Mising Autonomous Council

Kapé MAC

Spread the love

 

® বস্ত্ৰ বিতৰণ অনুষ্ঠান

১৪/০১/২০২৬ তাৰিখে প্ৰাণৰ উৎসৱ ভোগালী বিহুৰ পৱিত্ৰ ক্ষণত বাসুদেৱ এন্টাৰপ্ৰাইজৰ উদ্যোগত ১৭ নং মিংমাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বদতি গাঁৱৰ মেজি স্থলীত গাঁৱ খনৰ ৭৫ গৰাকী বয়োজ্যেষ্ঠ ব্যক্তিক শীতৰ প্ৰকোপৰ পৰা কিছু সকাহ দিয়াৰ উদ্দেশ্যে বস্ত্ৰ বিতৰণ কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

উক্ত অনুষ্ঠানত বাসুদেৱ এন্টাৰপ্ৰাইজৰ হৈ উপস্থিত থাকে অনুপ মিলি, দেৱজিৎ গগৈ, মনোৰঞ্জন গগৈ, প্ৰভাত শইকীয়া, বনমালী পেগু, TMPK ধেমাজি জিলাৰ সাধাৰণ সম্পাদক সনাতন দলে, মিংমাং আঞ্চলিকৰ সভাপতি/সম্পাদককে ধৰি ছয় মিচিং জাতীয় সংগঠনৰ অন্যান্য বিষয়ববীয়া।

® কেন্দ্ৰীয় শিল্পী দিৱস উদযাপন।

১৭/০১/২০২৬ তাৰিখে গোগামুখ টাউন ক্লাৱৰ সৌজন্যত গোগামুখবাসী ৰাইজৰ সহযোগত গোগামুখ টাউন ক্লাৱত ‘কেন্দ্ৰীয় শিল্পী দিৱস’ উদযাপন কৰে।

অনুষ্ঠানত অসমৰ জাতীয় জীৱনৰ চিৰস্মৰণীয় সত্তা তথা সাহিত্য-সংস্কৃতিৰ উজ্জ্বল নক্ষত্ৰ, প্ৰথমগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

উল্লেখ্য যে, গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিতে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ ৬৫ সংখ্যক পৱিত্ৰ ওপজা দিন উপলক্ষে কেক্ কাটি শুভেচ্ছা জনোৱাৰ লগতে বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন কৰে উদযাপন সমিতিয়ে।

টাউন ক্লাৱ, উদযাপন সমিতিৰ সমূহ বিষয়ববীয়া আৰু ওপজা দিনৰ শুভেচ্ছা জনোৱা সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীয়ে।

অনুষ্ঠানটিত উপস্থিত থাকে স্থানীয় বিশিষ্ট সাহিত্যিক, সমাজকৰ্মী, শিক্ষাবিদ, বিভিন্ন বিদ্যালয়ৰ শিক্ষকবৃন্দ, ছাত্ৰ ছাত্ৰী, গণশক্তি, বিজেপি, অগপ, MMK, TMMK, TMPK আৰু উদযাপন সমিতিৰ বিভিন্ন বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

® মিচিং যুৱ মহোৎসৱ স্থলী পৰিদৰ্শন।

২৫ জানুৱাৰী তাৰিখৰ পৰা ৩০ তাৰিখলৈ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলগীয়া দশম সংখ্যক মিচিং যুৱ মহোৎসৱ স্থলী পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লয় পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

পৰিদৰ্শন কালত উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য জহান দলে, TMPKৰ সভাপতি তিলক দলে, মিচিং জাতীয় সংগঠনৰ অন্যান্য বিষয়ববীয়াই।

® গ্ৰাম্য জীৱিকা সমল কেন্দ্ৰ পৰিদৰ্শন অসম চৰকাৰৰ মন্ত্ৰী‌ ৰূপেশ্ব গোৱালাৰ।

১৮/০১/২০২৬ তাৰিখে হঠাৎ

গ্ৰাম্য জীৱিকা সমল কেন্দ্ৰত উপস্থিত হৈ CSTCৰ প্ৰশিক্ষণ সম্পৰ্কে বুজ লয় অসম চৰকাৰৰ শ্ৰমিক কল্যাণ মন্ত্ৰী ৰূপেশ্ব গোৱালাই।

অসম চৰকাৰৰ উদ্যোগত এল.এণ্ড.টি’ৰ কাৰিকৰী সহযোগত অনুষ্ঠিত হৈ থকা ‘পকামিস্ত্ৰি, পানীমিস্ত্ৰি, ডাঁৰিকি, মায়েং (লোহাৰ চাং), টাইলিং’ আদি বিষয়ৰ ওপৰত প্ৰদান কৰা প্ৰশিক্ষণৰ পৰ্যালোচনা কৰি সমস্যাসমূহৰ বিষয়ে আলোচনা কৰে মন্ত্ৰী গৰাকীয়ে।

মন্ত্ৰী গৰাকীক সংগ দিয়ে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া আৰু বিভিন্ন সংগঠনৰ অন্যান্য বিষয়ববীয়াই।

® বহুমুখী বিপণন কেন্দ্ৰৰ আধাৰশিলা স্থাপন মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ।

১৯/০১/২০২৬ তাৰিখে ধৰতি আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযানৰ অধীনত ১ কোটি টকা ব্যয় সাপেক্ষে ধেমাজিৰ গোগামুখ মইনাপৰা গাঁৱত মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ উপস্থিতিত এটা বহুমুখী বিপণন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত স্থাপিত এই বিপণন কেন্দ্ৰই অঞ্চলটোৰ জনজাতীয় কৃষক, হস্তশিল্পী আৰু আত্মসহায়ক গোটসমূহক উপকৃত কৰাৰ লগতে গ্ৰাম্য অৰ্থনীতিৰ বিকাশত অৰিহণা যোগাব।

আনহাতে, এছ অ’ পি ডি-জি পুঁজিৰ দ্বাৰা অনুমোদিত মুখ্যমন্ত্ৰীৰ পকী পথ নিৰ্মাণ আঁচনি (MMPPNA)ৰ অধীনত ৪.০৫ কোটি টকা ব্যয়সাপেক্ষ নিৰ্মাণ কৰিবলগীয়া পদসমূহ ক্ৰমে –

১/ ৰাষ্ট্ৰীয় ঘাইপথ নং ১৫ৰ মইনাপাৰাৰ পৰা দীঘলীপথাৰলৈ যোৱা পথ।

২/ চুতীয়াপাৰাৰ পৰা দক্ষিণ নলবাৰী এল পি স্কুললৈ যোৱা পথ।

৩/ চেতিয়াগাঁও তিনিআলিৰ পৰা কলিগাঁও হৈ আয়াং তিনিআলিলৈ যোৱা পথ।

৪/ বাদুলুকাৰ পৰা কমাৰছলালৈ যোৱা পথ।

প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com

লগতে Facebook Page – https://www.facebook.com/share/1CPt4foZn4/

YouTube Channel – https://youtube.com/@rnewsindia24?si=kJAXRgy4cKWci0qC

Follow – Subscribe কৰিবলৈ নাপাহৰিব।

ধন্যবাদ।

Leave a Reply

Your email address will not be published. Required fields are marked *