Mising Autonomous Council

Kapé MAC

Spread the love

♦️সপ্তদশ মিচিং হস্ততাঁত বস্ত্ৰমেলা ২০২৫।

মিচিং স্বায়ত্বশাসিত পৰিষদৰ হস্ততাঁত বস্ত্ৰ বিভাগৰ উদ্যোগত ৩ৰ পৰা ৭ ডিচেম্বৰ তাৰিখলৈ ডিব্ৰুগড় চৰকাৰী উচ্চতৰ বালক বিদ্যালয়ৰ খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে ‘সপ্তদশ মিচিং হস্ততাঁত বস্ত্ৰমেলা’ অনুষ্ঠিত কৰে।

৩ ডিচেম্বৰ তাৰিখে উক্ত মেলাৰ দ্বাৰ মুকলি কৰে অসম চৰকাৰৰ মন্ত্ৰী প্ৰশান্ত ফুকনে।

বস্ত্ৰ মেলাৰ শুভ উদ্বোধন কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, ডিব্ৰুগড় হস্ততাঁত বস্ত্ৰ বিভাগৰ সহকাৰী সঞ্চালক চম্পক শইকীয়া, অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ।

উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য ক্ৰমে পুৰুষোত্তম দলে, যজ্ঞেশ্বৰ কুটুম, বিজু পেগু, পদুম ৰায়, প্ৰশান্ত কুমাৰ বড়ি, কাৰ্য্যবাহী সদস্যা ভৱানী দুৱৰা, সাধাৰণ সদস্যদ্বয় বানীকান্ত দলে, ৰাজু পেগু, সদস্যা লাৱণ্য মিলি, MAK সম্পাদক সোমেশ্বৰ কপ্তাক, TMPKৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক হৰিচন্দ্ৰ কামান, গণশক্তি, MBK, MMK, MAK, MDK TMMK, TMPKৰ কেন্দ্ৰীয়, জিলা, খণ্ড আঞ্চলিকৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

আনহাতে, উক্ত মেলাৰ চতুৰ্থ দিনা বিপনী সমূহ পৰিদৰ্শন কৰি শিপিনী আৰু বিক্ৰেতা সকলৰ সৈতে মত বিনিময়ৰে হস্ততাঁতৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ লগতে বিভিন্ন অভাৱ অভিযোগৰ বুজ লয় পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

পৰিদৰ্শন কালত সংগ দিয়ে পৰিষদৰ কাৰ্য্যবাহী সদস্য প্ৰশান্ত কুমাৰ বড়ি, মুখ্য সচিব যাদৱ পেগু আৰু মিচিং জাতীয় সংগঠনৰ বিষয়ববীয়াই।

♦️মিচিং যুৱ মহোৎসৱৰ লাইখুঁটা স্থাপন।

৩/১২/২০২৫ তাৰিখে বগীবিল কাৰেং চাপৰিত আগন্তুক ৭,৮,৯,১০ আৰু ১১ জানুৱাৰী তাৰিখে অনুষ্ঠিত হ’বলগীয়া মিচিং যুৱ মহোৎসৱৰ লাইখুঁটা মাংগলিক ৰীতি-নীতিৰে স্থাপন কৰে মিচিং বাঃনৗ কৗঃবাঙৰ সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া আৰু অধ্যক্ষ সুনীল কুমাৰ পেগুৱে।

উক্ত মাংগলিক কাৰ্য্যসূচীত উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ সমূহ কাৰ্য্যবাহী আৰু সাধাৰণ সদস্য/সদস্যা, ছয় মিচিং জাতীয় সংগঠনৰ কেন্দ্ৰীয়, জিলা, আৰু আঞ্চলিকৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

♦️ মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াক সাক্ষাৎ অসম পশুচিকিৎসা আৰু মীন বিশ্ববিদ্যালয় উপাচাৰ্যৰ।

৩/১২/২০২৫ তাৰিখে পৰিষদৰ কাৰ্য্যালয়ত এম.এ.চিৰ মুখ্য কাৰ্য্যবাহী সদস্য চায়েঙীয়াক সাক্ষাৎ কৰে অসম পশুচিকিৎসা আৰু মীন বিশ্ববিদ্যালয়’ৰ উপাচাৰ্য ডাঃ নিৰঞ্জন কলিতাই।

সাক্ষৎকালত মিচিং স্বায়ত্বশাসিত পৰিষদ এলেকাৰ পশু পালন, মৎস্য পালনৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন সমস্যা সম্পৰ্কে আৰু গাহৰি পালনৰ জলন্ত সমস্যা ASF বেমাৰৰ বিষয়ে বিষেশ ভাৱে আলোচনা কৰে।

মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে এই ক্ষেত্ৰত যুটীয়া পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰস্তাৱ দিয়ে আৰু সময়ত সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

উপস্থিত থাকে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, সাধাৰণ সদস্য ৰাজু পেগু, লখিমপুৰ পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহকাৰী দীন ডাঃ উমাৰাম তামুলী, ছাত্ৰ কল্যাণৰ উপ-সঞ্চালক ডাঃ সঞ্জীৱ খাৰঘৰীয়া, ডাঃ অনিল কুমাৰ পেগু আৰু পৰিষদৰ মুখ্য সহায়ক বিপিন গাম।

♦️ কলবাৰী ৰাজ্যিক চিকিৎসালয়ৰ “চিকিৎসক বাসভৱন”ৰ উদ্বোধনী।

০৪/১১/২০২৫ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ আৱণ্টিত পুঁজিৰ ৪৯ লাখ টকা ব্যয়েৰে ৩৩ নং যোৰহাট পৰিষদীয় সমষ্টিত নিৰ্মাণ কৰা কলবাৰী ৰাজ্যিক চিকিৎসালয়ৰ “চিকিৎসক বাসভৱন”ৰ শুভ উদ্বোধন কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া আৰু কাৰ্য্যবাহী সদস্য পুৰুষোত্তম দলেয়ে।

উক্ত অনুষ্ঠানত উপস্থিত থাকে সাধাৰণ সদস্য সুধীৰ মৰাং, সাধাৰণ সদস্যা নিভা পেগু মিলি, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক দিলীপ কুমাৰ দেৱ শৰ্মা, চিকিৎসকদ্বয় ড° ৰাজশ্ৰী শৰ্মা, ড° দিলকাৰাম সিং, চিকিৎসালয় খনৰ সমূহ বিষয়া কৰ্মচাৰী, MMKৰ সভাপতি হৰেন ৰিচং, TMPK যোৰহাট জিলা সমিতিৰ সভাপতি বাবাই পেগু, TMMKৰ সম্পাদিকা ৰূপা দলে, MMKৰ কেন্দ্ৰীয় সদস্য অতুল মিচং, গাওঁ প্ৰধান বিমল পেগু, বিশিষ্ট ব্যক্তি, সমাজকৰ্মী, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

♦️‘মহুৰামুখ প্ৰেছ ক্লাব ভৱন’ৰ উদ্বোধন।

০৪/১২/২০২৫ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ আৱণ্টিত পুঁজিৰ ৩০ লাখ টকা ব্যয়েৰে গোলাঘাট জিলাৰ মহুৰামুখত নিৰ্মাণ কৰা “মহুৰামুখ প্ৰেছ ক্লাব ভৱন”ৰ শুভ উদ্বোধন কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য পুৰুষোত্তম দলে, সাধাৰণ সদস্য সুধীৰ মৰাং, সাধাৰণ সদস্যা নিভা পেগু মিলি, সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, জ্যেষ্ঠ সাংবাদিক বাবুলাল মৰ, মহুৰামুখ সাংবাদিক সন্থাৰ সভাপতি পৱন কামান, সম্পাদক হেমন্ত লইং, TMPKৰ কেন্দ্ৰীয় উপ-সভাপতি ৰাহুল লইং, প্ৰচাৰ সম্পাদক বিমান জ্যোতি লইং, সাংগঠনিক সম্পাদিকা তৃষ্ণা কুটুম, গণশক্তি, প্ৰেছ ক্লাব, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

♦️মিচিং স্বায়ত্বশাসিত পৰিষদৰ দ্বাৰা নিৰ্মীয়মান ছাত্ৰাবাস পৰিদৰ্শন।

এম.এ.চিৰ আৱণ্টিত পুঁজিৰ ২.৪০ কোটি টকা ব্যয়েৰে ঢকুৱাখনা ট্ৰাইবেল সংঘৰ চৌহদত নিৰ্মাণ কৰি থকা ছাত্ৰাবাসটি পৰিদৰ্শন কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া আৰু অধ্যক্ষ সুনীল কুমাৰ পেগুৱে।

পৰিদৰ্শন কালত উপস্থিত থাকে সমাজকৰ্মী তথা গণশক্তিৰ উপ-সভাপতি হিৰণ্য দত্ত, ঢকুৱাখনা ট্ৰাইবেল সংঘৰ সভাপতি যতীন পেগু, পৰিষদৰ অভিযন্তা জয়ন্ত মেদক, MMK, TMMK, TMPK ৰ অন্যান্য বিষয়ববীয়া।

♦️ গমুগ চাং ইক’ ৰিজৰ্টৰ শুভ উদ্বোধন।

০৪/১২/২০২৫ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ দিচাং দিখৌ সমষ্টিৰ অন্তৰ্গত দিচাংমুখ বাহিৰ লিগিৰিবাৰী (পুৰণি জাহাজ ঘাট) ত নিৰ্মাণ কৰা গমুগ চাং ইক’ ৰিজৰ্টৰ শুভ উদ্বোধন কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য পুৰুষোত্তম দলে, সাধাৰণ সদস্যা নিভা পেগু মিলি, সমাজকৰ্মী বাণেশ্বৰ মিলি, ৰিজৰ্টখনৰ স্বত্বাধিকাৰী ৰাজীৱ মিলি আৰু সহযোগী সকলৰ লগতে মিচিং জাতীয় সংগঠনৰ অন্যান্য বিষয়ববীয়া।

 

প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com

লগতে Facebook Page – https://www.facebook.com/share/1CPt4foZn4/

YouTube Channel – https://youtube.com/@rnewsindia24?si=kJAXRgy4cKWci0qC

Follow – Subscribe কৰিবলৈ নাপাহৰিব।

ধন্যবাদ।

Leave a Reply

Your email address will not be published. Required fields are marked *