সদৌ অসম কুমাৰ সন্মিলন

সদৌ অসম কুমাৰ সন্মিলনৰ লখিমপুৰ জিলা সমিতিৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশন আৰু কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা।

Spread the love

■ ২৬ জুলাই ২০২৫

আজি লখিমপুৰ জিলা সমিতিৰ উদ্যোগত সোৱণশিৰি আঞ্চলিক সমিতিৰ সহযোগত পথালিপামস্থিত জয়পুৰ বালিজান নামঘৰত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে লখিমপুৰ জিলা সমিতিৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশন আৰু কৃতি ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে।

সদৌ অসম কুমাৰ সন্মিলন

বৃক্ষৰোপণ, পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে।

সদৌ অসম কুমাৰ সন্মিলন

মুকলি আৰু সম্বৰ্ধনা অনুষ্ঠানৰ উদ্বোধন কৰি অসমৰ কুমাৰ সম্প্ৰদায়ৰ বিষয়ে বিশ্লেষণাত্মক তথা সাৱলীল ভাষণ আগবঢ়াই উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক দিগন্ত কলিতাই।

সদৌ অসম কুমাৰ সন্মিলন

সম্বৰ্ধনা অনুষ্ঠানত লখিমপুৰ জিলাৰ কুমাৰ সম্প্ৰদায়ৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৬৯ গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাই।

সদৌ অসম কুমাৰ সন্মিলন

আনহাতে জিলাৰ খনৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা নূপুৰ কলিতাক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।

সদৌ অসম কুমাৰ সন্মিলন

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে দক্ষিণ নলবাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰাধানাথ কলিতা আৰু নিদিষ্ট বক্তা হিচাপে ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ বাবুল কলিতাই বহু গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে।

সদৌ অসম কুমাৰ সন্মিলন

উপস্থিত থাকে পুনীয়া সত্ৰৰ সত্ৰাধিকাৰ ননী গোপাল গোস্বামী, সদৌ অসম কুমাৰ সন্মিলনৰ সভাপতি গোপাল হাজৰিকা, লখিমপুৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ প্ৰশাসনিক বিষয়া ভদ্ৰেশ্বৰ দত্ত, লখিমপুৰ জিলাৰ সমিতিৰ প্ৰতিষ্ঠাপক সমিতিৰ সভাপতি উমাৰাম কলিতা, ভৱকান্ত কলিতা, দিব্যজ্যোতি হাজৰিকা, ঘনকান্ত কলিতা, প্ৰফুল্ল কলিতা, কৃষ্ণ কলিতা, নৱ কলিতা, নবিন কলিতা, বুবুল ফুকন, প্ৰাঞ্জল বৰা, গণেশ ফুকন, ডিম্বেশ্বৰ শইকীয়া, ৯ খন আঞ্চলিকৰ প্ৰাক্তন আৰু নৱনিৰ্বাচিত সভাপতি, সম্পাদক সকল, জয়পুৰ বালিজান গাঁৱৰ ভক্ত বৈষ্ণৱ সকল, কৃতি ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকল।

সদৌ অসম কুমাৰ সন্মিলন

উল্লেখ্য যে, অষ্টম দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভাৰ জৰিয়তে পুৰণি সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰে।

নৱগঠিত সমিতিৰ বিষয়ববীয়া সকল ক্ৰমে-

উপদেষ্টা – উমা কলিতা, কান্তিৰাম কলিতা, ভৱ কলিতা, দিগন্ত কলিতা, খগেন দত্ত, গোপাল হাজৰিকা, কৃষ্ণ কলিতা, নিল কলিতা, নৱ কলিতা, নবীন কলিতা, উপ-সভাপতি – বুবুল ফুকন, প্ৰশান্ত ভূঞা, বগীৰাম কলিতা, সভাপতি – ৰমেন শইকীয়া, সম্পাদক – প্ৰফুল্ল বৰা, সহ-সম্পাদক- বিপুল বৰা, বাবুল কলিতা, কাৰ্য্যকৰী সভাপতি – তুলসী হাজৰিকা, কোষাধ্যক্ষ – মনেশ্বৰ কলিতা, প্ৰচাৰ সম্পাদিকা- সংগীতা দত্ত, সীমান্ত হাজৰিকা, ভৱ বৰা, প্ৰবীণ শইকীয়া।

সদৌ অসম কুমাৰ সন্মিলন

 

প্ৰিয় পাঠক, এনেধৰণৰ গুৰুত্বপূৰ্ণ বাৰ্তা সমূহ জানি থাকিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com

লগতে Facebook Page আৰু  YouTube Channel Follow – Subscribe কৰিবলৈ এই লিংকত ক্লিক কৰক।

ধন্যবাদ।

https://www.facebook.com/share/1G1192Mw8f/

https://youtube.com/@rnewsindia24?si=kJAXRgy4cKWci0qC

Leave a Reply

Your email address will not be published. Required fields are marked *