Mising Autonomous Council

Kapé MAC

Spread the love

 

® গণৰাজ্য দিৱস‌ উদযাপন।

মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে গোগামুখ চুমনি গাঁৱত নিৰ্মীয়মান অৱস্থাত থকা মিচিং স্বায়ত্বশাসিত পৰিষদৰ স্থায়ী সচিবালয়ৰ চৌহদত দেশৰ গৌৰৱোজ্জ্বল ৭৭সংখ্যক “গণৰাজ্য দিৱস” উদযাপন।

পুৱা শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰি অমৰ শ্বহীদ, স্বাধীনতা সংগ্ৰামী আৰু সংবিধান প্ৰণেতা সকলক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
লগতে পৰিষদৰ উন্নয়নমূলক কাম আৰু আগন্তুক দিনত ৰূপায়ন কৰিবলগীয়া আঁচনি পৰিকল্পনাৰ বিষয়ে উপস্থিত ৰাইজক অৱগত কৰে মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীয়ে।

পতাকা উত্তোলন কৰি মাৰ্চ-পাৰ্চ প্ৰতিযোগী দলসমূহ পৰিদৰ্শন কৰে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে।

উক্ত অনুষ্ঠানত চিত্ৰাংকন, মাৰ্চ-পাৰ্চ, দেশভক্তিমূলক গীত, নৃত্যৰ প্ৰতিযোগিতা আৰু মিচিং, বড়ো, বিহু, সোণোৱাল, তিৱা, নেপালী, চাহ জনগোষ্ঠীৰ পৰম্পৰাগত সাংস্কৃতিক প্ৰদৰ্শন অনুষ্ঠিত কৰে।

অনুষ্ঠানত, মিচিং ভাষাত ৰাসলীলা অনুবাদ কৰি প্ৰদৰ্শন কৰা তথা মিচিং ভাষা সংস্কৃতিৰ ক্ষেত্ৰখনলৈ অনন্য অৱদান আগবঢ়োৱাৰ বাবে মিচিং স্বায়ত্বশাসিত পৰিষদৰ তৰফৰ পৰা হৰিপ্ৰসাদ লাগাছু, ভৱেশ পেগু, যাদৱ দলে, বিদ্যেশ্বৰ দলে, আনন্দৰাম নৰহ, কৃষ্ণ পেগু, বিশ্বনাথ লাগাছুক বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱাৰ লগতে ১ লাখ টকাকৈ চেক প্ৰদান কৰে।

আনহাতে, বিশেষভাৱে সক্ষম নৃত্য শিল্পী ৰানী কামান, ৰাষ্ট্ৰপতি বঁটা প্ৰাপক বাপুকণ পায়েং, প্ৰগতিশীল কৃষক ইন্দ্ৰ কুমাৰ পেগু, টুকেশ্বৰ মিলি আগৰৱালা, দিপক পাও, টুটুমণি নৰহ, দ্বীপশিখা পেগুক বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱাৰ লগতে ৫০ হাজাৰ টকাকৈ চেক প্ৰদান কৰে।

আনহাতে উক্ত অনুষ্ঠানতে আৰক্ষী বিষয়া গকুল সোণোৱাল, অৱসৰপ্ৰাপ্ত সেনা জোৱান সঞ্জীৱ গাম, মনোজ দলে, বিজ্ঞান প্ৰদৰ্শনীত বিচাৰক হিচাপে উপস্থিত থকা ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যাপক ড° নৰেন্দ্ৰ নাথ দত্ত, প্ৰিয়ম নাথ আৰু দেশপ্ৰেমমূলক নৃত্য-গীত প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থকা পূৰ্ণ প্ৰসাদ শৰ্মা আৰু লিজিটা দলেক পৰিষদৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনাই।

উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য- পুৰুষোত্তম দলে, অনিল পায়েং, দেৱৰঞ্জন মৰাং, উমা পাথৰি, বিজু পেগু, প্ৰশান্ত কুমাৰ বড়ি, কাৰ্য্যবাহী সদস্যা ৰেখা কুটুম, সাধাৰণ সদস্য – বানিকান্ত দলে, নিলকান্ত দলে, সুধিৰ মৰাং, ত্ৰৈলোক্য পামেগাম, ৰাজু পেগু, মুকুল পেগু, সাধাৰণ সদস্যা- লাৱণ্য মিলি, নিভা পেগু মিলি, পৰিষদৰ মুখ্য সচিব যাদৱ পেগু, গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ কুমাৰ ঝা, সোৱণশিৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ৰূপেশ্বৰ চেতিয়া, MAK সম্পাদক সোমেশ্বৰ কপ্তাক, পৰিষদৰ কৰ্মচাৰী বৃন্দ, সন্মিলিত গণশক্তি অসম, মিচিং জাতীয় সংগঠনৰ অন্যান্য বিষয়ববীয়া, গোগামুখ অঞ্চলৰ বিশিষ্ট ব্যক্তি সকল, গাম সকল, বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী।

