
■ Monday- 2 Jun 2025
এই ঐতিহাসিক দিনটো ৰঙানদীবাসীৰ মনত আজীৱন সজীৱ হৈ থাকিব।
যুগ যুগ ধৰি বানপানীৰ সমস্যাত ভুগি অহা ৰঙানদীপৰীয়া আৰ্তজনৰ কাষত উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

আজি লখিমপুৰ জিলাৰ বানপীড়িত আমতলা, পাঁচনৈ আৰু বৰবিল অঞ্চলৰ গাঁওসমূহত ৰঙানদী বান্ধৰ পানীয়ে সৃষ্টি কৰা বিভীষিকাময় বান পৰিস্থিতি পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে বানপীড়িত ৰাইজৰ সৈতে মতবিনিময়ৰে সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, আমাৰ প্ৰশাসনে জনসাধাৰণৰ সহায়-সহযোগিতা তথা নিৰাপত্তাৰ বাবে অহৰহ অক্লান্তভাৱে কাম কৰি গৈছে।
বিপদাশংকা হ্ৰাস পালে তথা পৰিস্থিতি স্বাভাৱিক হ’লে তৎকালীনভাৱে আমি ক্ষতিগ্ৰস্ত সকলোৰে লোকচানৰ বাবে ক্ষতিপূৰণৰ ব্যৱস্থা কৰিম।
অসমৰ জনতাৰ প্ৰতিটো সুখ আৰু দুখৰ সময়ত আমাৰ চৰকাৰ সদায়ে লগত আছে আৰু আগলৈও থাকিব।

পৰিদৰ্শন কালত উপস্থিত থাকে সন্মিলিত গণশক্তি অসমৰ সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, জলসম্পদ বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকা, শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু, মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ক্ৰমে মানৱ ডেকা, অমিয় কুমাৰ ভূঞা, নৱ কুমাৰ দলে, জিলা আয়ুক্ত প্ৰনৱজিৎ কাকতি আৰু বিভাগীয় বিষয়ববীয়া সকল।
উল্লেখ্য যে, মুখ্যমন্ত্ৰী গৰাকীয়ে বানপীড়িত লোকসকলক সাহায্য প্ৰদান, চিকিৎসা সেৱা, বিশুদ্ধ খোৱা পানী যোগান, পশু ধনৰ খাদ্য আৰু চিকিৎসা ইত্যাদি বিষয়ৰ পৰ্যালোচনা কৰে আৰু প্ৰশাসনক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে।
আনহাতে, লখিমপুৰ জিলা প্ৰশাসন, নিপকো আৰু বিদ্যুৎ বিভাগৰ বিষয়াসকলৰ সৈতে ৰঙানদী নদী বান্ধৰ পানী এৰি দিয়া, আগতীয়া সাৱধানতা ইত্যাদি বিভিন্ন বিষয়ৰ আলোচনাত মিলিত হয়।
Sangita Dutta Editor in Chief Rnewsindia24.com