৱাই ১৯৫২ চনত বুৰঞ্জীবিদ কনকলাল বৰুৱাৰ কন্যা ঊষা বৰুৱাৰ লগত বিবাহ পাশত আৱদ্ধ হয়।
১৯৫৪ চনত তেওঁলোকৰ প্ৰথম সন্তান ৰাধাৰ জন্ম হয়।
বৰ্তমান ৰাধা স্বামী গেভিন ফাৰলে (ব্ৰিটিছ) আৰু দুটি সন্তানৰ সৈতে আমেৰিকাৰ বাসিন্দা।
১৯৫৮ চনত পুত্ৰ অমিত প্ৰসাদ বৰুৱাৰ জন্ম হয়।
২০০৭ চনৰ ২ অক্টোবৰত অমিত বৰুৱাৰ মৃত্যু হয়।
তেওঁলোকৰ তৃতীয় সন্তান শৰ্মিলাৰ জন্ম হয়।
স্বামী বিজয় শেট্টী (মাৰাঠী) আৰু এটি পুত্ৰ সন্তানৰ সৈতে শৰ্মিলা মুম্বাইত বাস কৰে।
২০১১ চনত হেমন্দ্ৰ প্ৰসাদ বৰুৱাৰ পত্নী ঊষা বৰুৱাৰ মৃত্যু হয়।
হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ কৰ্মজীৱন-
১৯৫০ চনত হেমেন্দ্ৰ প্ৰসাদ বৰুৱাই উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা তিনিখন চাহ বাগিচাৰে কৰ্মজীৱনৰ পাতনি মেলে।
১৯৫১ চনত কলকাতা আৰু যোৰহাটত বৰুৱাজ এণ্ড এছ’চিয়েট্ছ নামেৰে এজেন্সী হাউছ প্ৰতিষ্ঠা কৰে।
১৯৫৫-৫৬ চনত শালকাঠনি টি কোম্পানীৰ পৰিচালনা অধিগ্ৰহণ কৰে।
১৯৬২ চনত উইলিয়ামছন মেগৰৰ অন্তৰ্গত ম’হবন্ধা টি কোম্পানীৰ পৰা গটঙা, চামগুৰি, কমাৰবন্ধা চাহ বাগিচা ক্ৰয় কৰে।
১৯৬৫ চনত যোৰহাট টি কোম্পানীৰ পৰা চাহ বাগিচা ক্ৰয় কৰে।
১৯৬৮ চনত বৰছালী টি কোম্পানী ক্ৰয় কৰে।
১৯৬৯ চনত উইলিয়ামছন মেগৰৰ পৰা চাংচোৱা বাগিচা ক্ৰয় কৰে।
১৯৭১ চনৰ আছাম টি ব্ৰ’কাৰ্ছ প্ৰাইভেট লিমিটেড, গুৱাহাটীত আৰম্ভ কৰে।
১৯৮৩ চনত বৰটিং টি কোম্পানী ক্ৰয় কৰে।
১৯৮৪ চনত কলকাতাত বৰুৱাজ এণ্ড এছ’ছিয়েটছৰ স্থায়ী কাৰ্য্যালয় প্ৰতিষ্ঠা কৰে।
১৯৮৫ চনত যোৰহাটত ছুপাৰ পেকেজিং প্ৰাইভেট লিমিটেড নামৰ পূব ভাৰতৰ প্ৰথমটো অত্যাধুনিক পেকেজিং উদ্যোগ আৰম্ভ কৰে।
১৯৮৬ চনত উৰিষ্যাৰ বালাচৰত বি এণ্ড এ মাল্টিৱাল পেকেজিং লিমিটেড প্ৰতিষ্ঠা কৰে।
১৯৮৭ চনত নতুন চামগুৰি চাহ বাগিচা ক্ৰয় কৰে।
১৯৯৮ চনত চাহ-বাগিচা বিক্ৰী কৰে।
১৯৯৮ চনত হে’ৰিটেজ নৰ্থ ইষ্ট প্ৰাইভেট লিমিটেড নামৰ পৰ্যটন কোম্পানীৰ প্ৰতিষ্ঠা কৰে।
২০০০ চনত যোৰহাট নগৰৰ পৰা ১৫ কিঃমিঃ দূৰৈৰ জালুকনিবাৰীত অৱস্থিত তেওঁৰ বাসগৃহটো পৰ্য্যটকৰ বাবে মুকলি কৰি দিয়ে। ইয়াক তেওঁ ঠেঙাল ভৱন নামেৰে নামাকৰাণ কৰে।
২০১১ চনত গোবিন্দপুৰ চাহ বাগিচা ক্ৰয় কৰে।
১ নৱেম্বৰ, ২০১১ চনত কাজিৰঙা গল্ফ ৰিজৰ্ট নামৰ অত্যাধুনিক ৰিজৰ্ট যোৰহাটৰ ওচৰৰ শেনচোৱা চাহ বাগিচাত প্ৰতিষ্ঠা কৰে।
১৯৬৩-৭৩ চনত তিনিটা কাৰ্যকালৰ বাবে ভাৰতীয় টি ব’ৰ্ডৰ সদস্য আছিল।
১৯৭০ চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ প্ৰতিষ্ঠা কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল।
১৯৮৪-৮৯ চনত টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ অধ্যক্ষ আছিল।
১৯৮৬ চনত কল্পনা লাজমীৰ পৰিচালনা আৰু ভূপেন হাজৰিকাৰ সংগীতেৰে পৰিচালিত সংগীতেৰে হিন্দী ছবি এক পল প্ৰযোজনা কৰিছিল।
১৯৯১-৯৪ চনত ভাৰতীয় চাহ সন্থাৰ অধ্যক্ষ আছিল।
