মাংকীপক্স কি ? এই ৰোগ কেনেকৈ বিয়পে ? মাংকীপক্সৰ পৰা কেনেকৈ বাছিব পাৰি ?

Spread the love

ক’ভিড আতংক মাৰ নাযাওঁতেই আহিল আকৌ মাংকীপক্সৰ আতংক।

ভাৰতত প্ৰথমটো মাংকীপক্সত আতংক।
কেৰেলাত ধৰা পৰিছে ভাৰতৰ প্ৰথম গৰাকী মাংকীপক্সৰ ৰোগী।

দ্ৰুত গতিত বৃদ্ধি পাইছে মাংকীপক্স নামৰ এবিধ ৰোগ।

কিছুমান লক্ষন যেনে- জ্বৰ, মূৰৰ বিষ, পেশীৰ বিষ, হাত আৰু ভৰিৰ বিষ আদি।

এই সংক্ৰামক ৰোগ কেনেকৈ বিয়পে-
এই ৰোগ মাংকীপক্সত আক্ৰান্ত লোকৰ শৰীৰ বা ফোহা স্পৰ্শ কৰিলে আৰু হাঁচি মাৰিলেও বিয়পিব পাৰে।

সাম্প্ৰতিক সময়ত বিশ্বৰ বহু ঠাইত মাংকীপক্সৰ সংক্ৰমণৰ খবৰ আহিছে।

মিচিং স্বায়ত্ত শাসিত পৰিষদ
মিচিং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

আমেৰিকা, কানাডা, অষ্ট্ৰেলিয়া আদিকে ধৰি ইউৰোপৰ কেইবাখনো দেশত এই ৰোগ ধৰা পৰিছে।

মধ্য আৰু পশ্চিম এছিয়াৰ দুৰ্গম অঞ্চললৈও এই বিৰল ৰোগ বিয়পি পৰিছে।

বিজ্ঞানীসকলে প্ৰথমবাৰৰ বাবে ১৯৫৬ চনত এই ৰোগৰ খবৰ দিছিল।

একে বছৰতে পৰীক্ষাগাৰত বান্দৰৰ ক্ষেত্ৰত এই সংক্ৰমণৰ প্ৰথম ৮ টা ঘটনা পোৱা গৈছিল।

১৯৭০ চনত কংগোত এই ৰোগত আক্ৰান্ত এজন ব্যক্তিক উদ্ধাৰ কৰা হৈছিল।

সেই সময়ত সেই দেশত স্মলপক্সৰ নিয়ন্ত্ৰণত কাম চলি আছিল।

লাহে লাহে মধ্য আৰু পশ্চিম আফ্ৰিকাৰ অন্যান্য দেশতো এই ৰোগ বিয়পি পৰিল।

বান্দৰৰ দেহত এই ৰোগৰ প্ৰথম লক্ষণ ধৰা পৰাত ইয়াক ‘মাংকীপক্স’ বুলি কোৱা হয়।

স্মলপক্স আৰু মাংকীপক্সৰ লক্ষণবোৰ প্ৰায় একেই।

এই ৰোগত স্মলপক্স ভেকচিন অতি ফলপ্ৰসূ।

বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে যে মাংকীপক্স নিয়ন্ত্ৰণৰ বাবে নতুন ভেকচিনৰ ভিতৰত এটাক অনুমোদন দিয়া হৈছে।

সাধাৰণতে বন্যপ্ৰাণীৰ দ্বাৰা মানুহলৈ এই ৰোগ সংক্ৰমিত হয় কিন্তু আক্ৰান্ত ব্যক্তিৰ পৰা আন ব্যক্তিলৈও সংক্ৰমণ বিয়পিব পাৰে।

আক্ৰান্তৰ দ্বাৰা ব্যৱহৃত কাপোৰ, টাৱেল, বিচনা চাদৰ আদিয়ে এই ৰোগ বিয়পাই দিব পাৰে।

এই সংক্ৰামক ৰোগ মাংকীপক্সৰ ফোহা স্পৰ্শ কৰিলে বা হাঁচি মাৰিলেও বিয়পিব পাৰে।

 

সংগীতা দত্তৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *