০৯/০৩/২০২৬ তাৰিখে ফাতিয়াবাৰী ৰঙ্গমঞ্চত মিচিং স্বায়ত্বশাসিত পৰিষদৰ ৩৭ নং বুৰৈ পৰিষদীয় সমষ্টিক আনুষ্ঠানিক ঘোষণা আৰু আদৰণি অনুষ্ঠান অনুষ্ঠিত কৰে।
উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বহু গুৰুত্বপূৰ্ণ তথা বিশ্লেষণাত্মক বক্তব্য প্ৰদানেৰে ৩৭ নং বুৰৈ পৰিষদীয় সমষ্টিক আনুষ্ঠানিকভাৱে ঘোষণা কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য পুৰুষোত্তম দলে, বিজু পেগু, কাৰ্য্যবাহী সদস্যা ৰেখা কুটুম, সাধাৰণ সদস্য ৰাজু পেগু, দিলীপ পেগু, TMPKৰ প্ৰচাৰ সম্পাদক দিগ্বিজয় দলে, TMPKৰ সাংগঠনিক সম্পাদক দিনেশ পাটগিৰি, TMPK লখিমপুৰ জিলাৰ সভাপতি বিজিত পায়েং, MMKৰ কেন্দ্ৰীয় সদস্য মঞ্জিত পাটগিৰি, হেমজিত পাটগিৰি, ভৰত দলে, দীপামণি দলে, গন্ধেশ্বৰ দলে, দলিম নৰহ, মহেন্দ্ৰ পগাগ, কিৰণ কাৰদং, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।
®মুখ্যমন্ত্ৰী বিশেষ সাহাৰ্য্য পুঁজিৰে ডিক্ৰং সমষ্টিত নিৰ্মাণ কৰা বিদ্যালয়ৰ উদ্বোধন।
মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধীনত মুখ্যমন্ত্ৰী বিশেষ পুঁজিৰে নিৰ্মাণ কৰা নামনি ডিক্ৰং উচ্চ মাধ্যমিক বিদ্যালয় আৰু জনকল্যান আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱ নিৰ্মিত গৃহৰ শুভ উদ্বোধন কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
উক্ত অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য দেৱৰঞ্জন মৰাং, সাধাৰণ সদস্য দিলীপ পেগু, বিশিষ্ট সমাজকৰ্মী, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, বিদ্যালয় পৰিচালনা সমিতি, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।
® মুখ্যমন্ত্ৰী বিশেষ পুঁজিৰে নিৰ্মাণ কৰা অতিৰিক্ত শ্ৰেণীকোঠাৰ শুভ উদ্বোধন শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ।
উক্ত অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ সাধাৰণ সদস্য বানীকান্ত দলে, উল্লেখ্যিত বিদ্যালয়সমূহৰ শিক্ষক বৃন্দ, পৰিচালনা সমিতি, গণশক্তিৰ নেতা কৰ্মী, বিশিষ্ট ব্যক্তি, সমাজকৰ্মী, গাম আৰু MMK, TMMK, TMPK বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজ।
®ৰঙানদী পৰিষদীয় সমষ্টিত মুখ্যমন্ত্ৰী বিশেষ পুঁজিৰে নিৰ্মাণ কৰা বিদ্যালয় গৃহৰ শুভ উদ্বোধন।
০৬/০৩/২০২৬ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ ২৪নং ৰঙানদী সমষ্টিত পৰিষদৰ অধীনত মুখ্যমন্ত্ৰী বিশেষ পুঁজিৰে নিৰ্মাণ কৰা ৰঙানদী জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণীকোঠা, পোতাবিল মধ্য ইংৰাজী বিদ্যালয় মেৰামতি, গড়চিগা জনজাতি উচ্চতৰ মাধ্যমিক বিদ্যালয় মেৰামতি, কাৱৈভুৰুকা প্ৰাথমিক বিদ্যালয় মেৰামতি, কঠালগুৰি প্ৰাথমিক বিদ্যালয়ৰ পকী বেৰাৰ শুভ উদ্বোধন কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া আৰু কাৰ্য্যবাহী সদস্য দেৱৰঞ্জন মৰাঙে।