Kapé MAC - R News India 24
Skip to content
® আত্মনিৰ্ভৰ ধেমাজি ২০২৬।
৯ৰ পৰা ১২ জানুৱাৰী তাৰিখলৈ ধেমাজিৰ কাছাৰী ময়দানত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা “আত্মনিৰ্ভৰ ধেমাজি ২০২৬” ৰ পঞ্চম সংস্কৰণ আয়োজন ক্ষেত্ৰ শুভ মুকলি কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
লগতে জিলাখনৰ উদ্যোগী, কৃষক আৰু সমূহ ৰাইজলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীয়ে।
উক্ত অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, সোণোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, সাধাৰণ সদস্য বানীকান্ত দলে, ধেমাজিৰ জিলা আয়ুক্ত, ধেমাজি জিলাৰ বিশিষ্ট ব্যক্তি, শিক্ষাবিদ, সমাজকৰ্মী, গণশক্তি, বিজেপি, মিচিং আৰু অন্যান্য সংগঠনৰ বিভিন্ন বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।
উল্লেখ্য যে, অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বলিষ্ঠ নেতৃত্বত প্ৰথমবাৰৰ বাবে ধেমাজি জিলাৰ উদ্যোগী কৃষক আৰু অন্যান্য ক্ষুদ্ৰ উদ্যোগী ব্যৱসায়ী সকলক একত্ৰিত কৰি এখন ব্যৱসায়িক মঞ্চ প্ৰদানৰ উদ্দেশ্যৰে “আত্মনিৰ্ভৰ ধেমাজি” অনুষ্ঠিত কৰা হৈছিল আৰু তেতিয়াৰে পৰা বৰ্তমানলৈ ধাৰাবাহিকভাৱে অনুষ্ঠিত কৰি আহিছে। তাৰে এইয়া গৌৰৱোজ্জ্বল পঞ্চম সংস্কৰণ।
® দশম মিচিং যুৱ মহোৎসৱ।
১১.০১.২০২৬ তাৰিখে বগীবিল কাৰেং চাপৰি ইক’ কেম্পত মিচিং জাতীয় সংগঠন TMPK, MMK আৰু TMMK কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আগন্তুক ২৫ ৰ পৰা ২৯ জানুৱাৰী ২০২৬ তাৰিখলৈ পাচঁদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া দশম মিচিং যুৱ মহোৎসৱ উপলক্ষে এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে।
সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ চৰকাৰ শিক্ষামন্ত্রী ডাঃ ৰনোজ পেগু।
উক্ত সভাত উপস্থিত থাকে মিচিং বানে কেবাঙৰ সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, অধ্যক্ষ সুনীল কুমাৰ পেগু, জ’নাই বিধানসভা সমষ্টিৰ বিধায়ক ভুবন পেগু, MMK, TMMK, TMPKৰ কেন্দ্ৰীয়, জিলা, আঞ্চলিকৰ বিভিন্ন বিষয়ববীয়া।
উল্লেখ্য যে, উক্ত মহোৎসৱৰ সামৰণি অনুষ্ঠানত অৰ্থাৎ ২৯ জানুৱাৰী তাৰিখে ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত থাকিব।
® দলে অপৃন কেবাঙৰ দ্বিতীয় সাধাৰণ অধিৱেশন।
৭/৮ আৰু ৯ জানুৱাৰী ২০২৬ তাৰিখে জোনাইৰ ৰামধন দিখাৰীত “তাকাম দলে অপৃন কেবাঙৰ দ্বিতীয় সাধাৰণ অধিৱেশন” অনুষ্ঠিত কৰে।
উক্ত অনুষ্ঠানত উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলে,
জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগু, বিশিষ্ট ব্যক্তি সকল, মিচিং জাতীয় সংগঠন, তাকাম দলে অপৃন কেবাঙৰ সমূহ বিষয়ববীয়া, কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজ।
® মিচিং যুৱ মহোৎসৱৰ বাবে খাদ্য সামগ্ৰী সংগ্ৰহ অভিযান শুভাৰম্ভণি।
৩ জানুৱাৰী ২০২৬ তাৰিখে বকুলগুড়ি গাঁওত আগন্তুক দশম মিচিং যুৱ মহোৎসৱৰ বাবে খাদ্য সামগ্ৰী সংগ্ৰহ অভিযানৰ শুভাৰম্ভণি কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীক সংগ দিয়ে মিচিং জাতীয় সংগঠনৰ বিভিন্ন বিষয়ববীয়াই।
প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com
লগতে Facebook Page – https://www.facebook.com/share/1CPt4foZn4/
ধন্যবাদ।