প্ৰসিদ্ধ সাহিত্যিক, শিক্ষাবিদ, নাট্যকাৰ‎, সাংবাদিক, গল্পকাৰ, ঔপন্যাসিক, জীৱনীকাৰ, প্ৰবন্ধকাৰ, অগ্ৰদূত কাকতৰ মূখ্য সম্পাদক, পদ্মশ্ৰী কনকসেন ডেকা দেৱৰ জীৱন যাত্ৰা !

Spread the love

কনকসেন ডেকাঃ অসমৰ এজন প্ৰসিদ্ধ সাহিত্যিক, শিক্ষাবিদ, নাট্যকাৰ‎, চিন্তাবিদ, সাংবাদিক, গল্পকাৰ, ঔপন্যাসিক, জীৱনীকাৰ, প্ৰবন্ধকাৰ, অগ্ৰদূত কাকতৰ মূখ্য সম্পাদক, ‘গণতন্ত্ৰ দিৱস সাংবাদিকতা বঁটা’ লাভ কৰা দ্বিতীয়জন ব্যক্তি আছিল।

 

কামৰূপ জিলাৰ বেলশৰ গাঁৱৰ এক মধ্যবিত্ত পৰিয়ালত ১৯৩৩ চনৰ ১৬ জুলাইত কনকসেন ডেকাৰ জন্ম হয়।

তেওঁৰ পিতৃৰ নাম গৌৰীসেন ডেকা আৰু মাতৃৰ নাম তাৰাসেন ডেকা

কনকসেন ডেকাই প্ৰাথমিক শিক্ষা বেলশৰ ১নং প্ৰাথমিক বিদ্যালয়ত গ্ৰহণ কৰে।

১৯৫৩ চনত বেলশৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীৰ্ণ হয় ।

১৯৫৫ চনত নলবাৰী মহাবিদ্যালয়ৰ পৰা আই এ পাছ কৰে।

১৯৫৭ চনত কটন কলেজ ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।

১৯৫৮-৫৯ চনত এলাহাবাদ বিশ্ববিদ্যালয় ৰাজনীতি বিজ্ঞান ৰ স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে অধ্যয়ন কৰিছিল যদিও অসমাপ্ত হৈ ৰয়।

পাছত ১৯৬১ চনত গুৱাহাটী বিশ্ববিদ্যালয় ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

কনকসেন ডেকা দেৱে, ককয়া, ছয়গাঁও, আজাৰা, সোণাপুৰ আদি বহুকেইখন উচ্চ মাধ্যমিক বিদ্যালয়ত কিছুদিনৰ বাবে শিক্ষকতা কৰিছিল।

১৯৬৩ চনত ছিপাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ত বিষয় শিক্ষক হিচাপে কাম কৰিছিল যদিও তেওঁ ১৯৭৩ চনত শিক্ষকতাৰ চাকৰি এৰি ১৯৭১ চনৰ ৩১ জানুৱাৰীৰ পৰা প্ৰকাশ আৰম্ভ কৰা পষেকীয়া ‘অগ্ৰদূত কাকত‘ খনক আগুৱাই লৈ যোৱাত বিশেষ ভাবে চেষ্টা কৰিছিল।

অত্যন্ত পৰিশ্ৰমৰ দ্বাৰা তেওঁ অগ্ৰদূত কাকত খনক ১৯৭৩ চনত সাপ্তাহিক আৰু ১৯৭৫ চনত তিনিদিনীয়া ৰূপত ৰাইজৰ হাতত তুলি দিবলৈ সমৰ্থ হৈছিল।

মিচিং স্বায়ত্ত শাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনি
মিচিং স্বায়ত্ত শাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

এনেকৈ অগ্ৰদূত কাকত খনক প্ৰতিষ্ঠা কৰি ১৯৯০ চনত আধুনালুপ্ত ‘দ্য একশ্যন‘ নামৰ ইংৰাজী সাপ্তাহিক কাকতখন প্ৰকাশ কৰি কাকত খনৰ সম্পাদনাৰ দায়িত্ব গ্ৰহণ কৰিছিল।

