চুলিঃ নাৰী সৌন্দৰ্য ক’ত ? কেনে ৰূপৰ নাৰীৰ প্ৰতি পুৰুষ আকৰ্ষিত হয় ?
নাৰীৰ সৌন্দৰ্য চৰ্চা চুলিৰ সাজ-সজ্জাৰ অবিহনে কেতিয়াও সম্পূৰ্ণ হব নোৱাৰে।
যি জনী ছোৱালীৰ চকু, চেলাউৰি, মুখমণ্ডল, দেহৰ বৰন, লাহী ককাঁল পঢ়াই-শুনাই, ৰূপে-গুনে সকলোবোৰ আছে সেইজনী ছোৱালীক প্ৰত্যেকজন পুৰুষে ভাল পাই আৰু তেনে এগৰাকীক হে বিয়া কৰাব খোজে।
তাতে চুলি দীঘল ছোৱালীবোৰৰ কথা নকওৱে আৰু।
এগৰাকী মহিলাৰ চুলিখিনি বা খোপা টোৰ ওপৰত প্ৰত্যেকজন পুৰুষৰ দুৰ্বলতা থাকে।
বহুতৰে প্ৰিয়জনে প্ৰেয়সীৰ চুলিখিনিক লৈ কবিতাও লিখা দেখা পাওঁ।
বহুজনে আকৌ মেঘালী চুলি ভাল পাই, মুঠতে প্ৰতেকজন পুৰুষৰ বেলেগ বেলেগ অনুভৱ।
পুৰুষ নাৰী পৰস্পৰে পৰিপূৰক, প্ৰকৃতিগতভাৱে একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি।
আমি সকলোৱে একোচা সুস্থ আৰু চিকমিকাই থকা চুলি বিচাৰোঁ ৷
শীতকালতকৈ গ্ৰীষ্ম কালত চুলিৰ বহুত সমস্যাই দেখা দিয়ে ৷
কিন্তু কেৱল উত্তম চেম্পু লগাই থাকিলেও চুলিৰ নিউট্ৰিশ্যন সীমিত হোৱাৰ কাৰণে চুলিৰ বিভিন্ন সমস্যাই দেখা দিয়ে৷
যাৰ বিষয়ে আমি ভালকৈ মন নকৰোঁ।
যদি আপুনিও এই সমস্যা সমূহত ভুগি আছে তেন্তে ডক্ট’ৰ অথবা পাৰ্লাৰত গৈ বহু টকা খৰচ কৰি ট্টিটমেন্ট লোৱাৰ প্ৰাকমুহুৰ্তত এবাৰ ঘৰুৱা বস্তৰে পেষ্ট বনাই ব্যৱহাৰ কৰিব পাৰে।
যিয়ে আপোনাৰ চুলিক গুৰিৰ পৰা শক্তিশালী কৰাৰ লগতে চুলিকোচা গুৰিৰ পৰা ঘন কৰিব।
জানোঁ আহক আমি কেনেকৈ চুলিৰ যত্ন লব পাৰো।
কলঃ আমাৰ স্বাস্থ্যৰ কাৰণে যথেষ্ট উপকাৰী ৷
সেয়া সকলোৰে জ্ঞাত ৷
কিন্তু কল আমাৰ চুলিৰ কাৰণেও অত্যন্ত উপকাৰী ৷
আপোনাৰ চুলি অনুসৰি এটা বা দুটা কল লৈ প্ৰথমতে ফেটি লওঁক ৷
ইয়াত অলপ মৌ অথবা নেমুৰ ৰস মিহলাই পেষ্ট কৰি লওঁক ৷
আৰু চুলিৰ গুৰিৰ পৰা আগলৈকে লগাওঁক ৷
যি সকল যুৱতী, মহিলাৰ চুলি শুকান তেওঁলোকেও চুলিত লগাব পাৰে ৷
এনেকৈ লগোৱাৰ পিছত যেতিয়া শুকাব তেতিয়া চুলি খিনি উন্নত মানদণ্ডৰ চেম্পুৰে ধুই পেলাওক।
মেথীঃ আমি দালি অথবা ভাজিত দিবলৈ ব্যৱহাৰ কৰোঁ।
কিন্তু মেথী খোৱাৰ উপৰিও চুলি সৰা হ্ৰাস কৰাটো যথেষ্ট গুৰুত্ব পূৰ্ণ ভূমিকা লয়।
মেথিক ৰাতিটো পানীত তিয়াই ৰাখিব লাগে।
পুৱা ইয়াক পেষ্ট বনাই চুলিত লগাব লাগে৷
অতি কমেও প্ৰায় আধা ঘন্টা চুলিত লগাই ৰাখি ইয়াৰ পিচত ঠাণ্ডা পানীৰে ধুই দিব লাগে।
আৰু মেথি গুটি লগোৱাৰ ফলত আপুনি লাভ কৰিব একোচা ঘন চিকমিকাই থকা চুলি ৷
বেচন, দৈ আৰু মৌঃ আপোনাৰ চুলি অনুযায়ী বেচন, দৈ আৰু মৌ পেষ্ট কৰি চুলিত লগাব পাৰে।
এক ঘন্টা সময় ৰাখি পুনৰ চেম্পুৰে ধুই পেলাওঁক ৷
আমৰ সকলোৰে এটি প্ৰধান সমস্যা উফিঃ
উফিৰ পৰা পৰিত্ৰাণ পাবলৈ আমি বিভিন্ন ধৰণৰ চেম্পু ব্যৱহাৰ কৰোঁ।
কিন্তু ফলাফলহে ইমান লাভ নকৰো।
কিন্তু আপুনি উফিৰ পৰা পৰিত্ৰাণ পাবলৈ দৈ,ভিনেগাৰ আৰু মৌ মিহলাই লগাব পাৰে ।
দৈ ত থকা লেক্টিক এচিডে আমাৰ উফি আঁতৰাই চুলিক শক্তিশালী কৰে।
ষ্ট’বেৰীঃ চুলিৰ কাৰণে ষ্ট’বেৰীও যথেষ্ট উপযোগী।
ষ্ট’বেৰী তৈলাক্ত চুলিৰ কাৰণে অত্যন্ত উপযোগী ৷
যিয়ে চুলিৰ পৰা ওলোৱা অতিৰিক্ত তেলক নিয়ন্ত্ৰণ কৰে৷
নৰসিংহঃ পাত চুলিৰ বাবে এক মহৌষধ।
নৰসিংহৰ পাত পিহি লগালে চুলি পকা আৰু চুলি সৰা সমস্যাৰ পৰা হাত হাৰিব পাৰি।
লগতে এই নিয়ম চুলিত ওকণি হোৱাৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিলে ভাল।
এতিয়া আহোঁ কি কি চুলি কাৰণত চুলি পকে।
পাৰিপাৰ্শ্বিকৰ প্রভাৱঃ
যেনে ধূলি, ধোঁৱা, উৎকট গৰম, ৰেদিয়েছন, প্ৰদূষণ।
কেতিয়াবা বাইক বেছিকৈ চলোৱা লোকৰো চুলি পকা দেখা যায় যিহেতু চুলিত ধূলি, বতাহ বেছিকৈ লাগি ক্ষতিসাধন হয়।
Smoking বা চিগাৰেট সেৱন কৰিলেও আমাৰ চুলিৰ ক্ষতিসাধন কৰে।
ই চুলিৰ গুৰিত তেজ চলাচলত বাধা প্ৰদান কৰে যাৰ ফলত চুলি পকিব পাৰে।
চুলি পকাৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে ষ্ট্ৰেছ আৰু টোপনি ক্ষতি।
ষ্ট্ৰেছৰ বাবে ফ্ৰী ৰেদিকেলৰ সৃষ্টি হয় যিয়ে চুলিৰ ক্ষতিসাধন কৰে।
ষ্ট্ৰেছৰ বাবে হৰমনৰ খেলিমেলিও হয়।
আমি কেতিয়াবা কওঁ যে ‘চিন্তাত চুলি পকিছে‘ কথাষাৰ মিছা নহয়।
তেনেকৈ টোপনি কম হলেও চুলি পকিব পাৰে।
আপুনি যদি ভালকৈ নোশুৱে তেন্তে ই চুলিত ক্ষতিসাধন কৰিব পাৰে, বা চুলি সৰিব বা পকিব পাৰে।
পিয়াঁজঃ সুন্দৰ আৰু শক্তিশালী চুলিৰ বাবে পিয়াঁজৰ প্ৰয়োগ ঘৰুৱা সহজ উপায়।
পিয়াঁজত প্ৰচুৰ পৰিমাণে ছালফাৰ পোৱা যায়।
পিঁয়াজে কোষ সমূহত কোলাজেন সৃষ্টি কৰি চুলি গজাত সহায় কৰে।
প্রথমতে পিয়াঁজ এটা পিচি তাৰ ৰস উলিয়াই লব।
সেই ৰস চুলিৰ গুৰিৰ পৰা আগলৈ ভালদৰে লগাব।
তাৰ পিছত প্রায় 10-15 মিনিটমানৰ ভিতৰত কোমল চেম্পুৰে ধুব লাগে।
এইদৰে সপ্তাহত এবাৰ বা দুবাৰ কৰিব আৰু কম দিনৰ ভিতৰতে পৰিবর্তন লক্ষ্য কৰিব।
দেখিব আপোনাৰ চুলি ঘন, মিহি আৰু চিকচিকিয়া হৈ পৰিছে।
পুষ্টিহীনতাঃ চুলিৰ বাবে আটাইতকৈ প্ৰয়োজনীয় উপাদান হৈছে প্ৰটিন।
দৈনিক ১গ্ৰাম/কেজি শৰীৰৰ ওজন হিচাবে আমাক প্ৰটিন লাগে শৰীৰটো ভালকৈ এক্তিভ হৈ থাকিবৰ বাবে।
কোনোবাই যদি তাতকৈ বেছি বিচাৰে তেন্তে আৰু অধিক প্ৰটিন প্ৰয়োজন হয়।
তিনি চাৰিমাহ মান যদি আপোনাৰ শৰীৰত প্ৰটিনৰ অভাৱ হৈছে তেন্তে তাৰ প্ৰভাৱ চুলিতেই প্ৰথম পৰে।
শৰীৰত প্ৰটিন কমি গ’লে শৰীৰে চুলিত প্ৰটিনৰ যোগান কম কৰি দিয়ে।
গতিকে প্ৰটিন কমিলেও এই সমস্যা আহিব পাৰে।
কিছুমান ব্যক্তিয়ে ডায়েটিং কৰাৰ ফলত ভালকৈ যদি প্ৰটিনযুক্ত আহাৰ নাখায় তেতিয়া প্ৰটিন কমি গৈ চুলি সৰা, চুলি পকা আদি সমস্যা আহিব পাৰে।
এনে চুলিৰ বাবে প্ৰয়োজনীয় আন কিছুমান খনিজ উপাদান হৈছে জিংক, আইৰণ, কপাৰ, কেলচিয়াম আৰু কেইবিধমান ভিটামিন যেনে ভিটামিন B12, ভিটামিন D, ভিটামিন E আদি।
আমলখিঃ আমাৰ চুলিৰ বাবে যথেষ্ট পুষ্টি যোগান ধৰিব পাৰে।
কিয়নো আমলখি নানা প্রকাৰৰ পুষ্টিকৰ উপদানেৰে সমৃদ্ধ।
আমলখিত প্ৰচুৰ পৰিমাণে থকা তত্ববিধ হৈছে ভিটামিন-চি।
চি ভিটামিনে চুলি গজা আৰু দীঘল হোৱাত সহায় কৰে।
তাৰোপৰি আমলখিয়ে চুলি ক’লা কৰাটো সহায় কৰে।
আমলখিৰ ৰস আৰু নেমু ৰস ৰ লগত মিহলাই চুলি আৰু চুলিৰ গুৰিত লগাব লাগে।
তাৰপিছত চুলিখিনি শুকাবলৈ দিব লাগে।
শুকোৱাৰ পিছত কুহুমীয়া গৰম পানীৰে চুলিখিনি ধুই পেলাব লাগে।
এইদৰে কিছুদিন কৰাৰ পাছত দেখিব আপোনাৰ চুলি ঘন দীঘল লহপহীয়া হৈ পৰিছে।
কিছুমানৰ খুব কম বয়সতে চুলি সৰা দেখা যায়।
তেতিয়া তুলসী তেল লগাব পাৰে।
তুলসী তেল লগালে চুলি সৰা বন্ধ হয়।
চুলিৰ গুৰি মজবুত হয়।
এনেধৰনৰ ঘৰুৱা উপায়বোৰ দৈনন্দিন ব্যৱহাৰ কৰিব নোৱাৰিলেও সপ্তাহত দুই তিন দিন লগালেও আমি সুফল পাম।
R News India 24