Mising Autonomous Council

Kapé MAC

Spread the love

♦️LDCM ৰ নৱম সংখ্যক অভিৱৰ্তন।

২৯/১১/২০২৫ তাৰিখে গোগামুখ চেতিয়া গাঁৱস্থিত RLRC প্ৰেক্ষাগৃহত LDCM ৰ নৱম সংখ্যক অভিৱৰ্তন অনুষ্ঠিত কৰে।

অভিৱৰ্তনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।

উপস্থিত থাকে পৰিষদৰ সাধাৰণ সদস্য ৰাজু পেগু, TMMK ৰ সভানেত্ৰী তথা জিলা পৰিষদ সদস্যা ইন্দিৰা চিন্তে কুম্বাং, সম্পাদিকা শৰ্মিলা পায়েং, TMPK ৰ সাধাৰণ সম্পাদক চান পাংগিং, LDCM ৰ সমূহ বিষয়ববীয়া।

♦️মিংমাং পৰিষদীয় সমষ্টিত সম্বৰ্দ্ধনা অনুষ্ঠান।

৩০/১১/২০২৫ তাৰিখে MMK, TMMK, TMPK ধেমাজি জিলা সমিতি আৰু মিচিং স্পৰ্টচ কাৰ্নিভেল অভ্যৰ্থনা সমিতিৰ উদ্যোগত মিংমাং পেঞ্চাক চিলাট আৱাসীক প্ৰশিক্ষণ কেন্দ্ৰত ধেমাজি জিলাৰ খেলুৱৈ আৰু স্বেচ্ছাসেৱক সকলৰ বাবে সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে।

“সম্বৰ্ধনা অনুষ্ঠান” ৰ প্ৰাকমূহুৰ্তত দেশৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ১২৮ সংখ্যক মন-কী-বাত অনুষ্ঠান শ্ৰৱণৰ বিশেষ ব্যৱস্থা কৰে আয়োজক সমিতিয়ে।

উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।

উপস্থিত থাকে পৰিষদৰ সাধাৰণ সদস্যদ্বয় বানীকান্ত দলে, ৰাজু পেগু, সাধাৰণ সদস্যা লাৱণ্য মিলি, TMPKৰ উপ-সভাপতি টুনিৰাম পাংগিং, সাধাৰণ সম্পাদক চান পাংগিং, MAKৰ সম্পাদক সোমেশ্বৰ কপ্তাক, TMPKৰ সহকাৰী সম্পাদক হৰিচন্দ্ৰ কামন, LDCMৰ সাধাৰণ সম্পাদক জয়ন্ত পাতিৰ, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া।

প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com

লগতে Facebook Page –https://www.facebook.com/share/1CPt4foZn4/

YouTube Channel – https://youtube.com/@rnewsindia24?si=kJAXRgy4cKWci0qC

Follow – Subscribe কৰিবলৈ নাপাহৰিব।

ধন্যবাদ।

Leave a Reply

Your email address will not be published. Required fields are marked *