ইয়াৰ পাছত ১৯৯৫ চনৰ ৬ অক্টোবৰৰ পৰা দৈনিক অগ্ৰদূতৰ সম্পাদনাৰ দায়িত্ব গ্ৰহণ কৰে।

কৰ্মজীৱনৰ ব্যস্ততাৰ মাজতো তেওঁ সময় উলিয়াই বহুকেইখন গ্ৰন্থ ৰচনা কৰি
অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি আহিছে ।

সমাজ বিশ্লেষণাত্মক গ্ৰন্থ সমূহ হৈছেঃ নতুন পুৰুষে যুক্তিৰ আধাৰত নতুন সমাজ গঢ়ক, অসমৰ বিক্ষুদ্ধ যুবসমাজ(বঙালী), গৌদান জালৈফৌৰা বানবংথাইনি ৰহাজীৱ সমাজ দাথৌং(বড়ো), আমাৰ যুৱ সমাজ বিশ্ব বিজয় কৰিবলৈ ওলাই আহক, আসাম কা বিক্ষুদ্ধ সমাজ(হিন্দী),
অসমৰ গোষ্ঠীদ্বন্দ্ব আৰু সামাজিক বিৱৰ্তনৰ ধাৰা,
মূল্যবোধৰ অৱক্ষয় আৰু সাম্প্ৰতিক সংকট,
আলফাৰ স্বাধীন অসম,
দুশ বছৰীয়া হীনমন্যতাৰ অৱসান হওক,
একবিংশ শতিকাৰ অসম

মিচিং স্বায়ত্তশাসিত পৰিষদৰ আঁচনি
মিচিং স্বায়ত্তশাসিত পৰিষদৰ ক্রীড়া বিভাগৰ আঁচনিৰ বিষয়ে সবিশেষ জানিবলৈ চাওঁক এই বিজ্ঞাপন। 

উপন্যাস সমূহ হৈছেঃ লুইতক ভেটিব সিহঁতে, সূৰ্য পূৱত নুঠে, টেমছ আৰু লুইত, সোণৰ পালেঙে নুশুৱাই, গৃহযুদ্ধ,
ষ্টেনগানৰ সৌৱে-বাঁৱে

নাট্য সংকলনঃ
একাংক পঞ্চমা (পাঁচখন একাংকিকা নাটৰ সংকলন)।

সাহিত্য সংকলন সমূহঃ
সাহিত্য আৰু জীৱন,
এশখন মহত্ গ্ৰন্থ,
আধুনিক বিশ্বৰ এশ গৰাকী, মহান ব্যক্তি

ভ্ৰমণ কাহিনীঃ
হাডচনৰ পৰা লোহিত গঙ্গা আমেৰিকাৰ ভ্ৰমণৰ কাহিনী।

কনকসেন ডেকাই ২০২১ চনত সামাজিক-সাংস্কৃতিক সংগঠন ‘অসম ষ্টাৰ‘ৰ তৰফৰ পৰা সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটা লাভ কৰে।

১৯৯৩ চনত “ৰাষ্ট্ৰীয় নাগৰিক বঁটা” লাভ কৰে।

১৯৯৬ চনত “ড॰ ৰাম মনোহৰ লোহিয়া ৰাষ্ট্ৰীয় বঁটা” লাভ কৰে।

মিচিং স্বায়ত্তশাসিত পৰিষদ
মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাংস্কৃতিক বিভাগৰ আঁচনিৰ বিষয়ে সবিশেষ জানিবলৈ চাওঁক এই বিজ্ঞাপন।

সংবাদ সূৰ্য‘, ‘সংবাদ জ্যোতি’
‘সংবাদ ৰত্ন’ লাভ কৰে

কনকসেন ডেকা দেৱে ২০০৫ চনত ভাৰত চৰকাৰে আগবঢ়োৱা “পদ্মশ্ৰী বঁটা” প্ৰত্যাখ্যান কৰিছিল।

ৰাজ্য চৰকাৰৰ ‘গণতন্ত্ৰ দিৱস সাংবাদিকতা বঁটা’ লাভ কৰে।

তেখেত অসম সাহিত্য সভা ছিপাঝাৰ, চাপৰ অধিবেশন, বেলশৰ আৰু দক্ষিণপাট বিশেষ বাৰ্ষিক অধিবেশনৰ সভাপতি আছিল।

তেখেতৰ জন্মবাৰ্ষিকীত সশ্ৰদ্ধ প্ৰনাম জনাইছোঁ।

 

সংগীতা দত্তৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *