ডায়েট

জিলা শিক্ষা আৰু ডায়েট ধেমাজিৰ উদ্যোগত যোগ অলিম্পিয়াড।

Spread the love

ডায়েট

৭ মে’ তাৰিখে জিলা শিক্ষা আৰু ডায়েট ধেমাজিৰ উদ্যোগত জিলা পৰ্যায়ত যোগ অলিম্পিয়াড ২০২৫ অনুষ্ঠিত কৰে। ডায়েট

অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে ডায়েট ধেমাজিৰ অধ্যক্ষ মৌচুমী বৰদলৈ বৰুৱাই।

আঁত ধৰে জ্যেষ্ঠ প্ৰৱক্তা ইন্দ্ৰজিৎ গাম আৰু প্ৰৱক্তা জুৰিষ্মিতা শ্যামে।

ডায়েট

উপস্থিত থাকে ধেমাজি জিলা যোগাসন ক্ৰীড়া সংস্থাৰ সম্পাদক পুলেন দাস, কাৰিকৰী সম্পাদক নৱজ্যোতি সোণোৱাল, ধেমাজি প্রেচ ক্লাবৰ সম্পাদক প্ৰদ্যুম্য ভৰালী, সাংবাদিক জয়ন্ত বৰুৱা আৰু আশিচ দত্ত, ধেমাজি জিলাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী।

ডায়েট

উক্ত প্ৰতিযোগিতা দুটা শ্ৰেণীত অনুষ্ঠিত কৰে –

১. উচ্চ প্ৰাথমিক স্তৰত (শ্ৰেণী VI- VIII)

২. মাধ্যমিক স্তৰত (শ্ৰেণী IX – X)

ল’ৰা আৰু ছোৱালীৰ বাবে পৃথক প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

ডায়েট

বিচাৰক হিচাপে উপস্থিত থাকে পুলেন দাস, নৱজ্যোতি সোণোৱাল আৰু জুনমনি চাংমাইয়ে।

লাকী লালুং মূল্যায়ক আৰু সময় ৰক্ষক কাৰ্য্য সম্পন্ন চৰে ডিম্পী গোঁহাই, ৰঞ্জন চুতীয়া, জিমি সোনোৱাল, ঝৰ্ণা সোনোৱাল আৰু ৰিংকু সোনোৱালে।

ডায়েট

প্ৰতিযোগিতাৰ ফলাফলঃ

উচ্চ প্ৰাথমিক স্তৰত (VI – VIII)

ছোৱালী শাখা-

১- তুৰিষ্মা সোণোৱাল, বাটঘৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়।

২- হিমাদ্ৰী লাহন, বাটঘৰীয়া মজলীয়া বিদ্যালয়।

৩- লেৰিনা সোণোৱাল, বাটঘৰীয়া মজলীয়া বিদ্যালয়।

৪- ৰোজৰাণী বুঢ়াগোহাঁই, মৰিধল মজলীয়া বিদ্যালয়।

 

ল’ৰা শাখা-

১- ভাৰ্গৱ বুঢ়াগোহাঁই, যোগেশ গোহাঁই উচ্চ মাধ্যমিক বিদ্যালয়।

২- ভৈৰৱ কোঁৱৰ, নবৰত্ন উচ্চ মাধ্যমিক বিদ্যালয়।

৩- পংকজ গগৈ, মাটিখোলা মজলীয়া বিদ্যালয়।

৪- থমাচ দুৱৰী, বাটঘৰীয়া মজলীয়া বিদ্যালয়।

মাধ্যমিক স্তৰত (IX – X)

ছোৱালী শাখা –

১- ৰিম্পি গগৈ, ঘুগুহা উচ্চ মাধ্যমিক বিদ্যালয়।

২- হেপ্পী গগৈ, ধেমাজি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়

৩- হিৰাৰুণ নৰহ, ধেমাজি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়।

৪- পৰিশ্মীতা চুতীয়া, ধেমাজি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়।

লৰা শাখা-

১- জুজু দাফলাৰী, জীয়াধল চাৰিআলি উচ্চ মাধ্যমিক বিদ্যালয়।

২- বিকাশ দাস, ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়।

৩- ডেভিড গগৈ, ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়।

বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে শিক্ষা বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত ড° সঞ্জীৱ কুমাৰ ফুকন, জিলা যোগাসন ক্ৰীড়া সন্থাৰ পৃষ্ঠপোষক হেৰম্ব প্ৰসাদ দাস, ধেমাজি প্ৰেচ ক্লাৱৰ সভাপতি অশ্বিনী দুৱৰা।

ডায়েট

বিজয়ীক সকলক প্ৰশংসাপত্ৰ আৰু মেডেল প্ৰদানৰ লগতে প্ৰতিগৰাকী অংশগ্ৰহণকাৰীক অংশগ্ৰহণৰ প্ৰমাণপত্ৰ প্ৰদান কৰে আৰু মেনটৰ শিক্ষক সকলকো প্ৰশংসাপত্ৰ প্ৰদান কৰে।

শাখাভিত্তিক প্ৰথম চাৰিজন বিজয়ীয়ে গুৱাহাটীস্থিত ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা আয়োজিত ৰাজ্যিক যোগ অলিম্পিয়াডত ধেমাজি জিলাক প্ৰতিনিধিত্ব কৰিব।

প্ৰিয় পাঠক, এনেধৰণৰ গুৰুত্বপূৰ্ণ বাৰ্তা সমূহ পাই থাকিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *