“World Emoji Day“
“ইম’জিক লগত ৰাখক আৰু আপোনাৰ আপোন মানুহৰ সৈতে হৃদয়ৰ ভাষা, আৱেগৰ ভাষাৰে সদায় প্ৰাণভৰি, মন খুলি বাৰ্তা লাপ কৰি জীৱনটো উপভোগ কৰক”
আজি ১৭ জুলাই অৰ্থাৎ আজিৰ দিনটোতে ইম’জিৰ জন্ম হৈছিল।
প্ৰতি বছৰে ১৭ জুলাই তাৰিখে বিশ্ব ইম’জি দিৱস পালন কৰা হয়।
বিশ্ব ইম’জি দিৱস হৈছে ১৭ জুলাইত সংঘটিত হোৱা এক বাৰ্ষিক অনানুষ্ঠানিক বন্ধ, যাৰ উদ্দেশ্য হৈছে ইম’জি উদযাপন কৰা।
বিশ্ব ইম’জি দিৱস কেনেকৈ আৰম্ভ হ’ল?
১৯৯৯ চনত জাপানৰ এটা মোবাইল অপাৰেটিং কোম্পানীৰ এজন জাপানী প্ৰগ্ৰেমাৰ শ্বিগাটেকা কুৰিটাই য়ে ইম’জি তৈয়াৰ কৰিছিল।
তেওঁ ১৭৬টা ইম’জি তৈয়াৰ কৰি i-mode নামৰ এটা মোবাইল ইন্টিগ্ৰেটেড সেৱা মুকলি কৰিছিল।
পিছলৈ ২০১০ চনত ইউনিক’ডে ইম’জিৰ ব্যৱহাৰক মান্যতা প্ৰদান কৰে।
ইয়াৰ পিছতে গুগল, মাইক্ৰ’ছফ্ট, ফেচবুক, টুইটাৰ আদি বিশ্বব্যাপী ব্ৰেণ্ডসমূহে ইম’জিৰ নিজা সংস্কৰণ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে।
ইম’জিপিডিয়াৰ প্ৰতিষ্ঠাপক জেৰেমি বাৰ্জে ২০১৪ চনত প্ৰথমে বিশ্ব ইম’জি দিৱস উদযাপন কৰাৰ সিদ্ধান্ত লৈছিল।
তাৰপিছত ১৭ জুলাইত ইম’জি দিৱস বিশ্বব্যাপী উদযাপন কৰা হয়।
ইম’জিপিডিয়া হৈছে এটা অনলাইন ৱেবছাইট যিয়ে ইম’জি চিহ্ন আৰু ইয়াৰ ডিজাইন চফটৱেৰত ইউনিক’ড ষ্টেণ্ডাৰ্ড হিচাপে পঞ্জীয়ন কৰে।
ইমোজিপিডিয়া ৰ এটা ব্লগ অনুসৰি ২০২২ চনৰ ছেপ্টেম্বৰ মাহত কিছুমান নতুন ইম’জি প্ৰৱৰ্তন কৰা হ’ব।
ইম’জিপিডিয়া ই ইম’জি ১৫.০ সংস্কৰণৰ অধীনত আগন্তুক নতুন ইম’জি নমুনা ডিজাইনৰ খচৰা প্ৰস্তুত কৰিছে।
গতিকে আমাৰ মাজলৈ আহি আছে আৰু নতুন নতুন ইম’জিৰ জোৱাৰ।
এটা কথা সঁচা যে কিছুমান মানুহে ইম’জিৰ ভুল ব্যৱহাৰো কৰে।
মানে কি কথাত কি ইম’জি ব্যৱহাৰ কৰিব লাগে নাজানে।
গতিকে কি ইম’জিয়ে কি অৰ্থ বহন কৰে সেয়া জানিলে মনৰ ভাৱ প্ৰকাশত কেতিয়াও খেলিমেলি নালাগে।
মানুহ এতিয়া ডিজিটেল জীৱি হৈ পৰিছে।
সৰু সৰু ল’ৰা-ছোৱালীবোৰৰ হাতত এতিয়া ম’বাইল।
অনলাইন ক্লাছৰ নামত ম’বাইল বিহীন জীৱন নচলে এই সৰু ল’ৰা-ছোৱলীবোৰৰো।
কাৰোবাৰ কিবা সামগ্ৰী কিনিব লগা থাকিলে এতিয়া বজাৰলৈ নগ’লেও হয়।
দোকান-পোহাৰতো ডিজিটেল মাধ্যমেৰে সামগ্ৰী ক্ৰয় কৰিব পাৰে।
হাতত এটিএম বা ম’বাইলটো থাকিলে একোৰেই প্ৰয়োজন নহয়।
যিবিলাক বস্তু পূৰ্বতে ক্ৰয় কৰি বা প্ৰত্যক্ষ সংস্পৰ্শলৈ গৈ কিনা হৈছিল, সেইবোৰ এতিয়া ম’বাইলৰ মাধ্যমেৰে কেইটামান বুটাম টিপিয়েই কৰিব পৰা দিন আহিল।
মানুহৰ মাজৰ পৰা মানুহ এনেদৰে পৃথক হৈ গৈ আছে।
মানুহৰ অনুভৱ, অভিব্যক্তি এতিয়া ইম’জিৰ মাজত আৱদ্ধ হৈ পৰিল।
সেই ইম’জিবোৰেই কাৰোবাৰ প্ৰতি সুখ-দুখত সমভাগী হোৱাৰ মাধ্যম হৈ পৰিল।
ইম’জিৱে বৰ্তমান আমাৰ আৱেগ–অনুভূতি, মনৰ ভাৱ আদিক সহজে প্ৰকাশ কৰে।সময়ৰ সোঁতে সোঁতে ইম’জিৰ সংখ্যা বাঢ়ি গৈছে।
আনকি মৰমৰ চুমাটি যাঁচিবলৈও ইম’জিৰ আশ্ৰয় লওঁ।
“বিশ্ব ইম’জি দিৱস”
আগতে চিঠি লিখিছিল মানুহে , এতিয়া লাহে লাহে তাৰ ঠাই ললে মেছেজে আৰু মেছেজ নকৰি সামান্য এটা ইম’জি পঠাই আপুনি বুজাই দিব পাৰে আপোনাৰ অনুভৱ।
মিচিং স্বায়ত্তশাসিত পৰিষদৰ ক্রীড়া বিভাগৰ আঁচনিৰ বিষয়ে সবিশেষ জানিবলৈ চাওঁক আমাৰ এই বিজ্ঞাপন।
সকলোলৈকে বিশ্ব ইম’জি দিৱসৰ শুভেচ্ছা জনালোঁ।
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24 .
সুন্দৰ উপস্থাপন