 

® বিশিষ্ট অনাতাঁৰ শিল্পী গজেন নৰহৰ দদগাং।

২১/০১/২০২৬ তাৰিখে অসমৰ বিশিষ্ট অনাতাঁৰ শিল্পী, মিচিং আধুনিক গীতৰ জনক গজেন নৰহৰ দদগাঙত উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তথা মিচিং বাঃনৗ কৗবাঙৰ সভাপতি পৰমানন্দ চায়েঙীয়া।

উক্ত অনুষ্ঠানত চায়েঙীয়াক সংগ দিয়ে পৰিষদৰ কাৰ্য্যবাহী সদস্য পুৰুষোত্তম দলে, বিশিষ্ট লোকশিল্পী একলব্য গাম, গণশক্তি, মিচিং জাতীয় সংগঠন MMK, TMMK, TMPKৰ কেন্দ্ৰীয়, জিলা আৰু আঞ্চলিকৰ অন্যান্য বিষয়ববীয়াই।

উল্লেখ্য যে, স্বনামধন্য শিল্পী গৰাকীয়ে সংগীতৰ মাধ্যেমেৰে অসম আৰু অৰুণাচলৰ সাংস্কৃতিক এনাজৰী শক্তিশালী কৰিবলৈ সক্ষম হৈছিল।

একালত পাহাৰ ভৈয়াম খলকনি তোলা নৰহৰ “Asin Agomdém” শীৰ্ষক গীতটো অসম- অৰুনাচল প্ৰদেশৰ শ্ৰোতাৰ মাজত আজিও সমানেই জনপ্ৰিয়।

অনাতাঁৰৰ লগতে শ্ৰব্য কেছেট যোগে মাটিৰ গোন্ধ বিজড়িত মিচিং আৰু আদি ভাষাত বহু চিৰসেউজ তথা জনপ্ৰিয় গীত উপহাৰ দি গৈছে অসম-অৰুণাচল বাসীক প্ৰচাৰ বিমুখ শিল্পীগৰাকীয়ে।

১৯৫৫ চনত শদিয়াৰ গড়চলা গাঁৱত জন্মগ্ৰহণ কৰা এইজন মহান শিল্পীয়ে মাত্ৰ ১৩ বছৰ বয়সতেই ঐঃনিতম গাই বহুলভাৱে চৰ্চিত হৈছিল।

 

® দশম মিচিং যুৱ মহোৎসৱ স্থলী পৰিদৰ্শন।

২৩/০১/২০২৬ তাৰিখে বগীবিল কাৰেং চাপৰিত অনুষ্ঠিতব্য দশম মিচিং যুৱ মহোৎসৱ স্থলী পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয় পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া আৰু অধ্যক্ষ সুনীল কুমাৰ পেগুৱে।

পৰিদৰ্শন কালত উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য জহান দলে, কাৰ্য্যবাহী সদস্যা ভৱানী দুৱৰা, কাৰ্যবাহী সদস্য প্ৰশান্ত কুমাৰ বড়ি, কাৰ্য্যবাহী সদস্য পদুম ৰায়, সাধাৰণ সদস্য ৰাজু পেগু, বিশিষ্ট লোকশিল্পী একলব্য গাম, MBKৰ সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং, TMPKৰ সভাপতি তিলক দলে আৰু মিচিং জাতীয় সংগঠনৰ অন্যান্য বিষয়ববীয়া।

 

প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com

লগতে Facebook Page – https://www.facebook.com/share/1CPt4foZn4/

YouTube Channel  – https://youtube.com/@rnewsindia24?si=kJAXRgy4cKWci0qC

Follow – Subscribe কৰিবলৈ নাপাহৰিব।

ধন্যবাদ।

Leave a Reply

Your email address will not be published. Required fields are marked *