১৯৯৫-২০০৫ চনত ইণ্ডিয়ান ইন্ষ্টিটিউট অৱ মেনেজমেণ্ট, জ’কা (IIM JOKA)ৰ দুটা কাৰ্যকালৰ বাবে বৰ্ড অৱ গবৰ্নছৰ সদস্য আছিল।
১৯৯৬-৯৭ চনত ভাৰতৰ আটাইতকৈ পুৰণা ব্যৱসায়ী সংগঠন বেংগল চেম্বাৰ্ছ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিজ (BCCI)ৰ সভাপতি আছিল।
১৯৯৭ চনত হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ উদ্যোগত নৰ্থ ইষ্ট চেম্বাৰ্ছ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিজ গঠন কৰে আৰু হেমেন্দ্ৰ প্ৰসাদ বৰুৱা এই সংগঠনৰ সভাপতিৰূপে নিৰ্বাচিত হয়।
২০০২-০৩ চনত ঐতিহাসিক বেংগল ক্লাবৰ সভাপতি নিৰ্বাচিত হয়।
ইয়াৰোপৰি বৰুৱাই কেন্দ্ৰীয় উদ্যোগমন্ত্ৰী দপ্তৰৰ পৰামৰ্শ পৰিষদৰ সদস্য, কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ৰ গৱেষণা আৰু উন্নয়ন সমিতিৰ অধ্যক্ষ, ষ্টেট বেংক অৱ ইণ্ডিয়াৰ সঞ্চালক (১৩ বছৰ), মাছখোৱা সাংস্কৃতিক প্ৰকল্পৰ মুখ্য পৰিকল্পক আদি অনেক পদবীত কাৰ্যনিৰ্বাহ কৰিছিল।
২০১৩ চনৰ ২৬ জুলাইত হেমেন্দ্ৰ প্ৰসাদ বৰুৱাই স্বাস্থ্য পৰীক্ষাৰ বাবে থাইলেণ্ডৰ বেংককলৈ গৈছিল।
তেওঁ বেংককৰ বামৰুংৰাড ইণ্টাৰনেশ্বনেল হাস্পাতালত চিকিৎসা কৰাই আছিল।
৩১ জুলাইৰ দিনা হঠাতে সন্ধিয়া হৃদৰোগত আক্ৰান্ত হৈ শ্বাস-প্ৰশ্বাস বন্ধ হৈ বেংককত বৰুৱাই শেষ নিশ্বাস ত্যাগ কৰে।
২০১৩ চনৰ ২৯ আগষ্টত হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ আদ্যশ্ৰাদ্ধৰ আয়োজন কৰা হৈছিল।
সেই অনুষ্ঠানলৈ দেশ-বিদেশৰ পৰা প্ৰয়াত বৰুৱাৰ বিভিন্ন ক্ষেত্ৰৰ বিভিন্নজন অনুৰাগীৰ আগমন ঘটে।
ব্ৰিটেইনৰ পৰা তেওঁৰ জীয়াৰী ৰাধা আৰু তেওঁৰ স্বামী গোবিন, বোলছবি পৰিচালিকা কল্পনা লাজমী, অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ, বৰুৱা কোম্পানীৰ পৰিচালন সঞ্চালক সোমনাথ চেটাৰ্জী, স্থানীয় ভকতকে ধৰি বহুসংখ্যক ৰাইজৰ সমাৱেশ হয়।
পিছদিনাখন আউনীআটি সত্ৰৰ ভকত-বৈষ্ণৱৰ দ্বাৰা এখন ভাওনাৰ প্ৰদৰ্শন কৰা হয়।
মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আদ্যশ্ৰাদ্ধ উপলক্ষে সোঁৱৰণি নামৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰে।
২০০৭ চনত উত্তৰ-পূব চাহ পৰিষদ (North-Eastern Tea Association)ৰ পৰা জীৱনজোৰা কৃতিত্ব বঁটা প্ৰদান কৰে।
২০১০ চনত কন্ফেডাৰেশ্যন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰি (Confederation of Indian Industry), গুৱাহাটীৰ তৰফৰ পৰা সন্মান লাভ কৰে।
২০১০ চনত কে চি কমাৰ্চ কলেজৰ ৰাষ্ট্ৰীয় কৃতি বঁটা লাভ কৰে।
২০১২ চনত অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰে।
২০১৩ চনৰ ২৬ জানুৱাৰী তাৰিখে ভাৰত চৰকাৰে পদ্মশ্ৰী উপাধিৰ বাবে হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ নাম ঘোষণা কৰে।
প্ৰিয় পাঠক, এনেধৰণৰ মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট rnewsindia24.com
প্ৰতিগৰাকী ব্যক্তি সদায় কুশলে থাকক।
ধন্যবাদ।।
Sangita Dutta Editor in Chief Rnewsindia24.com