“Kapé MAC”
■ ১৪/১০/২০২৫
মিচিং স্বায়ত্বশাসিত পৰিষদৰ সভাকক্ষত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ অধ্যক্ষতাত পৰিষদৰ অষ্টমখন কাৰ্য্যবাহী বৈঠক অনুষ্ঠিত কৰে।
উক্ত বৈঠকত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ –
১) ১ নৱেম্বৰৰ পৰা ১৭ বছৰ অনুৰ্ধ্ব MAC-SL 2025 অনুষ্ঠিত কৰিব।
২) ৮ নৱেম্বৰত মৌ-মাখি পালন (Apiculture) কৰ্মশালা অনুষ্ঠিত কৰিব।
৩) ২৮, ২৯ আৰু ৩০ নৱেম্বৰত তৃতীয় সংখ্যক দুলুং সোৱণশিৰি উৎসৱ অনুষ্ঠিত কৰিব।
৪) ৩ তাৰিখৰ পৰা ৭ ডিচেম্বৰলৈ ডিব্ৰুগড়ত মিচিং হস্ততাঁত বস্ত্ৰমেলা অনুষ্ঠিত কৰিব।
৫) ১৭ তাৰিখৰ পৰা ২১ ডিচেম্বৰলৈ গুৱাহাটীত মিচং হস্ততাঁত বস্ত্ৰমেলা অনুষ্ঠিত কৰিব।
৬) ৯,১০ আৰু১১ জানুৱাৰীত তৃতীয় সংখ্যক পবা মহোৎসৱ অনুষ্ঠিত কৰিব।
বৈঠকত উপস্থিত থাকে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু আৰু সমূহ কাৰ্য্যবাহী সদস্য/সদস্যা।
■২ মিচিং স্বায়ত্বশাসিত পৰিষদৰ দ্বাৰা মুখ্যমন্ত্ৰীৰ বিশেষ সাহাৰ্য্য পুঁজিৰে ১৫৯ খন বিদ্যালয়ৰ শ্ৰেণীকোঠা আৰু আন্তঃগাথঁনি নিৰ্মাণ কৰি আছে।
পৰিষদৰ ১ নং জোনাইৰ পৰা ১১ নং উজনি চিচি টঙানি, ২৪ নং ৰঙানদী, ২৫ নং ডিক্ৰং, ২৭ নং লোহিতমুখ, ৩৬ নং শদিয়া, ২৬ নং জীয়াভৰলী, ২৮ নং ধনশ্ৰী, ২৯ নং দিছৈ, ৪০ নং বৰনৈ বিল্লাম, ৩৩নং যোৰহাট, ৩৪ নং দিচাং-দিখৌ, ৩৭ নং বুৰৈ সমষ্টিত নিৰ্মাণ কৰি থকা বিদ্যালয় সমূহ পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয় পৰিষদৰ কাৰ্য্যবাহী সদস্য পুৰুষোত্তম দলেয়ে।
পৰিদৰ্শন কালত সংগ দিয়ে পৰিষদৰ কাৰ্য্যবাহী সদস্য ক্ৰমে – যজ্ঞেশ্বৰ কুটুম, দেৱৰঞ্জন মৰাং, অনিল পায়েং, সদস্যা ভৱানী দুৱৰা, পদুম ৰায়, সাধাৰণ সদস্য ক্ৰমে- দিলীপ পেগু, ত্ৰৈলোক্য পামেগাম, বাণীকান্ত দলে, প্ৰতাপ টায়ে, ৰাজু চিন্তে, সুধীৰ মৰাং, লিভা মিলি, নিভা পেগু মিলি, সহকাৰী অভিযন্তা অশোক পেগু, কনিষ্ঠ অভিযন্তা নিকুঞ্জ পেগু, যোগেন বাছিং, বেনিল টাইড, সঞ্জয় মৰাং, খগেশ্বৰ টাইড, অশ্বিনী পেগু, শান্ত্বনা পাইট আৰু মিচিং জাতীয় সংগঠনৰ বিষয়ববীয়াই।
■৩ এখন নিচামুক্ত, সু-শিক্ষিত, সুন্দৰ গণতান্ত্ৰিক প্ৰগতিশীল সমাজ ব্যৱস্থা প্ৰতিষ্ঠাৰ হকে টাকাম মিচিং পৰিণ কৗবাঙে জন্ম-লগ্নৰে পৰা বিভিন্ন ধৰণৰ সামাজিক কাৰ্য্যসূচী গ্ৰহণ কৰি আহিছে।
তাৰে অংশ স্বৰূপে টাকাম মিচিং পৰিণ কৗবাঙে ২০২৩ বৰ্ষৰ পৰা ক্ৰীড়াৰ জৰিয়তে গাঁৱৰ সুপ্ত প্ৰতিভাসম্পন্ন উদীয়মান খেলুৱৈ সকলক আগুৱাই নিয়াৰ উদ্দেশ্যে মিচিং স্পৰ্টচ কাৰ্নিভেল অনুষ্ঠিত কৰি আহিছে।
অহা অক্টোবৰ মাহৰ ২৩ৰ পৰা ২৬ তাৰিখলৈ গোগামুখত টাকাম মিচিং পৰিণ কৗবাঙৰ উদ্যোগত মিচিং স্বায়ত্বশাসিত পৰিষদৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হ’বলগীয়া তৃতীয় সংখ্যক মিচিং স্পৰ্টচ কাৰ্নিভেলত ধেমাজি জিলাৰ নিৰ্বাচিত খেলুৱৈসকলে অংশগ্ৰহণ কৰা কাৰ্য্যসূচীত উপস্থিত থাকি প্ৰেৰণামূলক বক্তব্য প্ৰদান কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
