1. অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে।
অসম সাহিত্য সভাৰ নতুন সভাপতি পদত জয়লাভ সূৰ্য হাজৰিকা।
উপ-সভাপতি পদত- গিৰীশ সন্দিকৈ।
মুখ্য সম্পাদক পদত- উপেন্দ্ৰজিৎ শৰ্মা।
2. আজি ডিব্ৰুগড় জিলাৰ টিংখাঙত ‘বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচীৰ অধীনত জিলাখনত ৯৭৩.৩৮ কোটি টকা ব্যয়সাপেক্ষে বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ লগতে প্ৰকল্প উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰণজিৎ কুমাৰ দাস, কেশৱ মহন্ত, বিমল বড়া, প্ৰশান্ত ফুকন, তৰংগ গগৈ, টেৰছ গোৱালা, চক্ৰধৰ গগৈ আৰু বহু গন্য মান্য ব্যক্তি।
3. NAACৰ স্বীকৃতি নহ’লে মহাবিদ্যালয়ত নতুন পদত ৰাজ্য চৰকাৰে অনুমতি নিদিয়ে।
স্বীকৃতি নোহোৱা ৮৮খন মহাবিদ্যালয়লৈ ৰাজ্য চৰকাৰৰ জাননী।
শীঘ্ৰে মহাবিদ্যালয়সমূহক NAACৰ স্বীকৃতি ল’বলৈ নিৰ্দেশ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ।
4. ৫ জানুৱাৰীত চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তিৰ সাক্ষাৎকাৰ।
১৩,৩৪১টা খালী পদ পূৰণৰ বাবে হৈছিল লিখিত পৰীক্ষা।
২৯ ডিচেম্বৰৰ দিনৰ ১১ বজাৰ উপলব্ধ হ’ব এডমিট কাৰ্ড।
www.sebaonline.orgত উপলব্ধ হ’ব এডমিট কাৰ্ড।
সকলো নথি-পত্ৰসহ সাক্ষাৎকাৰত অৱতীৰ্ণ হ’ব লাগিব প্ৰাৰ্থী।
5. সোণাপুৰত অনুষ্ঠিত বিজেপিৰ মহিলা কাবাডী প্ৰতিযোগিতাস্থলীত উপস্থিত কণ্ঠশিল্পী জুবিন গাৰ্গ।
প্ৰতিযোগীসকলক উৎসাহিত কৰে জুবিন গাৰ্গে।
কাবাডীৰ সমান্তৰালকৈ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈও আহ্বান জনালে শিল্পীগৰাকীয়ে।
6. চাবুৱাৰ বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠান।
অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰামেশ্বৰ তেলী, প্ৰদান বৰুৱা, মন্ত্ৰী বিমল বড়া, প্ৰশান্ত ফুকন, পোনাকণ বৰুৱা, বিনোদ হাজৰিকা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, অসম পেট্ৰ’কেমিকেলছ্ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা আৰু বহু ব্যক্তি।