“Kapé MAC”
♦️ দুলুং সোৱণশিৰি প্ৰকৃতি মহোৎসৱ ২০২৫।
মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত বৃহত্তৰ বগীনদীবাসী ৰাইজৰ সহযোগত ১১ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰ তাৰিখলৈ ওখমাটি নাহৰণি দুলুং বন গাঁৱত অগতানুগতিক কাৰ্যসূচীৰে দুলুং সোৱণশিৰি প্ৰকৃতি মহোৎসৱ অনুষ্ঠিত কৰে।
১১/১২/২০২৫ অৰ্থাৎ প্ৰথম দিনঃ-
দুলুং সোৱণশিৰি প্ৰকৃতি মহোৎসৱৰ মূল তোৰণ শুভ উদ্বোধন কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে আৰু দ্বিতীয়খন তোৰণ উদ্বোধন কৰে পৰিষদৰ কাৰ্য্যবাহী সদস্য পুৰুষোত্তম দলেয়ে।
বৃক্ষ ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে পথালিপাম খণ্ডৰ বন বিষয়া মহম্মদ আব্দুল মটিনে।
পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি গোপাল চন্দ্ৰ দলেয়ে।
বাণিজ্য মেলা উদ্বোধন কৰে লখিমপুৰ জিলা পৰিষদৰ অধ্যক্ষা চুনীয়া বৰগোহাঁইয়ে।
মূল মঞ্চ উদ্বোধন কৰে লখিমপুৰ জিলা আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকাই।
স্মৰণিকা উন্মোচন কৰে বৃক্ষ মানৱ তথা আমাৰ বনানীৰ সঞ্চালক বকুল গগৈয়ে।
লোককৃষ্টি প্ৰদৰ্শনৰ শুভ উদ্বোধন কৰে ধেমাজি জিলা পৰিষদৰ অধ্যক্ষ ভূপেন চুতীয়াই।
প্ৰাণৰ শিল্পী জুবিন গাৰ্গ দেৱলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি মহোৎসৱৰ কেক কাটি সাংস্কৃতিক সন্ধিয়া কাৰ্য্যসূচীৰ শুভ উদ্বোধন কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
লগতে উক্ত অনুষ্ঠানতে মিচিং ভাষা প্ৰধান প্ৰথম
এফ.এম অৰ্থাৎ অনলাইন ৰেডিঅ’ এপ Tani FM ৰ উন্মোচন কৰে।
সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানৰ মুখ্য আকৰ্ষণ হিচাপে উপস্থিত থাকি গীত পৰিৱেশন কৰে দেৱ টাইদ, ৰশ্মি বৰুৱা, ৰাহুল তাতি, প্ৰণৱ নিছদে।
উক্ত অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য অনিল পায়েং, যজ্ঞেশ্বৰ কুটুম, বিজু পেগু, সাধাৰণ সদস্যদ্বয় বানীকান্ত দলে, ৰাজু পেগু, সাধাৰণ সদস্যা বিউতি পেগু, পৰিষদৰ মুখ্য সচিব যাদৱ পেগু, TMMKৰ উপদেষ্টা নন্দিতা পেগু, TMMKৰ সভানেত্ৰী তথা জিলা পৰিষদ সদস্যা ইন্দিৰা চিন্তে কুম্বাং, পৰিষদৰ মুখ্য সহায়ক বিপিন গাম, সমূহ বিভাগীয় বিষয়ববীয়া, লখিমপুৰ, ধেমাজিৰ বিশিষ্ট ব্যক্তি, সমাজকৰ্মী, শিক্ষাবিদ, গামসকল, MBK, MAK, MDK, MMK, TMMK, TMPK, দুলুং উদযাপন সমিতি আৰু বিভিন্ন সংগঠনৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।
১২/১২/২০২৫ তাৰিখ অৰ্থাৎ দ্বিতীয় দিনঃ-
পুৱা ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে।
প্ৰতিযোগিতা পৰিচালনা কৰে মহেন্দ্ৰ মোহন সোণোৱাল আৰু ৰিতেন নন্দীয়ে।
দুপৰীয়া কবি সন্মিলন অনুষ্ঠিত কৰে।
সন্মিলনখনি সঞ্চালনা কৰে মৰাণ মহাবিদ্যালয়ৰ অধ্যাপক ক্ষিৰোদ গোহাঁই আৰু ধেমাজি জিলা পৰিষদৰ উপ মুখ্য কাৰ্য্যবাহী বিষয়া নবীন কামানে।
সাংস্কৃতিক অনুষ্ঠানত মুখ্য আকৰ্ষণ হিচাপে উপস্থিত থাকি গীত পৰিৱেশন কৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুষুম কৈলাশ, ৰিছমা পাংগিং, টিংকল চৌধুৰীয়ে।
উক্ত অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু।
১৩/১২/২০২৫ তাৰিখ অৰ্থাৎ তৃতীয় দিনঃ-
দুলুং প্ৰাইজমানি হাফ মাৰাথন দৌৰ প্ৰতিযোগিতা, কাবাডী আৰু ভলীবল প্ৰতিযোগিতা, আধুনিক নৃত্য প্ৰতিযোগিতা, লোককৃষ্টি প্ৰদৰ্শন, দুলুং সুন্দৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰে।
লোককৃষ্টি প্ৰদৰ্শন শুভ উদ্বোধক কৰে সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য টংকেশ্বৰ সোণোৱালে।
দুলুং প্ৰাইজমানি হাফ মাৰাথন দৌৰ প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝায়ে।
আধুনিক নৃত্য প্ৰতিযোগিতাৰ শুভ উদ্বোধক কৰে ভাৰপ্ৰাপ্ত আঞ্চলিক বন বিষয়া পাহাৰী হাজৰিকাই।
দুলুং সুন্দৰী প্ৰতিযোগিতা শুভ উদ্বোধন কৰে লখিমপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ডেইজী গগৈয়ে।
সাংস্কৃতিক অনুষ্ঠানত মুখ্য আকৰ্ষণ হিচাপে উপস্থিত থাকি গীত পৰিৱেশন কৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ, আবু টুনটুৰুং বেণ্ড ( পাংগিং য়ামে)।
১৪/১২/২০২৫ তাৰিখ অৰ্থাৎ চতুৰ্থ দিনঃ-
অন্তিম দিনা নাসিক চিত্ৰাংকন প্ৰদৰ্শন, মুকলি আলোচনা ও লোককৃষ্টি প্ৰদৰ্শন, সাংস্কৃতিক সন্ধিয়া কাৰ্য্যসূচী ৰূপায়ণ কৰে।
নাসিক চিত্ৰাংকন প্ৰদৰ্শন অনুষ্ঠানৰ শুভ উদ্বোধন কৰে চিত্ৰশিল্পী কুলধৰ কোঁৱৰে।
চিত্ৰ অংকন কৰে নাসিক চিত্ৰকাৰ তথা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত চিত্ৰশিল্পী শিৰোমণি দলেয়ে।
পৰিদৰ্শক হিচাপে উপস্থিত থাকে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দিলীপ কুমাৰ ঝা আৰু লখিমপুৰ টাউন উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়ত্ৰী সীমা পান্দে ঝা।
মুকলি আলোচনা চক্ৰ অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে লখিমপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ মুকুল চন্দ্ৰ বৰা, নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্ত।
সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানৰ শুভ উদ্বোধন কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
প্ৰাণৰ শিল্পী জুবিন গাৰ্গ দেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে পৰিষদৰ কাৰ্য্যবাহী সদস্য পুৰুষোত্তম দলেয়ে।
সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানৰ মুখ্য আকৰ্ষণ হিচাপে উপস্থিত থাকি গীত পৰিৱেশন কৰে ইণ্ডিয়ান আইদল নিলাঞ্জনা ৰয় আৰু জনপ্ৰিয় কণ্ঠশিল্পী বায়’ পেগুৱে।
উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য অনিল পায়েং, দেৱৰঞ্জন মৰাং, পদুম ৰায়, কাৰ্য্যবাহী সদস্যাদ্বয় ভৱানী দুৱৰা, ৰেখা পেগু কুটুম, সাধাৰণ সদস্যাত্ৰয় বিউতি পেগু, লাৱণ্য মিলি, নিভা পেগু মিলি, TMMKৰ সন্মানীয়া উপদেষ্টা নন্দিতা পেগু, সভানেত্ৰী ইন্দিৰা চিন্তে কুম্বাং, সম্পাদিকা শৰ্মিলা পায়েং, পৰিষদৰ বিষয়া কৰ্মচাৰী, বিশিষ্ট ব্যক্তি তথা সমাজকৰ্মী, শিক্ষাবিদ, প্ৰতিষ্ঠিত সাহিত্যিক, গামসকল, দুলুং সোৱণশিৰি উদযাপন সমিতি, মিচিং আৰু বিভিন্ন জাতীয় সংগঠনৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।
♦️প্ৰাক্ দুলুং মহোৎসৱ উদযাপন।
দুলুং সোৱণশিৰি প্ৰকৃতি মহোৎসৱৰ সৈতে সংগতি ৰাখি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ প্ৰাক দুলুং সোৱণশিৰি প্ৰকৃতি মহোৎসৱ অনুষ্ঠিত কৰে।
৭ ডিচেম্বৰ তাৰিখে দুলুঙৰ সংৰক্ষণ, গৱেষণা, প্ৰচাৰ প্ৰসাৰ আৰু ছাত্ৰ-ছাত্ৰী তথা নৱ-প্ৰজন্মৰ মাজত সজাগতা সৃষ্টিৰ বিষয়ক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়, লখিমপুৰ বাণিজ্য মহাবিদ্যালয়, লখিমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়, সোৱণশিৰি মহাবিদ্যালয়, গোগামুখ মহাবিদ্যালয়, বগীনদী উচ্চতৰ আৰু নগৰ উচ্চ মাধ্যমিক বিদ্যালয়, বৰবিল উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰূপহী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলক ট্ৰেকিঙৰ জৰিয়তে দুলুঙৰ অন্তৰভাগ পৰিদৰ্শন কৰাই।
পৰিদৰ্শন কালত লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লোহিত হাজৰিকা, ধেমাজি নেৰ্চাছ বেকনৰ জিলা সমন্বয়ক যুগল সন্দিকৈ, দুলুং সংৰক্ষণ সমিতিৰ সম্পাদক মজিন সোণোৱাল, চিকিৎসক বিদ্যা দেৱী, দুলুং প্ৰকৃতি মহোৎসৱ উদযাপন সমিতিৰ সহ-সম্পাদক গকুল পামেগাম, ৰাজু চুতীয়া উপস্থিত থাকি দুলুং সংৰক্ষিত বনাঞ্চলৰ জৈৱ বৈচিত্ৰ্য তথা বিভিন্ন উদ্ভিদ, পশু পক্ষী, জীৱ জন্তুৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক অৱগত কৰে।
আনহাতে, ভলীবল আৰু কাবাডী প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে মিচিং স্বায়ত্বশাসিত পৰিষদৰ বিষয়া তথা প্ৰকৃতিকৰ্মী নবীন কামান, কৃষি বিভাগৰ অভিযন্তা প্ৰান্তৰ ভাগৱতী, দুলুং সংৰক্ষণ সমিতিৰ সম্পাদক মজিন সোণোৱাল, দুলুং উদযাপন সমিতিৰ কৰ্মকৰ্তা কিৰণ শৰ্মাৰ নেতৃত্বত দুলুঙৰ পক্ষী গণনা কাৰ্য্যসূচী সম্পন্ন কৰে।
♦️ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু স্থানীয় নিৰাপত্তাকলৈ ৰাষ্ট্ৰীয় কৰ্মশালা।
০৯/১২/২০২৫ তাৰিখে গোগামুখ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত তৃতীয় সংখ্যক দুলুং সোৱণশিৰি প্ৰকৃতি মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত গোগামুখ মহাবিদ্যালয় আৰু নেচাৰ্চ বেকনৰ সহযোগত “জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু স্থানীয় নিৰাপত্তা” বিষয়ৰ ওপৰত এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত কৰে।
কৰ্মশালাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া আৰু অধ্যক্ষ সুনীল কুমাৰ পেগু।
সমল ব্যক্তি হিচাপে উপস্থিত থাকে নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্ত, পশ্চিম বংগ চৰকাৰৰ অৱসৰপ্ৰাপ্ত ডি.এফ.অ’ বিমল দেৱনাথ, সাংবাদিক আৰু প্ৰকৃতি কৰ্মী জয়ন্ত ভূঞা, ধেমাজি নেচাৰ্চ বেকনৰ জিলা সমন্বয়ক যুগল সন্দিকৈ, পৰিৱেশবিদ অনিল অৰাৱ।
উপস্থিত থাকে সাধাৰণ সদস্য ৰাজু পেগু, গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝা, মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা, দুলুং সোৱণশিৰি প্ৰকৃতি মহোৎসৱ উদযাপন সমিতি, নেচাৰ্চ বেকন, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু ছাত্ৰ-ছাত্ৰী।
আনহাতে, ১০/১২/২০২৫ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ পৃষ্ঠপোষকতাৰে অনুষ্ঠিত হ’বলগীয়া তৃতীয় সংখ্যক পবা বৰ্ষাৰণ্য মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত জ’নাই বালিকা মহাবিদ্যালয় আৰু নেচাৰ্চ বেকনৰ সহযোগত “প্ৰস্তাৱিত পবা বন্যপ্ৰাণী অভয়াৰণ্য আৰু পৰ্যটন শিল্প” শীৰ্ষক এখনি ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত কৰে।
কৰ্মশালাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগু।
উক্ত কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্ত, পৰিৱেশবিদ অনিল অৰাৱ, পশ্চিম বংগ চৰকাৰৰ অৱসৰপ্ৰাপ্ত ডি.এফ.অ’ বিমল দেৱনাথ।
উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্যদ্বয় নৰেশ্ব কুম্বাং, পদুম ৰায়, জ’নাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰাজেশ্বৰ পেগু, জ’নাই বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ খগেশ্বৰ পেগু, জ’নাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰাণজিৎ পেগু, লাই মেকুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা ৰূপা পেগু, TMPKৰ উপদেষ্টা ৰাজকুমাৰ মৰাং, অধ্যাপক-অধ্যাপিকা, বিশিষ্ট ব্যক্তি, ছাত্ৰ-ছাত্ৰী, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া।

