ৰাষ্ট্রীয় শিক্ষা নীতি ২০২০ৰ দিশ নির্দেশনা কর্মশালা।
Spread the love
ৰাষ্ট্রীয় শিক্ষা নীতি ২০২০ৰ দিশ নির্দেশনাৰ সম্বন্ধে বিশেষ কর্মশালা।
লক্ষীমপুৰ জিলাৰ আজাদস্থিত জিলা শিক্ষা আৰু প্রশিক্ষণ প্রতিষ্ঠান (ডায়েট) ৰ উদ্যোগত যোৱা ৫ আৰু ৬ জুলাই তাৰিখে ৰাষ্ট্রীয় শিক্ষা নীতি ২০২০ৰ দিশ – নির্দেশনাৰ সম্বন্ধে এক বিশেষ কর্মশালা উত্তৰ লক্ষীমপুৰস্থিত পানীন্দ্র বিদ্যালয়ত অনুষ্ঠিত হয় ।
এই দুদিনীয়া কৰ্মশালাত পঞ্চায়তীৰাজ অনুষ্ঠান, আত্মসহায়ক গোট আৰু বিদ্যালয় পৰিচালনা সমিতি ৰ প্ৰতিনিধিয়ে অংশ গ্রহণ কৰে।
কর্মশালাৰ প্রথম দিনা লক্ষীমপুৰ উন্নয়ন খণ্ডৰ অন্তর্গত গাওঁ পঞ্চায়তৰ সভাপতি, আঞ্চলিক পঞ্চায়তৰ সদস্য, আত্ম সহায়ক গোটৰজীৱিকাসখী আৰু চল্লিশ খন বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি আৰু সদস্য সকল উপস্থিত থাকে ।
এই কর্মশালাত সম-সাময়িক শিক্ষা ব্যৱস্থাৰ সম্পর্কে ডায়েটৰ জিলা সমল গোটৰ প্ৰবক্তা ইন্দ্ৰজিত গামে, ৰাষ্ট্রীয় শিক্ষা নীতি ২০২০ ৰ বৈশিষ্ট্য সম্পর্কে ডায়েটৰ আই এফ আই চি বিভাগৰ প্রবক্তা গুণগুবিন্দ সোনোৱাল আৰু শাৰীৰিক শিক্ষা আৰু নতুনৰাষ্ট্রীয় শিক্ষা নীতি ২০২০ সম্পর্কে শাৰীৰিক শিক্ষাৰ প্রবক্তা মন্টু বুঢ়াগোঁহায়ে সমল ব্যক্তি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে।
মিচিং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে সবিশেষ জানিবলৈ চাওঁক এই বিজ্ঞাপন।
যোগাত্মক বিভিন্ন খবৰ জানি থাকিবলৈ চাই থাকিব R News India 24 , visit Our Website www.rnewsindia24.com .