অসমৰ ৰাজ্যপালক সাক্ষাৎ অসম ডায়েট বিষয়া সংস্থাৰ।
■ Friday 16 May 2025
১৬ মে’ ২০২৫ তাৰিখে সদৌ অসম ডায়েট বিষয়া সংস্থাৰ পাঁচজনীয়া প্ৰতিনিধি দলে অসমৰ ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যক উজানবজাৰ ৰাজভৱনত সাক্ষাৎ কৰে।
ৰাজ্যপালৰ সৈতে হোৱা সৌহাৰ্দ্যপূৰ্ণ আলোচনাত ডায়েট সম্পৰ্কীয় বিভিন্ন বিষয় উত্থাপন কৰে।
লগতে ৰাজ্যপাল গৰাকীয়ে সংস্থাৰ সদস্যসকলক ইতিবাচক সঁহাৰি জনাই উপযুক্ত পৰামৰ্শ আগবঢ়াই।
প্ৰতিনিধি দলটিত উপস্থিত থাকে – সভাপতি ইন্দ্ৰজিৎ গাম, কাৰ্যকৰী সভাপতি ড° শিৰুমণি ভূঞাঁ, উপ-সভাপতি ময়ুৰী মহন্ত, সম্পাদক-প্ৰধান ড° ৰিতু পৰ্ণ মহন্ত, কোষাধ্যক্ষ হৃদয় ভট্টাচাৰ্য।
শেষত ৰাজ্যপাল গৰাকীয়ে সাক্ষাৎৰ বাবে সময়-সুবিধা দিয়াৰ বাবে সদৌ অসম ডায়েট বিষয়া সংস্থাই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।
প্ৰিয় পাঠক, এনেধৰণৰ গুৰুত্বপূৰ্ণ বাৰ্তা সমূহ জানি থাকিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com
Sangita Dutta Editor in Chief Rnewsindia24.com