বিশিষ্ট কবি সাহিত্যিক অমূল্য বৰুৱা।
অমূল্য বৰুৱা এগৰাকী অসমীয়া কবি তথা সাহিত্যিক।
বিৱৰ্তনৰ পথেৰে তেওঁ অসমীয়া কবিতাৰ প্ৰগতিশীল ধাৰাটো বোৱাই লৈ যাব বিচাৰিছিল।
সেয়েহে তেওঁক ‘কালান্তৰৰ কবি’ বুলি কোৱা হয়।
মিচিং স্বায়ত্ত শাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।
এইজনা কবিয়ে ছাত্ৰাৱস্থাতে অসমীয়া কাব্য জগতলৈ এক বৈশিষ্ট্যপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে।
গতানুগতিকতাক আঁতৰাই থৈ নতুন বিষয়-বস্তুৰ অৱতাৰণাৰে লিখা অমূল্য বৰুৱাই, কাব্য জগতত এক আলোড়নৰ সৃষ্টি কৰিছিল।
অমূল্য বৰুৱাৰ জন্ম হৈছিল ১৯২২ চনৰ ৩০ জুন তাৰিখে যোৰহাটৰ এটা মধ্যবিত্ত পৰিয়ালত।
দেউতাক গড়কাপ্টানী বিভাগৰ এজন সাধাৰণ কৰ্মচাৰী আছিল।
তেওঁ হাইস্কুলীয়া শিক্ষা যোৰহাটতে লাভ কৰিছিল।
তেওঁক পঢ়োৱা শিক্ষকৰ ভিতৰত আছিল – ডিম্বেশ্বৰ নেওগ, মিত্ৰদেৱ মহন্ত, জেহিৰুদ্দিন আহমেদ আদি।
এইসকলৰ অনুপ্ৰেৰণাতে বন্ধুবৰ্গৰ লগতে সাহিত্য চৰ্চা কৰিবলৈ উৎসাহিত হৈছিল
১৯৪১ চনত যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰি কটন কলেজত বিজ্ঞান পঢ়াৰ মানসেৰে ভৰ্তি হয়।
পিছত ঘৰুৱা আৰ্থিক অসুবিধাৰ কাৰণে কটন কলেজ বাদ দি যোৰহাটৰ নৱনিৰ্মিত জগন্নাথ বৰুৱা মহাবিদ্যালয়লৈ আহি কলা শাখাত নাম লগায়।
বি এ পঢ়ি থকা অৱস্থাতে স্বাধীনতা আন্দোলনৰ সময়ত ‘ব্লেকড্ৰেগন‘ নামৰ উগ্ৰপন্থী দল এটাত যোগদান কৰিছিল।
১৯৪৫ চনত স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ কলিকতাত ইংৰাজী বিষয়ত এম এ আৰু আইন পঢ়িবলৈ লয়।
কলিকতাত থাকোঁতে অমূল্য বৰুৱাই ভালেমান বঙালী শিল্পী সাহিত্যিকৰ সংস্পৰ্শলৈ আহে।
১৯৩৯ চনত অমূল্য বৰুৱাই কলিকতাৰ পৰা প্ৰকাশিত ‘আৱাহন‘ আলোচনীত কবিতা লিখিবলৈ প্ৰেৰণা পাইছিল।
দ্বিতীয় মহাসমৰৰ সময়তো তেওঁ আৰু তেওঁৰ সংগীসকলে সাহিত্য-সংস্কৃতি চৰ্চা কৰিবলৈ এৰা নাছিল।
তেওঁ সম্পাদক হৈ ‘ৰ’দালি সভা‘ নামৰ আলোচনী এখন উলিয়াই তাত ‘যোগসূত্ৰ‘ নামৰ এটা বিপ্লৱী কবিতা লিখিছিল।
‘ৰ’দালি সভা‘ নামে এখন সাহিত্য চৰ্চাৰ সভা গঠন কৰি তাৰ দায়িত্ব লৈছিল সাহিত্যিক কমলেশ্বৰ চলিহাই।
কলেজীয়া ছাত্ৰাৱস্থাত কলেজ আলোচনীৰ ইংৰাজী বিভাগটোৰ সম্পাদনাৰ দায়িত্ব লৈ অমূল্য বৰুৱাই ‘Mockery Of Civilisation‘ নামৰ বিপ্লৱী ভাৱৰ কবিতা এটি লিখে।
পিছত বোম্বাইৰ পৰা প্ৰকাশিত ‘ত্ৰিবেণী ‘ (Tribeni) নামৰ ইংৰাজী আলোচনীখনত এই কবিতাটো প্ৰকাশিত হয়।
সেই কালৰ আন আন অসমীয়া কবিৰ দৰে অমূল্য বৰুৱাইও ৰোমাণ্টিক কবিতাৰেই লেখক জীৱনৰ সূত্ৰপাত কৰিছিল।
পিছলৈ দ্বিতীয় মহাসমৰৰ বিভীষিকা, ভাৰতৰ স্বাধীনতা আন্দোলনৰ ব্যাপকতা, ৰুছ দেশৰ সমাজবাদ আৰু বিশেষকৈ মাৰ্ক্সীয় দৰ্শনৰ প্ৰভাৱে তেওঁক বাস্তৱমুখী কৰি প্ৰগতিবাদী কবিতা ৰচনাত ইন্ধন যোগাইছিল।
পিছলৈ নিষ্পেষিত, নিপীড়িত মানুহৰ বাবে তেওঁ হাতত কলম তুলি ল’লে।
দুৰন্ত মানৱতাবাদী আৰু সমাজ পৰিৱৰ্তনৰ ভাৱেৰে তেখেতে ‘জয়ন্তী‘ৰ পাতত অসমীয়া কবিতালৈ আধুনিকতাৰ ঢল বোৱাই আনিলে।
সৰ্বহাৰাৰ দুখ আৰু মানৱ জীৱনৰ ছবি প্ৰতিফলিত হোৱা কিয়নো, কুকুৰ, বেশ্যা, বিপ্লৱী, আন্ধাৰৰ হাহাকাৰ, মুক্তিগান, ভাৰতীৰ মুক্তিস্বপ্ন, সিহঁত তেতিয়া জীৱ, আজিৰ বিহু আদি প্ৰগতিশীল কবিতাবোৰ তেখেতৰ প্ৰতিভাৰ স্বাক্ষৰ হিচাপে গণ্য কৰা হয়।
মৰণোত্তৰভাৱে প্ৰকাশ পোৱা ‘অচিনা’ তেখেতৰ একমাত্ৰ কবিতা পুথি।
১৯৪৬ চনৰ ১৮ আগষ্ট তাৰিখে অমূল্য বৰুৱাই কলিকতাৰ ৰাজাবাহাৰৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসত, সাম্প্ৰদায়িক সংঘৰ্ষৰ বলি হৈ মাত্ৰ ২৪ বছৰ বয়সত মৃত্যুক আঁকোৱালি ল’ব লগা হ’ল।
সেইদিনা ছাত্ৰাৱাসত থকা ছাত্ৰসকলক অসমলৈ অহা ৰেলত উঠাই থৈ আহিবলৈ পুলিচ ভেন আহিছিল, আৰু অমূল্য বৰুৱায়ো সেই ভেনত উঠিছিল।
কিন্তু ভেনত উঠাৰ পাছত তেখেতে অনুবাদ কৰিবলৈ আৰম্ভ কৰা জৱাহৰলাল নেহৰুৰ “Glimpses of the World History” কিতাপখন আৰু অনুবাদ কৰা অংশৰ পাণ্ডুলিপিখিনি আনিবলৈ আকৌ ছাত্ৰাৱাসলৈ উভতি যায়।
তেতিয়ালৈ দুস্কৃতিকাৰী তেওঁলোকৰ মেছত সোমাইছিলগৈ।
আৰু তাতেই অমূল্য বৰুৱাৰ মৃত্যু হয়।
কিন্তু তেখেতৰ মৃতদেহ বিচাৰি পোৱা হোৱা নাছিল বাবে পৰিয়ালৰ লোকে বহুদিনলৈ তেখেত ঘূৰি আহিব বুলি আশা ৰাখিছিল।
এইজনা অসমীয়া সাহিত্যিকৰ জন্ম বাৰ্ষিকীত সশ্ৰদ্ধ প্ৰনাম।
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24 .