Mising Autonomous Council

মিচিং স্বায়ত্বশাসিত পৰিষদৰ অন্তৱৰ্তীকালীন সমিতিৰ প্ৰথম কাৰ্য্যবাহী বৈঠক।

Spread the love

■ ২৫ জুলাই ২০২৫

Mising Autonomous Council

মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ অধ্যক্ষতাত ২৫ জুলাই ২০২৫ তাৰিখে দিৰপাইস্থিত সোৱণশিৰি ইক’ কেম্পত নৱগঠিত অন্তৱৰ্তীকালীন সমিতিৰ প্ৰথমখন কাৰ্য্যবাহী বৈঠক অনুষ্ঠিত কৰে।

Mising Autonomous Council

উক্ত বৈঠক আগন্তুক দিনত অন্তৱৰ্তীকালীন সমিতিৰ দ্বাৰা ৰূপায়ন কৰিবলগীয়া বিভিন্ন গুৰুত্বপূৰ্ণ আঁচনি আৰু কাৰ্য্যসূচীৰ বিষয়ে আলোচনা কৰে।

Mising Autonomous Council

সিদ্ধান্ত সমূহ হল –

১/ সাধাৰণ পৰিষদৰ প্ৰথমখন সভাৰ আলোচনা মৰ্মে পৰিষদৰ জীৱন-জীৱিকা অভিযানৰ শেষ কিষ্টি সাহাৰ্য্যৰ ধন আনুষ্ঠানিক ভাৱে মুকলাই দিয়া হ’ব।

২/ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ আৰ্থিক সাহাৰ্য্য মুকলাই দিয়াৰ সিদ্ধান্ত।

৩/ পাৰা মেডিকেল ক্ষেত্ৰত প্ৰশিক্ষণ’ৰ বাবে আবেদন বিচাৰি জাননী প্ৰকাশৰ সিদ্ধান্ত।

৪/ এম.এ.চি’ৰ জীৱন-জীৱিকা অভিযানৰ দ্বিতীয় পৰ্য্যায়ৰ বাবে আবেদন বিচাৰি জাননী প্ৰকাশৰ সিদ্ধান্ত।

৫/ কেশকাৰ প্ৰশিক্ষণ’ৰ বাবে আবেদন বিচাৰি জাননী প্ৰকাশৰ সিদ্ধান্ত।

৬/ পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে মাল্টিচেল কালভাৰ্ট, আৰ.চি.চি দলং নিৰ্মাণৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ।

৭/ গঢ়াখহনীয়া প্ৰতিৰোধ কৰাৰ বাবে স্পৰ্শকাতৰ অঞ্চলসমূহ উল্লেখ কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ হকে মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ।

৮/ ইংৰাজী কথোপকথন, কম্পিউটাৰ অপাৰেশ্যন আৰু ব্যক্তিত্ব দক্ষতা বিকাশৰ পাচমহীয়া প্ৰশিক্ষণ’ৰ বাবে আবেদন বিচাৰি জাননী প্ৰকাশৰ সিদ্ধান্ত।

 

প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ খবৰ সমূহ জানি থাকিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com

লগতে Facebook Page আৰু  YouTube Channel Follow – Subscribe কৰিবলৈ এই লিংকত ক্লিক কৰক।

ধন্যবাদ।

https://www.facebook.com/share/1G1192Mw8f/

https://youtube.com/@rnewsindia24?si=kJAXRgy4cKWci0qC

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *