দাঁত মজাৰ আগত পানী খোৱাৰ অভ্যাস কৰক আজিয়েই আৰু লাভ কৰক এই চাৰিটা বিশেষ উপকাৰ।
Spread the love
দাঁত মজাৰ আগত পানী খোৱাৰ অভ্যাস কৰক আজিয়েই। জানি লওঁক এই চাৰিটা উপকাৰ। এই অভ্যাসে আপোনাক নিৰোগী কৰি ৰাখিব।
ৰাতিপুৱা কম বেছি পৰিমানে পানী খোৱাৰ অভ্যাস আমাৰ সকলোৰে আছে। কিন্তু , প্ৰকৃততে আমি পানী কেনেকৈ খাব লাগে, কিমান খাব লাগে নাজানো।
হয়তো আপুনিও দাঁত মজাৰ পাছত হে পানী খাই।
এই অভ্যাস যদি আপোনাৰো আছে আজিয়েই ত্যাগ কৰক।
দাঁত মজাৰ পাছত পানী খালে কোনো উপকাৰ নহয় বুলি কয়।
চিকিৎসকে সাৰ পোৱাৰ পাছত পানী খোৱাৰ পৰামৰ্শ দিয়ে।
মিচিং স্বায়ত্ত শাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।
চিকিৎসকৰ মতেঃ
১) শুই থকাৰ সময়ত মুখত বিভিন্ন ধৰণৰ বেক্টেৰিয়াৰ জন্ম হয়, দাঁত ব্ৰাছ কৰিলে বেক্ট্ৰেৰিয়াবোৰ মৃত্যু হয়। কিন্তু এই বেক্টেৰিয়াবোৰ আচলতে শৰীৰৰ বাবে উপকাৰী। এইবোৰে ইমিউনিটি বৃদ্ধি কৰে। গতিকে দাঁত ব্ৰাছ কৰাৰ আগত পানী খালে সিহঁতে পানীত লগতে শৰীৰত প্ৰৱেশ কৰে।
২)দাঁত ব্ৰাছ কৰাৰ আগতে পানী খালে হজম শক্তি ভাল হয়। সেই পানীয়ে বদহজম আৰু অৰ্শ ৰোধ কৰাত অতি সহায়ক।
৩) উচ্চ ৰক্তচাপত ভুগি থকা সকলৰ বাবে বাহি মুখৰ পানী খোৱাৰ অভ্যাসে বহুত ভাল কাম কৰিব পাৰে। ৰক্তচাপৰ সমস্যা নিয়ন্ত্ৰণৰ অন্যতম উপায় এইটোৱেই।
৪)মুখ ধোৱাৰ আগতে খালী পেটত পানী খালে মুখৰ দুৰ্গন্ধৰ সমস্যা কমি যায়। মুখৰ সুস্বাস্থ্য বজাই ৰাখিবলৈও এই প্ৰথা গুৰুত্বপূৰ্ণ।
অত্যধিক কৰ্মৰ মাজত যদি সঠিকভাৱে পানী নেখায় তেতিয়াহ’লে ভাগৰ লগা, মূৰৰ বিষ আদি হ’ব পাৰে।