সদৌ অসম ডায়েট বিষয়া সন্থা

শিশুৰ সুৰক্ষা – নিৰাপত্তা আৰু পকছো আইন ২০১২ বিষয়ক ৱেবিনাৰ।

Spread the love

 

সদৌ অসম ডায়েট বিষয়া সন্থাৰ উদ্যোগত ২৮ এপ্ৰিল ২০২৫ তাৰিখে সন্ধিয়া ৭:৩০ বজাৰ পৰা ৮:৩০ বজালৈ “বিদ্যালয়সমূহত শিশুসকলৰ সুৰক্ষা আৰু নিৰাপত্তা আৰু পক্‌ছো আইন ২০১২” বিষয়ক এখন গুৰুত্বপূর্ণ ৱেবিনাৰ সফলতাৰে অনুষ্ঠিত কৰে।

ৱেবিনাৰ খনত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে নলবাৰী ডায়েটৰ জেষ্ঠ্য প্ৰৱক্তা গীতিকা দত্ত শৰ্মা।

প্রায় ১০০ গৰাকী অসমৰ বিভিন্ন ডায়েটৰ শিক্ষক-প্ৰশিক্ষার্থী আৰু প্ৰৱক্তা অংশগ্ৰহণকা ৱেবিনাৰ খনত বিদ্যালয়সমূহত শিশুৰ সুৰক্ষা আৰু নিৰাপদ পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়োজনীয়তা আৰু পক্‌ছো আইন ২০১২ৰ মূল দিশসমূহৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে জেষ্ঠ্য প্ৰৱক্তা গীতিকা দত্ত শৰ্মাই।

উক্ত অনুষ্ঠানৰ আদৰণি ভাষণ আগবঢ়াই সদৌ অসম ডায়েট বিষয়া সন্থাৰ সভাপতি ইন্দ্ৰজিত গামে।

তেওঁ শিশুৰ সুৰক্ষাৰ প্ৰতি শিক্ষকসকলৰ দায়িত্ব আৰু শিশুৰ অধিকাৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে।

উপলব্ধিমূলক আৰু আন্তঃকৰ্মীয় অনুষ্ঠানটোৰ অন্তত সদৌ অসম ডায়েট বিষয়া সন্থাৰ মাণ্ডলিক সচিব কৰুণাকান্ত হাজৰিকাই মুখ্য বক্তাৰ মূল্যবান অৱদানৰ লগতে সকলো অংশগ্ৰহণকাৰীৰ সক্ৰিয় সহাযোগিতাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

প্ৰিয় পাঠক, এনেধৰণৰ গুৰুত্বপূৰ্ণ বাৰ্তা সমূহ জানি থাকিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট rnewsindia24.com

ধন্যবাদ।।

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *