সাহিত্যিক, বুৰঞ্জীবিদ, গ্ৰন্থকাৰ, শিক্ষাবিদ, অসম সাহিত্য সভাৰ সম্পাদক ড° লীলা গগৈ দেৱৰ জীৱন যাত্ৰাঃ

Spread the love

ড° লীলা গগৈঃ

এজন বিশিষ্ট সাহিত্যিক, বুৰঞ্জীবিদ, গ্ৰন্থকাৰ, শিক্ষাবিদ, অসম সাহিত্য সভাৰ সম্পাদক, উপ-সভাপতি, কাৰ্যনিৰ্বাহকৰ সদস্য, অসম প্ৰকাশন পৰিষদৰ সদস্য, সৰ্বভাৰতীয় পাঠ্যপুথি প্ৰণয়ন আৰু কাৰ্যকৰী সমিতিৰ সদস্য, সৰ্বভাৰতীয় পৰিভাষা প্ৰণয়ন সমিতিৰ সদস্য, অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ সঞ্চালক, অসম সাহিত্য সভাৰ মৰিগাঁও বাৰ্ষিক অধিবেশনৰ সভাপতি,
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট সন্মান প্ৰাপ্ত, সীতানাথ ব্ৰহ্মচৌধুৰী বঁটা প্ৰাপ্ত, শিৱসাগৰ টাউন উচ্চ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক, গড়গাওঁ মহাবিদ্যালয় আৰু শিৱসাগৰ মহাবিদ্যালয়ৰ প্ৰবক্তা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল।

১৯৩০ চনৰ ২৫ নবেম্বৰ তাৰিখে শিৱসাগৰৰ হাতীমূৰীয়া গাঁৱৰ চেৰেকাপাৰাত ড॰ লীলা গগৈৰ জন্ম হয়

ড॰ লীলা গগৈৰ পিতৃৰ নাম ধনীৰাম গগৈ আৰু মাতৃৰ নাম কমলা গগৈ

তেওঁ ১৯৬৫ চনত চন্দ্ৰপ্ৰভা বুঢ়াগোহাঁই ৰ লগত বিবাহ পাশত আবদ্ধ হয়।

তেওঁ দুগৰাকী কন্যা- জুৰি গগৈ আৰু লনি গগৈ

১৯৩৫ চনত চেৰেকাপাৰ প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰম্ভ কৰে।

১৯৪৩ চনত শিৱসাগৰ চৰকাৰী মজলীয়া বিদ্যালয় ৰ পৰা উচ্চ গণিত আৰু উচ্চ অসমীয়া সহ প্ৰথম বিভাগত উত্তীৰ্ণ হয়।

ইয়াৰ পাছত শিৱসাগৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয় ত নাম ভৰ্তি কৰে আৰু ১৯৫০ চনত সংস্কৃত বিষয়ত লেটাৰসহ প্ৰৱেশিকা পৰীক্ষা ত প্ৰথম বিভাগত উৰ্ত্তীন হয়।

১৯৫৩ চনত গুৱাহাটী বিশ্ববিদ্যালয় ৰ পৰা আই এ, ১৯৫৮ চনত সম্পূৰ্ণ প্ৰাইভেট শিক্ষক পৰীক্ষাৰ্থী হিচাপে স্নাতক আৰু ১৯৬২ চনত সম্পূৰ্ণ প্ৰাইভেট শিক্ষক পৰীক্ষাৰ্থী হিচাপে অসমীয়া সাহিত্য বিষয়ত স্নাতকোত্তৰ সন্মান লাভ কৰে।

১৯৮২ চনত অসমীয়া বুৰঞ্জী সাহিত্য সমালোচনাত্মক অধ্যয়ন বিষয়ৰ গৱেষণাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰ পৰা ডক্টৰেট সন্মান লাভ কৰে।

ড॰ লীলা গগৈয়ে ১৯৫১ চনত শিৱসাগৰ টাউন উচ্চ মাধ্যমিক বিদ্যালয় ত সহকাৰী শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল।

তাৰ পাছত অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, আকাশবাণী গুৱাহাটী কাৰ্যনিবাহ কৰিছিল।

পাছলৈ তেওঁ গড়গাঁও মহাবিদ্যালয়, শিৱসাগৰ মহাবিদ্যালয় ত প্ৰবক্তা হিচাপেও আছিল, ডিব্ৰুগড় বিশ্ববিদ্যালয়তো অধ্যাপক হিচাপে কাম কৰিছিল।

অৱশেষত সুখ্যাতিৰে ১৯৯০ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয় পৰা অৱসৰ গ্ৰহণ কৰে।

তেওঁ ১৯৯১-৯৩ এই সময়চোৱাত অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ পূৰ্ণকালীন সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

সীতানাথ ব্ৰহ্মচৌধুৰী বঁটা লাভ কৰে।

মিচিং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনি
মিচিং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

১৯৬৩ চনত সাহিত্য-কৰ্মৰ পুৰস্কাৰ নগদ ৫০০ টকা আৰু
১৯৬৫ চনত UNESCO ৰ পৰা সীমান্তৰ মাটি আৰু মানুহ গ্ৰন্থৰ বাবে পুৰস্কাৰ নগদ ১১০০ টকা লাভ কৰে।

তেওঁ সাহিত্যৰাজী সমূহ হ’লঃ

ৰচনাৱলীঃ

খঁৰা শিয়ালৰ বিয়া (শিশু কবিতা), বুৰঞ্জীয়ে পৰশা নগৰ, হেৰোৱা দিনৰ কথা, শৰাইঘাটৰ যুদ্ধৰ কথা, বেলি মাৰ গল, বুৰঞ্জী সাহিত্য, বুৰঞ্জীয়ে কথা কয়, বুৰঞ্জীৰ ৰূপৰেখাঃ শিৱসাগৰ, আহোম জাতি আৰু অসমীয়া সংস্কৃতি, বিহু এটি সমীক্ষা, টাই সংস্কৃতিৰ ৰূপৰেখা, সাহিত্য সংস্কৃতিৰ বুৰঞ্জী, অসমৰ সংস্কৃতি, অসমীয়া লোকগীত, মণিৰাম দেৱানৰ গীত, জোনবাই এ এটি তৰা দিয়া, অসমীয়া লোক সাহিত্যৰ ৰূপৰেখা, বিহুগীত আৰু বনঘোষা, কপলিং চিগা ৰেল, বিয়েৰিং চিঠি, বৃকোদৰ বৰুৱাৰ বিয়া, বিশেষ কি লিখিম, ঘেৰঘেৰী বাছ, নীলা চিঠি, হাঁহি আৰু বাঁহী, গীত মালঞ্চ, সোণতৰা, পোনাকণৰ সপোন, অনুপম কোঁৱৰৰ সাধু, লাচিত বৰফুকন, ৰংমনৰ কথা, জয়মতী কুঁৱৰী আৰু মূলা গাভৰু, ভাৰতৰ কথা, সৰগৰ মুকুতা, ডকাইত কোন, নীলা খামৰ চিঠি, নৈ বৈ যায়, সাহিত্যঃদুটিমান আলোচনা, চিন্তাৰ স্বাক্ষৰ, অসমীয়া সংস্কৃতি,অসমীয়া গ্ৰন্থপঞ্জী, যতীন্দ্ৰ নাথ দুৱৰাঃকবি আৰু কবি প্ৰতিভা, আধুনিক অসমীয়া সাহিত্যৰ পৰিচয়, কুমাৰ হৰণ, চোৰ ধৰা, অশ্বকৰ্ণ বধ, বঙ্গৰ লোক সংস্কৃতি, সীমান্তৰ মাটি আৰু মানুহ, বিহু-এটি সমীক্ষা।

ইংৰাজী সংকলনঃ The Tai Khamtis of North East India, The Buranjiss:Historical Literature of Assam, The History of the System of Ahom Administration.
তেখেতৰ সাহিত্যৰাজী সমূহ সদায় চিৰস্মৰণীয় হৈ থাকিব।

১৯৯৪ চনৰ ২৩ জুলাই তাৰিখে ৬৩ বছৰ বয়সত মৃত্যু হয়।

তেখেতৰ মৃত্যুবাৰ্ষিকীত গভীৰ শ্ৰদ্ধাঞ্জলী জনাইছোঁ।

 

সংগীতা দত্তৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *