প্ৰভাস দলে, শংকৰ পেগু

প্ৰভাস দলে আৰু শংকৰ পেগু হত্যাকাণ্ড ন্যায়ৰ দাবী মিচিং বাঃনৗ কৗবাঙৰ।

Spread the love

 

■ ১৬ জুলাই ২০২৫

অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলৰ সংঘাত দীৰ্ঘদিনীয়া।

সীমান্তৰ সংঘাত নিম্ৰোলৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যদিও আজি পৰ্যন্ত সমাধান তথা নিষ্পত্তি কৰিব পৰা হোৱানাই।

প্ৰতি বছৰে কোনোবা শ্ৰমিক অথবা কৃষকে এই জলন্ত সমস্যাৰ বলি হ’বলগীয়া হৈছে।

তাৰে এক উদাহৰণ প্ৰভাস দলে আৰু শংকৰ পেগু।

■ ২০২৫ বৰ্ষৰ জুন মাহৰ ১৮ তাৰিখে অৰুণাচল প্ৰদেশৰ চিংপুত দলবদ্ধ আক্ৰমণৰ বলি হৈ মৃত্যু হোৱা অসমৰ শ্ৰমিক প্ৰভাস দলে আৰু ডিবাং ভেলী ৰইংত ১৩ জুলাই ২০২৫ তাৰিখে গুলিবিদ্ধ হৈ মৃত্যু বৰণ কৰা শংকৰ পেগুক ন্যায় প্ৰদানৰ দাবী মিচিং বাঃনৗ কৗবাঙৰ।

হত্যাকাণ্ডক গভীৰ দুখ প্ৰকাশৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা আত্মীয়লৈ সমবেদনা জ্ঞাপন কৗবাঙৰ।

উক্ত হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা জনাই মিচিং বাঃনৗ কৗবাঙৰ সভাপতি পৰমানন্দ চায়েঙীয়াই কয় যে, হত্যাকাণ্ডত জড়িত প্ৰকৃত দোষীক চিনাক্ত কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ ব্যৱস্থা কৰি দুৰ্দশাগ্ৰস্ত পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ আৰু ন্যায় প্ৰদান কৰিবলৈ দাবী জনাইছোঁ।

অৰুণাচল প্ৰদেশ চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ লগতে গৃহ বিভাগক আহ্বান জনাওঁ যে, এনে অমানৱীয় ঘটনা পুনৰ নঘটিবৰ বাবে পোনপটীয়া হস্তক্ষেপৰ জৰিয়তে বিহিত ব্যৱস্থা গ্ৰহণ কৰি বিভিন্ন কৰ্মসূত্ৰে অসমৰ পৰা অৰুণাচল প্ৰদেশত বসবাস কৰা সকলো নাগৰিকৰ জীৱন-সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰক।

আনহাতে অসম চৰকাৰকো অনুৰোধ জনাই যে, অন্যান্য কৰ্মসূত্ৰে অৰুণাচল প্ৰদেশত বসবাস কৰা অসমৰ সকলো নাগৰিকৰ নিৰাপত্তাৰ হকে অৰুণাচল চৰকাৰৰ সৈতে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ।

উল্লেখ্য যে, অৰুনাচল প্ৰদেশৰ আদি মিচিং বাঃনৗ কৗবাং, গাল’ বাঃনৗ কৗবাং, নিচি ইলাইট্ ছচাইটি আৰু অৰুনাচল ইণ্ডিজেনাছ্ ট্ৰাইৱছ’ ফৰামৰ নেতৃবৃন্দই তীব্ৰ গৰিহণা প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰাৰ কথা ফোনযোগে সভাপতি পৰমানন্দ চায়েঙীয়াক অৱগত কৰে।

এনে নৃশংস ঘটনা পুনৰাবৃতি নহ’বৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ হকে আৰু অসম-অৰুনাচলৰ জনগণৰ মাজত সমন্বয় তথা ভাতৃত্ববোধ বৰ্তাই ৰখাৰ মানসেৰে অৰুণাচল প্ৰদেশৰ বিভিন্ন জনগোষ্ঠী, দল সংগঠনৰ মাজত এক যৌথ বৈঠক অনুষ্ঠিত কৰাৰ বাবে মিচিং বাঃনৗ কৗবাঙৰ সভাপতি পৰমানন্দ চায়েঙীয়াই আগবঢ়োৱা প্ৰস্তাৱক ইতিমধ্যে নিচি ইলাইট্ ছাইটিৰ সাধাৰণ সম্পাদক হেৰি মাৰিং আৰু অৰুনাচল ইণ্ডিজেনাছ্ ট্ৰাইৱছ’ ফৰামৰ সাধাৰণ সম্পাদক তাপি টাইয়ে সন্মতি প্ৰকাশ কৰিছে বুলি Rnewsindia24 ক জানিব দিয়ে মিচিং বাঃনৗ কৗবাঙৰ সভাপতি পৰমানন্দ চায়েঙীয়াই।

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *