"কাৰ্পোমপুলি" - R News India 24
Skip to content
এয়া আকাশবাণী ডিব্ৰুগড়….।
বিভিন্ন জাতি-জনগোষ্ঠীৰ ভাষা, পৰম্পৰা, কৃষ্টি-সংস্কৃতিৰে চহকী অসমৰ অগণন শ্ৰোতাৰ আৱেগ, ভৰষা তথা মন-প্ৰাণৰ সংগী “আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ”।
বিশেষকৈ, অনাতাঁৰ কেন্দ্ৰৰ জৰিয়তে নিৰৱচ্ছিন্নভাৱে অসমৰ কলা-সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰ তথা শ্ৰোতাক মনোৰঞ্জন দিয়াৰ পৰা সম্ভাৱনাপূৰ্ণ শিল্পী সকলৰ প্ৰতিভা বিকাশৰ সুযোগ প্ৰদান কৰালৈকে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ ভূমিকা অপৰিসীম।
অহা ৫ অক্টোবৰ, ২০২৫ তাৰিখৰ পৰা ‘আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ যোগেদি পুনৰ সম্প্ৰচাৰিত হ’ব মিচিং জনগোষ্ঠীৰ অতিকৈ হেঁপাহৰ জনপ্ৰিয় অনুষ্ঠান “কাৰ্পোমপুলি”।
উক্ত তাৰিখৰ পৰা প্ৰত্যেক দিনাই সম্প্ৰচাৰ কৰা হ’ব বুলি আকাশবাণীৰ সঞ্চালক প্ৰধানে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াক এক আনুষ্ঠানিক পত্ৰৰ জৰিয়তে অৱগত কৰে।
অসমৰ জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ তথা শ্ৰোতামণ্ডলীৰ মাজত সমাজ, সংস্কৃতি আৰু সংবাদৰ সুবাস বিলোৱা ‘আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ’ লৈ মিচিং জনগোষ্ঠীৰ হৈ Rnewsindia24 পৰিয়ালৰ তৰফৰ পৰাও আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
অহা ৫ অক্টোবৰ তাৰিখে দিনৰ ১০ বজাত চিলাপথাৰস্থিত দঞি-পঃল প্ৰেক্ষাগৃহত ছয় মিচিং জাতীয় সংগঠনৰ প্ৰতিনিধিবৰ্গ আৰু আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ বিষয়ববীয়াৰ উপস্থিতিত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে মিচিং সকলৰ প্ৰিয় অনুষ্ঠানটি শুভাৰম্ভণি কৰিব।
উক্ত অনুষ্ঠানৰ জৰিয়তে মিচিং জনগোষ্ঠীৰ শৈক্ষিক, আৰ্থ-সামাজিক, ক’লা সংস্কৃতি, ক্ৰীড়া, কৃষি আদি সকলো দিশতে উন্নতি সাধন কৰিব বুলি আমি আশাবাদী।
আঁহক, আমি সকলোৱে ব্যস্ততাময় জীৱনৰ ক্ষন্তেক সময় উলিয়াই অনুষ্ঠানটি উপভোগ কৰোঁ।
প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com
YouTube Channel –
Follow – Subscribe কৰিবলৈ নাপাহৰিব।
ধন্যবাদ।