■৪ গোগামুখ চেতিয়া গাঁৱস্থিত RLRC ৰ পাটকাই দক্ষতা বিকাশ প্ৰতিষ্ঠানত মিচিং স্বায়ত্বশাসিত পৰিষদৰ পৃষ্ঠপোষকতাৰে প্ৰশিক্ষণ প্ৰদান কৰা হোটেল মেনেজমেন্ট ইনষ্টিটিউটৰ দ্বাৰা প্ৰশিক্ষিত পঞ্চম গোটৰ প্ৰশিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীয়ে।
লগতে দেশৰ মহান ব্যক্তিসকলৰ সফলতাৰ আঁৰৰ কাহিনীৰে বক্তব্য প্ৰদান কৰি উজ্জ্বল ভৱিষ্যত কামনা কৰে।
উক্ত কাৰ্য্যসূচীত উপস্থিত থাকে পৰিচালক চত্ৰ মেদক।
■৫ মিচিং স্বায়ত্বশাসিত পৰিষদৰ মিংমাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কচুতলি গাঁৱৰ সদ্যঘোষিত ADREত সু-খ্যাতিৰে উত্তীৰ্ণ হোৱা পূজা পেগু, বিৰেঞ্চি মিলি,
গৰপৰা গাঁৱৰ কৰণজ্যোতি পেগু, কঠালগুৰি গাঁৱৰ বিনোদ দলে, বদটি গাঁৱৰ মনেশ্বৰ লাগাচু, চিৰন্তন দলে, দীপাংকৰ কুলি, বৰলা গাঁৱৰ পূৰ্ণানন্দ পেগু, আবতানি গাঁৱৰ মনোৰঞ্জন গগৈৰ বাসগৃহত উপস্থিত হৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীয়ে।
■ ১৯/১০/২০২৫
তৃতীয় সংখ্যক মিচিং স্পৰ্টচ কাৰ্নিভেলৰ প্ৰস্তুতি পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয় পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
পৰিদৰ্শন কালত সংগ দিয়ে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, সাধাৰণ সদস্য ৰাজু পেগু, TMPKৰ কেন্দ্ৰীয় সদস্য সঞ্জীৱ মিলি আৰু মিচিং জাতীয় সংগঠনৰ বিষয়ববীয়াই।
■২ তৃতীয় সংখ্যক মিচিং স্পৰ্টচ কাৰ্নিভেলত অংশগ্ৰহণ কৰিবলগীয়া খেলুৱৈ সকলৰ লগতে আয়োজক আৰু সমগ্ৰ মিচিং সমাজক অভিনন্দন, শুভেচ্ছা আৰু উৎসাহিত কৰাৰ উদ্দেশ্যে অৱসৰপ্ৰাপ্ত শিক্ষক তথা সাংস্কৃতিক কৰ্মী অৰুন মৰাঙে SÍ:SANG YA:MEYA GÍLENTOKA শীৰ্ষক এটি গীত আগবঢ়াইছে।
১৯ অক্টোবৰ ২০২৫ তাৰিখে সন্ধিয়া ৬ বজাত গোগামুখ আবুতানি লত্তাত আনুষ্ঠানিকভাৱে গীতটি মুকলি কৰে।
উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি গীতটি শুভ উন্মোচন কৰে মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ সাধাৰণ সদস্য বানিকান্ত দলে, ৰাজু পেগু, লাৱণ্য মিলি, TMPK ৰ সহকাৰী সম্পাদক হৰিশ্চন্দ্ৰ কামান, গণশক্তিৰ সাধাৰণ সম্পাদক ৰমা পাইত, ভিডিঅ’টিৰ কলা কুশলীসকলৰ লগতে মিচিং জাতীয় সংগঠনৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।
■১৯/১০/২০২৫
গোগামুখ ৰাজহুৱা প্ৰেক্ষাগৃহৰ প্ৰাংগণত অসম সাহিত্য সভাৰ গোগামুখ শাখাৰ আহ্বান ক্ৰমে এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়।
সভাত শাখাৰ কাৰ্যালয়ৰ বাবে ভূমি আৱন্তন বিচাৰি অসম চৰকাৰৰ শিক্ষা মন্ত্ৰীক অনুৰোধ জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
উক্ত সভাত বিশেষ অতিথি হিচাপে উপস্থিত থাকে MAC CEM পৰমানন্দ চায়েঙীয়া,
উপস্থিত থাকে বিশিষ্ট ব্যক্তি সকল, অসম সাহিত্য সভাৰ গোগামুখ শাখাৰ বিষয়ববীয়া।
প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com
লগতে Facebook Page –
https://www.facebook.com/share/1CPt4foZn4/
YouTube Channel –
https://youtube.com/@rnewsindia24?si=kJAXRgy4cKWci0qC
Follow – Subscribe কৰিবলৈ নাপাহৰিব।
ধন্যবাদ।

