Tani FM

Tani FM সম্প্ৰচাৰ শুভাৰম্ভণি ।

Spread the love

® Rural Enterprise ৰ অধীনত নিৰ্মাণ কৰা Tani FM Online Radio App ত সম্প্ৰচাৰ শুভাৰম্ভণি।

Rural Enterprise আৰু Tani FM কৰ্তৃপক্ষই এক সংবাদ বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰে যে,

অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ সকলৰ স্বাভিমান, স্বাধিকাৰ সুৰক্ষা তথা উন্নয়নৰ হকে চৰকাৰী-বেচৰকাৰী বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান গঢ়ি তোলা হৈছে যদিও এটা জাতি বা জনগোষ্ঠীৰ মেৰুদণ্ড স্বৰূপ মাতৃভাষাৰ এক পূর্ণাংগ সামূহিক কেন্দ্র আজিও যেন অপৰিপূৰ্ণ অৱস্থাত আছে।

এই জলন্ত জাতীয় সমস্যাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰি Rural Enterprise ব অধীনত Tani FM নামেৰে এক Online Radio App নিৰ্মাণ কৰা হৈছে।

Tani FM ৰ লক্ষ্য-উদ্দেশ্য – অসমৰ দ্বিতীয় সর্ববৃহৎ জনজাতি জনগোষ্ঠী মিচিং জনগোষ্ঠীৰ লগতে অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ভাষা চর্চা, সংৰক্ষণ, সংবর্ধন, প্ৰচাৰ-প্ৰসাৰ আৰু শিক্ষা, স্বাস্থ্য, ক্রীড়া, কৃষি, ৰাজনৈতিক, অর্থনৈতিক, সামাজিক, ধর্মীয় বিশ্বাস পৰম্পৰা, ক’লা-সংস্কৃতি আদি বিষয়ক বিশ্লেষণাত্মক ব্যৱস্থাৰে সম্প্ৰচাৰ কৰা।

 

Tani FMৰ উল্লেখযোগ্য দিশ সমূহ:-

প্ৰথম– অসমৰ দ্বিতীয় সর্ববৃহৎ খিলঞ্জীয়া জনজাতি জনগোষ্ঠী মিচিং জনগোষ্ঠীৰ ভাষা চর্চা, সংৰক্ষণ, সংবর্ধন, প্ৰচাৰ-প্ৰসাৰ আৰু শিক্ষা, স্বাস্থ্য, ক্রীড়া, কৃষি, ৰাজনৈতিক, অর্থনৈতিক, সামাজিক, ধর্মীয় বিশ্বাস পৰম্পৰা, ক’লা-সংস্কৃতি আদি বিষয়ক বিশ্লেষণাত্মক ব্যৱস্থাৰে সম্প্ৰচাৰ কৰা।

দ্বিতীয়– তানি গোষ্ঠীৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ ভাষা তথা বর্ণাঢ্য ক’লা-সংস্কৃতি, ধর্মীয় বিশ্বাস আৰু পৰম্পৰাৰ বিষয়ে চর্চা।

তৃতীয়– অসমৰ প্ৰতিটো জনগোষ্ঠীৰ বাবে এক বিশ্বাস আৰু গ্ৰহণ তথা নিৰ্ভৰযোগ্য ভাষা চর্চা কেন্দ্র প্রতিষ্ঠা কৰা।

বিশ্বৰ বিভিন্ন প্ৰান্তত বসবাসীত মিচিং জনতাৰ বাবে Tani FMৰ পৰিকল্পনা –

১/ তানি প্রার্থনা, আঃবাং, ঐনিতম, আনুনিতম, কাবান, ধর্মীয় বিশ্বাস আৰু পৰম্পৰা আদি বিষয়ৰ অনুষ্ঠান নিয়মীয়া সম্প্ৰচাৰ।

২/ মিচিং ছাত্ৰ-ছাত্ৰীৰ বাবে ব্যাকৰণ আৰু অন্যান্য শিক্ষা মূলক গ্রন্থ শ্রাব্য গ্রন্থ (Audio Book) ৰূপে প্ৰস্তুত কৰি সম্প্ৰচাৰ।

৩/ মিচিং জনগোষ্ঠীৰ লেখক সকলে লিখা গ্ৰন্থ আৰু মিচিং জনগোষ্ঠীৰ বিষয়ে বিভিন্ন লেখকে লিখা গ্ৰন্থৰ শ্রাব্য গ্রন্থ (Audio Book) প্রস্তুত আৰু সম্প্ৰচাৰ।

৪/ মিচিং জনগোষ্ঠীৰ বাবে মিচিং ভাষাত বিভিন্ন জনমুখী অনুষ্ঠান সম্প্ৰচাৰ।

অসমৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ বাবে Tani FMৰ পৰিকল্পনা

১/ বর্তমান অসমত শিক্ষিত নিবনুৱাৰ সমস্যা এক জলন্ত সমস্যা হিচাপে পৰিগণিত হৈছে।

এই জলন্ত সমস্যাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰি Tani FM এ নিয়োগ ক্ষেত্রটো এক যোগাত্মক ভূমিকা পালন কৰিব।

উদাহৰণস্বৰূপে- গায়ক-গায়িকা, ঘোষক-ঘোষিকা, বাদ্য যন্ত্ৰী, যন্ত্ৰীয় কাৰিকৰী, সংবাদ সেৱক, লেখক-লেখিকা আৰু কাৰ্যালয় পৰিচালনাকে ধৰি প্রায় ৯ টা বিভাগত Tani FM ৰ দ্বাৰা নিযুক্তি প্ৰদানৰ পৰিকল্পনা।

উক্ত লক্ষ্য-উদ্দেশ্য আৰু বিভিন্ন পৰিকল্পনাৰে ১১ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদ সচিবালয়ৰ সভাকক্ষত মিচিং ভাষা প্ৰধান একমাত্ৰ তথা প্ৰথম FM অৰ্থাৎ Online Radio App Tani FMৰ সম্প্ৰচাৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত কৰে।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভণি কৰি উপস্থিত ৰাইজক সাৱলীলভাৱে বক্তব্য আগবঢ়াই Tani FM পৰিয়ালক ন-উদ্যমেৰে কৰ্ম কৰি যোৱাৰ উৎসাহ যোগাই মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উপ সঞ্চালক ড° পৱিত্ৰ কুমাৰ পেগু, অসম জনজাতি সাংস্কৃতিক মহাসভাৰ মুখ্য সম্পাদক সূৰুয কুমাৰ পাতিৰি, বিশিষ্ট সাহিত্যিক কালিনাথ পাংগিং, মিচিং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য – পুৰুষোত্তম দলে, জহান দলে, যজ্ঞেশ্বৰ কুটুম, অনিল পায়েং, ভৱানী দুৱৰা, উমা পাথৰি, সাধাৰণ সদস্য ৰাজু পেগু, প্ৰতাপ টায়ে, MAC মুখ্য সচিব যাদৱ পেগু, মুখ্য সহায়ক বিপিন গাম।

আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে MBK ৰ সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং, MDK ৰ উপ-সভাপতি হৰিপ্ৰসাদ মিলি, MAKৰ সম্পাদক সোমেশ্বৰ কপ্তাক, TMMKৰ সভানেত্ৰী ইন্দিৰা চিন্তে কুম্বাং, সম্পাদিকা শৰ্মিলা পায়েং পেগু,  R News India 24 ৰ মুখ্য সম্পাদীকা সংগীতা দত্ত, TMPK ৰ সাংস্কৃতিক বিভাগৰ মুখ্য সচিব সঞ্জীৱ দলে, অনাতাঁৰ শিল্পী সূৰুয কুমাৰী মেদক, অনাতাঁৰ শিল্পী ৰীতা দেৱী মেদক, বিশিষ্ট নাট্যকাৰ/অভিনেতা দিবাকৰ পেগু, বিশিষ্ট কবি য়কছা কুলি, শিল্পী তথা শিক্ষক মৃণাংক পাতিৰ, জনপ্ৰিয় কণ্ঠশিল্পী ইন্দ্ৰ পাতিৰ, MMKৰ সাংগঠনিক সম্পাদক নিম পেগু, TMPK কাৰ্য্যবাহী সদস্য ভূপেন দলে, জয়শ্ৰী পেৰমে টাৱ, পাপামনি মেদক, TMMKৰ ক্ৰীড়া সম্পাদিকা দ্বীপশিখা দলে, দীনেশ কুম্বাং Tani FM আৰু মিচিং স্বায়ত্বশাসিত পৰিষদৰ অন্যান্য বিষয়ববীয়া।

 

প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com

লগতে Facebook Page – https://www.facebook.com/share/1CPt4foZn4/

YouTube Channel – https://youtube.com/@rnewsindia24?si=kJAXRgy4cKWci0qC

Follow – Subscribe কৰিবলৈ নাপাহৰিব।

ধন্যবাদ।

Leave a Reply

Your email address will not be published. Required fields are marked *