Mising Autonomous Council

“Kapé MAC”

Spread the love

♦️ দুলুং সোৱণশিৰি মহোৎসৱ স্থলীত বিশেষ বৈঠক মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ।

১৮/১১/২০২৫ তাৰিখে দুলুং সোৱণশিৰি মহোৎসৱ স্থলীত উদযাপন সমিতিৰ সৈতে বিশেষ আলোচনাত মিলিত হয় পৰিষদৰ মুখ্য কাৰ্য্যবাহী গৰাকী।

উক্ত বৈঠকত উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য অনিল পায়েং, উদযাপন সমিতি আৰু স্থানীয় জাতীয় সংগঠনৰ অন্যান্য বিষয়ববীয়া।

 

♦️ কাঠ আৰু বাহেঁৰে নিৰ্মাণ কৰা এখনি বিশেষ দলঙৰ শুভ উদ্বোধন।

২২/১১/২০২৫ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ ৩৪ নং দিচাং-দিখৌ সমষ্টিৰ অন্তৰ্গত দিচাং চাপৰি পাৰঘাটত যাত্ৰীৰ সুবিধাৰ বাবে কাঠ আৰু বাহেঁৰে অস্থায়ীভাৱে নিৰ্মাণ কৰা এখন বিশেষ দলং শুভ উদ্বোধন কৰে পৰিষদৰ কাৰ্য্যবাহী সদস্য পুৰুষোত্তম দলেয়ে।

উদ্বোধনী কাৰ্য্যসূচীত উপস্থিত থাকে ৩৪ নং দিচাং-দিখৌ সমষ্টিৰ সাধাৰণ সদস্যা নিভা পেগু মিলি, দিচাংমুখ গাঁও পঞ্চায়তৰ সভাপতি সঞ্জয় পাংগিং, TMPKৰ সাহিত্য সম্পাদক বিদ্যাসাগৰ দলে, MMK, TMMK, TMPKৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

 

♦️ দুলুং আৰু পবা মহোৎসৱ উদযাপনাৰ্থে বিশেষ বৈঠক।

২৩/১১/২০২৫ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ সভাকক্ষত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ উপস্থিতিত আগন্তুক দুলুং সোৱণশিৰি মহোৎসৱ আৰু পবা মহোৎসৱৰ বাবে গ্ৰহণ কৰা সিদ্ধান্ত সমূহ কাৰ্য্যকৰী কৰণাৰ্থে এখনি সভা অনুষ্ঠিত কৰে।

উক্ত সভাত উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য নৰেশ্ব কুম্বাং, অনিল পায়েং, লখিমপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ মুকুল বৰা, গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দিলীপ কুমাৰ ঝা, লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ উপাধ্যক্ষ সাজ্জাদ হোছেইন, অধ্যাপক দীপজ্যোতি গোহাঁই, বগীনদী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অনিল কুমাৰ গগৈ, লখিমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ অধ্যাপকদ্বয় ড° কমলেশ্বৰ হাজৰিকা, দেৱকান্ত শইকীয়া, সোৱণশিৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰূপেশ্বৰ চেতিয়া, অধ্যাপক তিকৰাম শৰ্মা, গাওঁ পঞ্চায়ত সভাপতি ভীষ্ম নাথ পেগু, ধেমাজিৰ নেচাৰছ বেকনৰ জিলা সমন্বয়ক যুগল সন্দিকৈ, এ.এছ.টি.ই.চি ৰ সমন্বয়ক প্ৰদীপ কুমাৰ গগৈ, পবা মহোৎসৱৰ কাৰ্য্যকৰী সভাপতি টুখেশ্বৰ মিৰি আগৰৱালা, দুলুং সংৰক্ষণ সমিতিৰ সম্পাদক মজিন সোণোৱাল, TMPK ৰ কেন্দ্ৰীয় কাৰ্য্যালয় সম্পাদক কুশল পায়েং, TMPK জ’নাই জিলা সমিতিৰ সম্পাদক জান দলে, পবা মহোৎসৱ উদযাপন সমিতিৰ যুটীয়া সম্পাদক ভৱেশ মিলি, সদস্য বিজয় বড়ি আৰু জেলিন ৰেগন।

 

♦️ ভিডিঅ’ কনফাৰেন্সযোগে বিশেষ সাক্ষাৎকাৰ প্ৰদান মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ।

২৪/১১/২০২৫ তাৰিখে পৰিষদে কেশকাৰ অৰ্থাৎ নাপিত প্ৰশিক্ষণেৰে India আৰু Asia book of records ত নাম সন্নিৱিষ্ট হোৱাৰ বিষয়ক লৈ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াক India Book of Recordsৰ Content Coordinator Meenakshi Varma এ এক বিশেষ সাক্ষাৎকাৰ গ্ৰহণ কৰে।

উক্ত সাক্ষাৎকাৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম India TVত সম্প্ৰচাৰিত হ’ব।

 

♦️ সন্মিলিত গণশক্তি অসমৰ ২০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন।

২০/১১/২০২৫ তাৰিখে মিংমাং দঃঞি পঃল কৃষ্টি ভৱনত মিংমাং শাখা শক্তিৰ উদ্যোগত গণশক্তিৰ ২০ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু মিংমাং শাখা শক্তিৰ ১৮ সংখ্যক প্ৰতিনিধি সভা অনুষ্ঠিত কৰে।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সভাত উপবিষ্ট ৰাইজক উদ্দেশ্যি বহু গুৰুত্বপূৰ্ণ তথা বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই সন্মিলিত গণশক্তি অসমৰ সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

সভাত উপস্থিত থাকে মিংমাং শাখা শক্তিৰ প্ৰাক্তন উপ-সভাপতি বসন্ত কুমাৰ দাস, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অৰুন মৰাং, মিংমাং গাওঁ পঞ্চায়তৰ সভাপতি গনেশ্বৰ দলে আৰু গণশক্তি, MMK, TMMK, TMPK ৰ অন্যান্য বিষয়ববীয়া।

উল্লেখ্য যে, সন্মিলিত গণশক্তি অসমৰ প্ৰতিখন শাখা শক্তিত দিনজোৰা কাৰ্য্যসূচীৰে বিংশতম প্ৰতিষ্ঠা দিৱস উদযাপন কৰে।

 

 

প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com

লগতে Facebook Page –
https://www.facebook.com/share/1CPt4foZn4/

YouTube Channel –
https://youtube.com/@rnewsindia24?si=kJAXRgy4cKWci0qC

Follow – Subscribe কৰিবলৈ নাপাহৰিব।

ধন্যবাদ।

Leave a Reply

Your email address will not be published. Required fields are marked *